প্ৰযুক্তি শিক্ষাঃ নিজক হত্যা কৰা শীতল পৰিকল্পনা

বজাৰত শাক-পাছলিৰ দাম জুইৰ দৰে ৷ সুধি চাব পাৰি স্পৰ্শ কৰিব নোৱাৰি ৷ প্ৰতি কিলো কেচা শাকৰ দাম ৪০(চল্লিশ) টকাৰ উৰ্দ্ধত ৷ চল্লিশৰ পৰা আৰম্ভনীহে ৷ তদুপৰি বজাৰত ঔটেঙাৰ বাহিৰে সকলো শাক-পাছলি কৃত্ৰিম প্ৰক্ৰিয়াৰে উৎপাদনকৃত ৷ ব্যাপক হাৰত কৃটনাশক ঔষধ প্ৰয়োগ কৰা হৈছে আজিৰ সেউজীয়া শাক-পাচলিত ৷ ই চিন্তাৰ বিষয় ৷ মানুহৰ দৈনিন্দন আহাৰ যোগান সুনিশ্চিত আৰু সুৰক্ষিত কৰিবলৈ মানুহে সহায় লোৱা ৰাসায়নিক পদাৰ্থই জটিল সমস্যা কঢ়িয়াছে ৷ পোক পৰুৱাৰ পৰা শাকনিবাৰী সুৰক্ষা দিবলৈ নতুন নতুন ঔষধ প্ৰয়োগৰ ফলত শাক-পাছলিৰ স্বাভাৱিক গুনাগুন তথা প্ৰাকৃতিক কোনো সোৱাদ আৰু গুণাগুণৰ অৱশিষ্ট নাথাকেগৈ ৷ ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা সেউজীয়া শাক-পাছলি খোৱাৰ পাছত মানুহৰ শৰীৰ অভ্যান্তৰত যথেষ্ট খেলি মেলি বা বিৰুপ প্ৰভাৱ পৰে ৷ মানুহৰ শৰীৰটো লাহে লাহে বিষযুক্ত হৈ পৰে ৷ ফলত মানুহে নজনাকৈ বয়সৰ বিপৰীতে নিজক হেৰুৱাই ৷ মানুহে শাক-পাছলিক সুৰক্ষা দিবলৈ যাওতে নিজৰেই নিৰাপত্তা হেৰুৱাই পেলাইছে ৷ সেযে আমি আমাৰ গড় আয়ুস ৫০-৬০ ৰ ভিতৰত নিৰ্ণয় কৰি লৈছো ৷ প্ৰযুক্তিবিদ্যা আপোনাৰ চোতাল হাজিৰ ৷ মানুহৰ নিজৰ আৱিষ্কাৰৰ চমৎকাৰত ভাৱি নোৱ...