Posts

Showing posts from December 18, 2017

অসমৰ পৰিবহনঃ কৰ্কট আক্ৰান্ত নে ল'ৰা ধেমালি

Image
আমেৰিকা বা ইউৰোপ যোৱাৰ প্ৰয়োজন নাই ৷ দক্ষিণ ভাৰত ভ্ৰমণ কৰা প্ৰতিজন লোকে তামিলনাডু, গোৱা, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰেলাৰ চৰকাৰী বাছসমূহৰ উন্নত মানদণ্ডৰ বিষয়ে অৱগত ৷ যদি আপুনি ভাৰতৰ যিকোনো লোককে দক্ষিণ ভাৰতৰ বাছ সেৱাৰ বিষয়ে সোধে তেন্তে প্ৰত্যেকজনেই তপৰাই ক'ব যে "চলিদ ট্ৰাঞ্চপৰ্ট" ৷ নকলেওঁ হ'য় যে দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনত জনতাৰ যাতায়ত আৰাম আৰু সুচলদায়ক কৰি তুলিবলৈ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানে জী-জান লগাই দিছে ৷ ৰাজ্যকেইখনৰ যিকোনো ঠাইলৈ বাছৰে ভ্ৰমণ কৰিলে ভ্ৰমণকাৰীৰ পৰা বাছ সেৱাৰ মানদণ্ডৰ ওপৰত কোনো অভিযোগ পোৱা নাযাব ৷ ইয়াৰ অন্তৰালত আছে ৰাজ্য চৰকাৰৰ সু-পৰিকল্পনা পৰিবহন ব্যৱস্হাৰ লগতে শৃংখলিত পৰিচালন ব্যৱস্হা ৷ তেওঁলোকৰ শৃংখলিত পৰিৱহন ব্যৱস্হাই প্ৰতিজন যাত্ৰীৰ সময় আৰু অৰ্থ খৰচত নিয়ন্ত্ৰিত স্হিতি বাহাল ৰখাৰ লগতে পৰিৱেশ প্ৰদুষণ প্ৰতিৰোধ কৰি ৰখাত আত্যাধিক গুৰুত্ব দি আহিছে ৷ তেওঁলোকে বাছসেৱাত লোৱা এনেবোৰ পদক্ষেপে পৰিবহন ব্যৱস্হাত যাতায়ত সেৱাৰ মানদণ্ড যথেষ্ট উন্নত কৰি তুলিছে ৷ অকল ৰাজ্য চৰকাৰৰ তৰফৰ পৰাই কেৱল পৰিবহন খণ্ডৰ যাতায়ত ব্যৱস্হাক শৃংখলিত তথা সু-পৰিকল্পনাৰে পৰিচাল...

পৃথক বড়োলেণ্ডঃ বড়ো কৃষক সাজু হওঁক

Image
    প্ৰকৃতিৰ পৰা আহৰণ কৰা খাদ্যৰ বিকল্প বিজ্ঞানে দিব নোৱাৰে ৷ সেয়ে আমি আমাৰ জীৱনৰ দৈনিন্দন প্ৰয়োজন হোৱা আহাৰসমূহ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ বা আহৰণ কৰি আহিব লাগিব ৷ এই নিৰ্ভৰ ধাৰা যুগ যুগলৈ চলি থাকিব ৷ প্ৰকৃতিৰ পৰা উৎপন্ন আহাৰৰ আকাৰ বা সোৱাদ বিজ্ঞানে অৱশ্যেই সলাব পাৰিব কিন্তু বিজ্ঞানে স্বয়ং জীৱ-জন্তুৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে ৷ বিজ্ঞানৰ দুৰ্বলা তাতেই ৷ মানুহ জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা আহাৰ প্ৰকৃতিৰ বুকুত অনেক লুকাই আছে ৷ মানুহে ইয়াত কেৱল শ্ৰম প্ৰয়োগ কৰিলেই হ'ল ৷ প্ৰকৃতিয়ে নিজৰ বুকু উজাৰী ফচল দিবলৈ সদা প্ৰস্তুত ৷ কিন্তু যেতিয়ালৈকে প্ৰকৃতিৰ বুকু উদং কৰি মানুহে কৃত্ৰিম আহাৰ অৰ্থাৎ বিজ্ঞানে প্ৰকৃতিৰ অবিহনে প্ৰস্তুত কৰা আহাৰ বিচাৰিব তেতিয়াই মানুহৰ নিজৰ অস্তিত্ব ধ্বংসৰ দুৱাৰখন আপোনা আপুনি খুলি যাব ৷    আহাৰো ৰাজনীতি ৷ আহাৰ অবিহনে আপুনি আপোনাৰ অস্তিত্বৰ কথা ভাৱিব নোৱাৰে ৷ আহাৰক লৈয়ে দেশে দেশে মানুহ ইঠাইৰ পৰা সিঠাইলৈ প্ৰৱজিত হৈ আছে ৷ আহাৰৰ বাবেই দেশ সৃষ্টি হৈছে, দেশ ধ্বংস হৈছে ৷ আহাৰৰ বাবেই মানুহে যুদ্ধত লিপ্ত হৈছে ৷ আহাৰৰ বাবেই মানুহে মানুহক ধ্বংস কৰিছে ৷ আহাৰেই স...

জাতীয় অৰ্থনীতিঃ নিৰ্ভৰশীলতা আৰু সুৰক্ষা

Image
আ ধুনিক বিশ্বৰ বজাৰৰ অৰ্থনীতিয় ৰেহ-ৰূপ আমি ফেচবুকত নাপাও ৷ অৰ্থাৎ অসমৰ সাধাৰণ লোকৰ লগতে বিদ্বত সমাজৰ মাজতো অৰ্থনীতি, ব্যৱসায় সম্পৰ্কীয় নীতি নিয়মৰ ক্ষেত্ৰত থকা পৰ্যাপ্ত জ্ঞান শূন্য ৷ থাকিবই ক'ত ? অৰ্থনীতিত ৰাজনীতিৰ দৰে কূতনীতিৰ খেলা-ধূলা নাই ৷ আছে কায়িক নীতি আৰু নিয়ম ৷ বাণিজ্যত কূতনীতি নচলে ৷ বাণিজ্যৰ কাৰণে সদায়ে গ্ৰাহকৰ ওপৰত কৌশলী দৃষ্টিভংগী প্ৰয়োগ কৰিব লগা হ'য়৷ সমাগ্ৰী মানুহৰ প্ৰয়োজন আৰু চাহিদাৰ ওপৰত নিৰ্ভৰশীল৷ তদুপৰি বহু ক্ষেত্ৰত বস্তু মানুহৰ পছন্দৰ ওপৰটো প্ৰয়োজন ৷ বৃটিছ গ'ল৷ বহু আধুনিক আহিলা থাকি গ'ল ৷ কিন্তু যোৱা এশ বছৰৰ ভিতৰত অসমৰ দৰে চাহিদা আৰু আৰু প্ৰয়োজন থকা বিশাল ক্ষেত্ৰখনত নিজৰ প্ৰয়োজন আৰু চাহিদাক পূৰণ কৰিব পৰা ক্ষমতাৰ আধুনিক কাৰিকৰি উদ্ভাৱনী শক্তিধৰৰ জন্ম নহ'ল৷ কিয় নহ'ল তাৰ বিচাৰ আজিও হোৱা নাই ৷ অনাগত দিনতো হ'য়তো নহ'ব ৷ প্ৰয়োজন আৰু চাহিদা আহৰণ কৰা ক্ষেত্ৰখন হ'ল বজাৰ ৷ ই অৰ্থনীতিৰ স্বৰ্গস্হল ৷ এই স্বৰ্গস্হলত থাকে দেৱতা সকল ৷ এই দেৱতাসকলেই সংসাৰৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে ৷ সেই গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাসকলেই হ'ল...