Posts

Showing posts from August 30, 2017

"অসমীয়া জাতিৰ সমূহীয়া মুক্তি সংগ্ৰামক অসমৰ বিশেষ জনগোষ্ঠীসমূহৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামবোৰে ক্ষতি কৰিব নেকি?"

Image
ভুবন বড়ো, শিৱসাগৰ প্ৰথম, অসমীয়া এটা প্ৰতিষ্ঠানহে, জাতি নহ'য় ৷     প্ৰথম কথাটো হ'ল অসমীয়া জাতি হিচাপে অসমত আজিও এক নিদিষ্ট একক জাতি সত্তা নাই ৷ যদি সত্তা হিচাপে আছে তেন্তে ই এক প্ৰতিষ্ঠানিক জাতি হিচাপেহে জীয়াই আছে ৷ এনে প্ৰতিষ্ঠানিক অসমীয়াই জাতি জাতি কৈ আজি অসমৰ অস্তিত্বই বিপদাপন্ন কৰি তুলিছে ৷ অসমত থকা সৰল-সহজ ভুমিপুত্ৰ জনজাতিসকলে আজি নিজৰ ক্ষুদ্ৰত্ব জন-জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ যাওতে সৰ্বপ্ৰথম এই প্ৰতিষ্ঠানিক অসমীয়াৰ পৰাই এক বৃহৎ বাধা আৰু ভাবুকিৰ সন্মুখীন হৈছে ৷ ভুমিপুত্ৰ জনজাতিয়ে আজি এই প্ৰতিষ্ঠানিক অসমীয়াৰ পৰা নিজ ভুমিতে উচ্ছেদিত হৈ আহিব লগা ভয়ংকৰ পৰিস্হিতিৰ সন্মুখিন হৈ আহিছে ৷ ভুমিপুত্ৰ ভিতৰত বিশেষকৈ বড়ো, মিছিং, ৰাভা, কাৰ্বি আৰু ডিমাচা সকল বেছিকৈ প্ৰতিষ্ঠানিক অসমীয়াৰ হাতত নিধন হ'ব লগা হৈছে ৷ সেয়ে অসমত প্ৰতিষ্ঠানিক অসমীয়াৰ শাসন-শোষণ হাতোৰাৰ পৰা মুক্ত হ'বলৈ অসমৰ ভৈয়াম ভুমিপুত্ৰ জনজাতিয়ে নিজৰ নিজৰ বিপন্ন সংকটৰ মুকাবিলা কৰিবলৈ হাতত মৰণাস্ত্ৰ তুলি ল'ব লগা হৈছে ৷ এক স্বাধীচেতীয়া তথা পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্হাৰে লালিত-পালিত ভুমিপুত্ৰ জনজাতিয়ে নিজৰ ভা...