Posts

Showing posts with the label by Bhuban Bodo

সামাজিক মাধ্যম vs পাব্লিক অপিনিয়নঃ

Image
নিৰ্বাচিত নেতাৰ ই-সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ হওঁক ৷ বন্ধ হওঁক প্ৰশাসনৰ উচ্চ বিষয়াবৰ্গৰ সামাজিক মাধ্যমৰ একাউন্টসমূহ ৷ সামাজিক মাধ্যম ফে'চবুক, টুইটাৰ, অৰকূত, ৱাটচএপ ইত্যাদিত নিৰ্বাচিত নেতা তথা ৰাজনৈতিক নেতাই খোলা একাউন্টসমূহ দেশৰ উচ্চতম ন্যায়ালয়ে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বেন তথা নিষিদ্ধ কৰক ৷ পলিটিকেল পাৰ্টীৰ নেতা-পালিনেতা, নিৰ্বাচিত জনপ্ৰতিনিধি, আৰু প্ৰশাসনৰ বিষয়াসকলৰ ই-সামাজিক গণ মাধ্যমে দেশৰ যুৱ প্ৰজন্মৰ মাজত "ৰাজনীতি" আৰু "জনতাৰ স্বাৰ্থত সেৱা"ৰ ভূল বাৰ্তা কঢ়িয়াই নিছে ৷ যিয়ে দেশৰ গুৰুত্বপূৰ্ণ অংশত তেওঁলোকৰ ই-গণমাধ্যমৰ একাউন্টসমূহে মিছা, ভ্ৰষ্টাচাৰ, লুণ্ঠন আৰু দুৰ্নীতিৰ দৰে কাৰকক ৰাজনীতিৰ এক অবিচ্ছেদ্য অংশ বুলি পতিয়ন নিয়াত বিশেষ ভুমিকা লৈছে ৷ তেওঁলোকে নিজৰ নিজৰ ই-গণমাধ্যমৰ একাউন্টৰ জৰিয়তে ৰাজনীতি মানেই কেৱল জনসংখ্যা সংগঠিত কৰি সভাত নিজৰ মুখাবয় তথা বীৰ(নিজাদিষ্ট ব্যক্তি) পূঁজাৰ ফটো আপডেট দিয়া মাধ্যম কৰি লৈছে ৷     এখন গণতান্ত্ৰিক দেশত বৃহৎ জনসংখ্যাৰ পৰোক্ষ সমৰ্থন ন্যায়সংগতৰ বিপৰিতে তেওঁলোকে ই-গণমাধ্যমক "প্ৰত্যক্ষ গণতন্ত্ৰ" ৰূপত ব্যৱ...

আদিবাসী আৰু জনজাতিৰ ওপৰত ৰাষ্ট্ৰৰ দমনঃ

Image
   অসমৰ ৪৫ টা জনজাতি আৱেষ্টনিকৃত বেল্ট আৰু ব্ল'ক আজি অ-জনজাতিৰ দখলত ৷ তেওঁলোকে বিচাৰে জনজাতি সকল নিশ্চুপ হৈ বহি থাকক ৷ জনজাতিৰ এটা ভুল আৰু মাৰাত্মক চৰিত্ৰ যে সহজেই শত্ৰুৰ অপকাৰ পাহৰি যোৱা ৷ ভাৰতত জনজাতিৰ ওপৰত ৰাষ্ট্ৰৰ শাসক আৰু ব্ৰহ্মণ্যবাদী বৰ্ণ হিন্দুই কৰা শোষণ আৰু বঞ্চনাৰ এক দীঘলীয়া কলংকৃত ইতিহাস আছে ৷ আজিও জনজাতিৰ ওপৰত থকা তেওঁলোকৰ শোষণ আৰু বঞ্চনাৰ এটা ধাৰাবাহিক ধাৰা অৱ্যাহত আছে ৷ ভাৰত ৰাষ্ট্ৰই আদিবাসী আৰু জনজাতীয় দীৰ্ঘদিনীয়া সমস্যা সমাধান সামৰিক নীতিৰে কৰিবলৈ গৈ মানৱ উলংঘনৰ দৰে জঘন্য কাণ্ডত হাত দিবলৈ কুণ্ঠাবুধ কৰা নাই ৷ মধ্য ভাৰত়ত থকা আদিবাসীসকলে নিজৰ আত্ম-ৰক্ষা আৰু অধিকাৰৰ বাবে সৰল সহজ চৰিত্ৰ এৰি হিংস্ৰ ৰূপ লোৱাতোৱেই তাৰেই স্পষ্ট প্ৰমাণ ৷ আদিবাসীৰ এই আত্ম-সন্মানৰ সংগ্ৰামক ৰাষ্ট্ৰযন্ত্ৰই সমুলঞ্চে ধ্বংস কৰিবলৈ আদিবাসী ল'ৰা-ছোৱালিক পাইকাৰী হাৰ়ত হত্যা আৰু আদিবাসী ছোৱালীক ধৰ্ষণৰ দৰে জঘন্য কাৰ্য্য প্ৰয়োগ কৰি আহিছে ৷ যাতে আত্মচেতনাৰে উদ্বদ্ধু আদিবাসীৰ সংগ্ৰামখন তচনচ হ'য় ৷ শেষতীয়াভাৱে কিছু মাহ পূৰ্ৱে সংঘটিত ছত্তিচগড়ৰ বাস্তাৰ জিলাৰ ধৰ্ষণ কাণ্ডত ৰাষ্ট্ৰযন্ত্ৰ এশ শতাং...

অখিলঃ অখিলাস্ত্ৰ

Image
দুটা দশক ধৰি অসমৰ এজন স্বনামধন্য সদাশয় ব্যক্তিয়ে নিজৰ পেছাগত ঢঙৰে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছে সমাজৰ একেবাৰে সমস্যাবহুলৰ মাজত বসবাস কৰা সাধাৰণ জনতাক সংগঠিত কৰি ৷ তেওঁৰ পেছাগত ঢঙৰে নেতৃত্ব দিয়া প্ৰয়বোৰ আন্দোলনেই বহু ক্ষেত্ৰত অশান্তিপূৰ্ণ হৈ আহিছে ৷ হ'য় মই অখিল গগৈৰ কথা কৈছো ৷ এই কথাটো স্বাভাৱিক যে অখিলে নেতৃত্ব দিয়া সংগ্ৰামসমূহৰ জৰিয়তে অসমৰ সমস্যাবহুল সাধাৰণ মানুহখিনিয়ে নিজৰ সমাজৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ আন্দোলনে ভাৰতবৰ্ষৰ দৃষ্টি কাঢ়ি নিয়াৰ লগতে জনতাৰ সমৰ্থন আদায়ও কৰিছে ৷ চৰকাৰে কৰি অহা বৈষম্য আৰু শোষণৰ বিৰুদ্ধে অখিলে এক ধাৰাবাহিক প্ৰতিবাদী আন্দোলন নেতৃত্ব দি আহিছে ৷ কিন্তু আসমৰ সাধাৰণ মানুহখিনিৰ সমস্যাৰ সুযোগ লৈ অখিলে নিজৰ পেছাগত আন্দোলনকাৰী ধাৰাটোৰ স্বাৰ্থটোও অতি সুক্ষ্ন আৰু কৌশলৰে নিজৰ সংগ্ৰামী জনতাৰ পৰা একাষৰীয়াকৈ থৈ চম্ভালি লৈ গৈছে ৷ সেয়ে অখিলে তেওঁৰ কাষত ঠিয় হোৱা মানুহখিনিৰ আৱেগক মাজে মাজে নিজৰ স্বাৰ্থত প্ৰয়োগ তথা পৰিচালনা কৰা দেখা যায় ৷ অখিলৰ নেতৃত্বত অসমৰ সিমুৰৰ পৰা ইমুৰৰলৈকে ওলাই অহি চৰকাৰৰ বিভিন্ন কামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ...

প্ৰযুক্তি শিক্ষাঃ নিজক হত্যা কৰা শীতল পৰিকল্পনা

Image
   বজাৰত শাক-পাছলিৰ দাম জুইৰ দৰে ৷ সুধি চাব পাৰি স্পৰ্শ কৰিব নোৱাৰি ৷ প্ৰতি কিলো কেচা শাকৰ দাম ৪০(চল্লিশ) টকাৰ উৰ্দ্ধত ৷ চল্লিশৰ পৰা আৰম্ভনীহে ৷ তদুপৰি বজাৰত ঔটেঙাৰ বাহিৰে সকলো শাক-পাছলি কৃত্ৰিম প্ৰক্ৰিয়াৰে উৎপাদনকৃত ৷ ব্যাপক হাৰত কৃটনাশক ঔষধ প্ৰয়োগ কৰা হৈছে আজিৰ সেউজীয়া শাক-পাচলিত ৷ ই চিন্তাৰ বিষয় ৷ মানুহৰ দৈনিন্দন আহাৰ যোগান সুনিশ্চিত আৰু সুৰক্ষিত কৰিবলৈ মানুহে সহায় লোৱা ৰাসায়নিক পদাৰ্থই জটিল সমস্যা কঢ়িয়াছে ৷ পোক পৰুৱাৰ পৰা শাকনিবাৰী সুৰক্ষা দিবলৈ নতুন নতুন ঔষধ প্ৰয়োগৰ ফলত শাক-পাছলিৰ স্বাভাৱিক গুনাগুন তথা প্ৰাকৃতিক কোনো সোৱাদ আৰু গুণাগুণৰ অৱশিষ্ট নাথাকেগৈ ৷ ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা সেউজীয়া শাক-পাছলি খোৱাৰ পাছত মানুহৰ শৰীৰ অভ্যান্তৰত যথেষ্ট খেলি মেলি বা বিৰুপ প্ৰভাৱ পৰে ৷ মানুহৰ শৰীৰটো লাহে লাহে বিষযুক্ত হৈ পৰে ৷ ফলত মানুহে নজনাকৈ বয়সৰ বিপৰীতে নিজক হেৰুৱাই ৷ মানুহে শাক-পাছলিক সুৰক্ষা দিবলৈ যাওতে নিজৰেই নিৰাপত্তা হেৰুৱাই পেলাইছে ৷ সেযে আমি আমাৰ গড় আয়ুস ৫০-৬০ ৰ ভিতৰত নিৰ্ণয় কৰি লৈছো ৷    প্ৰযুক্তিবিদ্যা আপোনাৰ চোতাল হাজিৰ ৷ মানুহৰ নিজৰ আৱিষ্কাৰৰ চমৎকাৰত ভাৱি নোৱ...

জনজাতীয় ভাষাঃ বঞ্চনা আৰু বৈষম্যৰ চিকাৰ

Image
   ৮ চেপ্তেম্বৰ আজিৰ দিনটোতে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ ৩০ খন জিলাৰ বাবে ঠিকাভিত্তিক টেট উত্তীৰ্ণ ৯৭৩১ জন শিক্ষকক নিযুক্তি পত্ৰ গুৱাহাটীত বিতৰণ কৰে ৷ অসম চৰকাৰৰ শিক্ষা বিভাগে আজিৰ টেট শিক্ষক নিযুক্তিৰ আনুষ্ঠানিকতাৰ অনুষ্ঠানৰে বড়ো ভাষাৰ মাধ্যমৰ বহু বিদ্যালয়ত একাংশ অসমীয়া ভাষাৰ শিক্ষকক নিযুক্তি দি বড়ো ভাষাক ধ্বংস কৰিব বিচৰা মুকলি ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমীয়া সেই সকল সন্তানে কিয় মাত মাতিব পৰা নাই যি সকলে বড়োসকলক নিজৰ ভাই ভাই সমন্ধৰে আত্মীয় বুলি ভাৱি আহিছে ? নে তেওঁলোকেও বড়ো ভাষা মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তিৰে বড়ো ভাষাৰ শিক্ষাৰ্থীক ধ্বংস তথা অসমীয়া ভাষাক বড়োসকলৰ ওপৰত বলপূৰ্বক জাপিবলৈ চৰকাৰৰ মুকলি ষড়যন্ত্ৰক সমৰ্থন কৰি আহিছে ৷ চৰকাৰে ক্ষুদ্ৰমানো বড়ো ভাষা জ্ঞান নথকা অসমীয়া ভাষাৰ শিক্ষকক বড়ো মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দি কি সূচাব বিচাৰিছে ৷ চৰকাৰৰ এনে বৈষম্যমুলক নীতিক তীব্ৰ গৰিহণা দিছো আৰু দাবী কৰিছো যে বড়ো অধ্যুষিত অঞ্চলত স্হাপিত বড়ো ভাষাৰ মাধ্যমৰ বিদ্যালয় সমূহৰ পৰা শীঘ্ৰে অসমীয়া ভাষাৰ শিক্ষকক আতৰাই নিয়াৰ ব্যৱস্হা কৰক ৷ লগতে বড়ো মাধ্যমৰ বিদ্যালয়স...