জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

ইতিহাসৰ কথালৈ নাযাও ৷ বৰ্তমান পৰিস্হিতিত অসমৰ জাতীয়তাবীদী শিৱিৰ বহুধা বিভক্ত ৷ ৰাজ্যখনৰ ছাত্ৰ,প্ৰাক্তন ছাত্ৰৰ কিছুমানৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বাৰ্থত জাতীয়তাবাদী শিৱিৰৰ কাৰখানা ক্ৰমান্বয়ে গঢ় লৈ উঠোতে উঠোতে সমস্যাবহুল অসমৰ সমস্যা আৰু অধিক অগ্নিগৰ্ভা হোৱাত জাতীয়তাবাদী শিৱিৰে এক সহায়কৰ ভুমিকা গ্ৰহণ কৰিছে ৷ বিভিন্ন নামেৰে জনাজাত জাতীয়তাবাদী শিৱিৰৰ প্ৰয়বোৰ সংগঠনে ৰাজ্যখনৰৰ একেবাৰে টুলুঙা কিছুমান বিষয়ক এটা আৱেগিক ইচ্ছুৰে অসম অৰু অসমীয়াক সাঙুৰি পেলোৱাৰ পৰিৱেশ গঢ় লৈ উঠিছে ৷ এনে জাতীয়তাবাদী শিৱিৰৰ বহু সংগঠনে কথাই প্ৰতি তেওঁলোকৰ প্ৰভুত্ব, কথাই প্ৰতি অনা-অসমীয়া, বহিৰাগত আদি শব্দৰে ৰাজ্যখনৰ বিকাশ, প্ৰগতি আৰু সমন্বয়ৰ পৰিৱেশটো প্ৰহেলিকা তথা জটিল কৰি পেলাইছে ৷ আপাতত এনে শিৱিৰৰ সংগঠন সমূহে অসমৰ জাতীয় সমস্যাৰ প্ৰতি সজাগ আৰু সৰৱ বুলি জনতাক দেখুৱালেও কাৰ্যত তেনে প্ৰতিছৱি দেখা পোৱা নাযায় ৷ সেই বাবে অসমৰ জাতীয়তাবাদী শিৱিৰৰ বহু নেতাই যেতিয়া জাতীয়তাবাদী শিৱিৰ ত্যাগ কৰি ৰাজনীতিৰ পথাৰত খোজ পেলায় তেতিয়া তেনে নেতাই পূৰ্ৱে দেখুৱা নীতি আৰু আদৰ্শ ধোৱাচাঙত উঠে ৷ অসমৰ জাতীয়তাবাদী শিৱি...