Posts

Showing posts from November 28, 2017

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

Image
ব্যক্তিগত ভাৱে মই বড়োসকলৰ পৃথক ৰাজ্য "বড়োলেণ্ড" দাবীৰ ঘোৰ অন্ধ সমৰ্থক ৷ পৃথক বড়োলেণ্ড ৰাজ্য সমৰ্থন কৰাৰ বাবে মোৰ ওচৰত যুক্তি আৰু অন্ধত্ব দুয়োটাই মজুত আছে ৷ কথা হ'ল -- পৃথক বড়োৰাজ্য বিচাৰি ধন ভাঙি দিল্লীৰ ভৰিৰ তললৈ  ঢাপলি মেলিব লগা হৈছে কিয় ? দিল্লীত ৰাজ্য বিচাৰিব যাওতে প্ৰতিজন প্ৰতিবাদকাৰীৰ যাতায়ত খৰচৰ বাবদ প্ৰায় ২০০০ হাজাৰ টকা খৰচ হৈছে ৷ এইটো কেৱল আহা-যোৱাৰ খৰচ ৷ বাকী খোৱা-বোৱা খৰচ আছেই ৷ সময়ত ট্ৰেইন নাপালে হোটেলৰ খৰচ আছেই ৷ এনে আন্দোলন এবাৰেই কৰা হৈছে নে?  নাই হোৱা ৷ বৰঞ্চ পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰতিবাদী ধাৰাটো "দিল্লীমুখী প্ৰৱণতা" কৰা হৈছে যেন অনুমান হ'য় ৷ আন্দোলনৰ প্ৰতিবাদী ধাৰাৰ এনে প্ৰৱণতাই বৃহৎ আন্দোলনটোক জনমুখী হোৱাত সহায় নকৰে ৷ এই দিল্লীমুখী প্ৰৱণতাই বড়োসকলৰ আৰ্থিক শক্তিক ভাঙি দিয়াৰ আশংকা নুই কৰিব নোৱাৰি ৷ এটা কথা মনত ৰখা প্ৰয়োজন যে এই দেশৰ প্ৰতি আমাৰ যিমান আন্তৰিকা আছে তাৰ বিপৰীতে দিল্লীৰ শাসকৰ দৃষ্টি আৰু অন্তৰত তেনে আন্তৰিকতা তিলমানো নাই ৷ কেৱল অসমেই নহ'য় ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ এনে দৃষ্টিভংগী থকাটো কোনো আচৰিত কথা ...