ভোটাধিকাৰৰ ক্ষেত্ৰত সজাগ হওঁক জনজাতিঃ
ভোটাধিকাৰ --- গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে পোৱা এটা সাংবিধানিক অধিকাৰ । নাগৰিকৰ ভোটাধিকাৰ সাব্যস্তকৰণৰ ওপৰতে বহুখিনি নিৰ্ভৰশীল একোটা অঞ্চল , একোখন দেশৰ ভৱিষ্যৎ । আমাৰ দেশত বিশেষভাৱে অসমৰ ক্ষেত্ৰত যদি চাওঁ দেখা যায় যে অসমৰ অধিকাংশ লোক ভোটাধিকাৰ বিষয়টোক লৈ সচেতন নহয়। যদিওবা ভোটাধিকাৰ সাব্যস্তকৰণ এটা অতি স্পৰ্শকাতৰ বিষয় ; অসমৰ অধিকাংশ লোক (শিক্ষিত - অশিক্ষিত উভয়েই) ৰ দৃষ্টিত এই বিষয়টো গুৰুত্বহীন। ভোটাধিকাৰ সাব্যস্তকৰণৰ ক্ষেত্ৰত আকৌ বিশেষভাৱে পিছপৰা অসমৰ জনজাতীয় মানুহখিনি । অসমৰ অধিকাংশ জনজাতীয় মানুহ অৰ্থনৈতিকভাৱে , আনুস্থানিক শিক্ষাগতভাৱে অনগ্ৰসৰ। তেনে পৰিপ্ৰেক্ষিতত ভোটপ্ৰদান সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ , বিশ্লেষণ কৰিবলৈ তেওঁলোকৰ সময় , সদিচ্ছা দুয়োটাৰে অভাৱ হয়। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰি জীয়াই থকাৰ সংগ্ৰাম খনতে তেওঁলোক নিমগ্ন । এই অশিক্ষিত , অৰ্ধশিক্ষিত মানুহখিনি ৰাজনৈতিক নিৰ্বাচনক লৈ বিশেষ গভীৰভাৱে চিন্তা কৰিব পৰা অৱস্থাত নাথাকে। বৌদ্ধিকতা ,ৰাজনৈতিক আদৰ্শ ,সমসাময়িক ৰাজনৈতিক বাতাবৰণ আদি বিষয়ত বিশ...