Posts

Showing posts from August 24, 2017

হৰিণমাৰাঃ জনজাতিৰ অস্তিত্বৰ ভাবুকি

ভুবন বড়ো, শিৱসাগৰ    হৰিণমাৰা, ধুবুৰী ৷ প্ৰায় ৬০ ঘৰ জনজাতিয় মানুহ ৷ মানুহ কেইঘৰ কোনো দলিত নাছিল ৷ নাছিল হিন্দু সনাতন ধৰ্ম পালন কৰা বৰ্ণধাৰী ৷ অছিল কেৱল এটা পৰিচয়, ভুমিপুত্ৰ গাৰো জনজাতি হিচাপে ৷ অসমৰ ধুবুৰী জিলাৰ হৰিণমাৰা কেৱল জনজাতিয় গাৰো পৰিচয় আছিল ৷ তেওঁলোক অসমীয়া নাছিল ৷ নাছিল বাবে আন এটা সম্প্ৰদায়ৰ পৰা নিৰৱে হসিছিল নিৰ্যাতন ৷ অসমীয়া নাছিল বাবে আজি গৃহহীন জনজাতিকেইজনৰ ন্যায় আৰু অধিকাৰৰ বাবে কোনো অসমীয়াই তওঁলোকৰ হৈ প্ৰশ্ন উত্থাপন কৰা নাই ৷ শেষত নিজৰ আপোন গাওঁখনৰ আপোন ঘৰ-বাৰী, পোহনীয়া জীৱ-জন্তু এৰি দিব লগা হ'ল ৷ উৎখাত হ'ল এখন জনজাতি গাওঁ ৷ কাল আৰু এখিনি নিষ্ঠুৰ মানুহৰ হাতোৰাত হেৰাই গ'ল এখিনি ভুমিপুত্ৰ, এখন নদন-বদন জনজাতীয় গাওঁ ৷ হেৰাই গ'ল এটা পৰিচয়…    গওঁখন আৰু মানুহখিনি হেৰাই যোৱাত আমি তিলমানো ধৰ্মীয় স্হূল নিবিচাৰো ৷ নিবিচাৰো ধৰ্মীয় ৰাজনীতি ৷ কিন্তু এটা কথা অৱশ্যেই আমি এৰি নিদিম, কেতিয়াও মানি নলম হাজাৰৰোধিক কাল এইখন অসমৰ বুকুত বসবাস কৰা যিকোনো এজন ভুমিপুত্ৰই নিজৰ সৰ্বস্ব অধিকাৰ হেৰুৱা কথাটো ৷ আজি এপদ কালি এপদ কৈ অসমৰ প্ৰতিজন ভুমিপুত্ৰৰ নিজৰ মাটিৰ অধিকাৰ, প...

বৰ্ণহিন্দু অসমীয়া প্ৰশাসনঃ

ভুবন বড়ো, শিৱসাগৰ     অসমৰ দৰে বিশাল ৰাজ্যত ৰাজ্যখনৰ প্ৰশাসনিক কাম কাজ চলাবলৈ প্ৰতিটো বিভাগত এক বুজন সংখ্যক বিষয়া-আমোলা আৰু কৰ্মচাৰী আছে ৷ এই বিষয়া-আমোলাসকল নিজৰ বুদ্ধিমত্বা আৰু কৰ্ম দক্ষতাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰশাসনিক দিশবোৰ চলাবলৈ, চম্ভালিবলৈ নিয়োগ কৰা হৈছে ৷ প্ৰশাসনৰ এনে বিষয়া কৰ্মচাৰীসকল সাংবিধানিকভাৱে অত্যন্ত শক্তিশালী ক্ষমতা লাভ কৰি আহিছে ৷ জনতাৰদ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ কোনো জনবিৰুধী, জাতি বিৰুধী অ-সংবিধানিক কাম-কাজ পোনচাতেই তেওঁলোকে নাকচ আৰু প্ৰতিৰুধ কৰা ক্ষমতা আছে ৷     এতিয়া কথা হ'ল, অসমত ইয়াৰ ৰাজ্য প্ৰশাসন নিয়াৰিকৈ সঠিক ৰূপত পৰিচালনা আৰু চম্ভালিবলৈ থকা বুজন সংখ্যক বিষয়া-আমোলা আৰু কৰ্মচাৰীসকলেই হ'ল বৰ্ণ হিন্দু অসমীয়া ৷ আজি যি হাৰত অবৈধ বাংলাদেশীয়ে ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ বিস্তাৰিত হৈ বিভিন্ন ঠাইত স্হায়ীকৈ বসবাস কৰিব লৈছে, সেই বিষয়টো তেওঁলোক নজনা নহ'য় ৷ এই বৰ্ণহিন্দু মানুহখিনিয়েই আজি অসমৰ মুছলমানক অবৈধ বাংলাদেশীসকলৰ মেৰপেছত নিক্ষেপ কৰি তেওঁলোকৰ ন্যায় আৰু অধিকাৰত সমগ্ৰ ভাৰতবাসীৰ সন্মুখত "বৈধ নাগৰিক"ৰ প্ৰশ্ন উত্থাপন কৰি বৃহৎ প্ৰত্যাহ্বন...

দাউ হুদুনি মোথাইঃ জগত সভালৈ যেতিয়া ভুল বাৰ্তা যায় আৰু ৰাষ্ট্ৰীয় পক্ষপাতিত্ব

ননী টেৰন, ডিফু    "লেণ্ডস্কেপ অৱ মেনী মনু" বুলি ফিনলেণ্ডৰ ধুনিয়া চলচিত্ৰ এখনি এৰি বড়োভাষাত নিৰ্মিত চলচিত্ৰ এখন চাবলৈ ওলালো ৷ বিশিষ্ট গল্পকাৰ ৰশ্মিৰেখা বৰাৰ এটি গল্প ৰূ...

জনজাতিৰ উত্তৰণৰ অবিহনে অসমৰ বিকাশ স্ববিৰঃ

Image
   অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ সৰ্বাংগীণ দিশত উন্নয়নৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিয়া উচিত | প্ৰতিটো জনজাতিয়ে নিজস্ব ভাষা,কৃষ্টি-সংকৃষ্টি, পৰম্পৰা, ৰীতি-নীতিৰে এক সুকীয়া বৈশিষ্ট্য ৰ ক্ষা কৰি অসমখনক অধিক বৈচিত্ৰময় কৰি তুলিছে | জনজাতিসকলৰ কৃষ্টি-সংস্কৃতিয়ে অসমৰ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে | কিন্তু, পৰিতাপৰ বিষয় যে সংকীৰ্ণ  অসমীয়া জাতীয়তাবাদৰ প্ৰভুত্বত এটা সময়ত জনজাতীয় ভাষা , কৃষ্টি, সংস্কৃতিসমূহ এলাগী হৈ প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল | সেই সময়তে দুটামান জনজাতীয় গোষ্ঠীৰ দুই এগৰাকী অগ্ৰণুৱা ব্যক্তিয়ে স্বগোষ্ঠীৰ লোকসকলক সংগঠিত কৰি নিজৰ জাতি সত্তাক ৰক্ষণাবেক্ষন দিয়াৰ লগতে তুলি ধৰিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছিল আৰু চৰকাৰৰ ওচৰত নিজৰ সাংবিধানিক অধিকাৰৰ বাবে  আন্দোলনৰ সূঁচনা কৰিবলগীয়া হৈছিল | তাৰ ফলস্বৰূপে আজি দুই এটা জনজাতিয়ে হেৰাই যাবলৈ উপক্ৰম হোৱা নিজৰ ভাষা, সংস্কৃতি কিছুপৰিমাণে ৰক্ষা কৰিবলৈ সমৰ্থ্য হৈছে যদিও চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে আন কেইবাটাও জনগোষ্ঠী এতিয়া সংকটৰ গৰাহত | নিজৰ ভূমিতে নিজৰ ভাষা , সংস্কৃতি হেৰুৱাব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক | চৰকাৰে জনজাতী...

ভোটাধিকাৰৰ ক্ষেত্ৰত সজাগ হওঁক জনজাতিঃ

Image
ভোটাধিকাৰ --- গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে পোৱা এটা সাংবিধানিক অধিকাৰ । নাগৰিকৰ ভোটাধিকাৰ সাব্যস্তকৰণৰ ওপৰতে বহুখিনি নিৰ্ভৰশীল একোটা  অঞ্চল , একোখন দেশৰ ভৱিষ্যৎ ।    আমাৰ দেশত বিশেষভাৱে অসমৰ ক্ষেত্ৰত যদি চাওঁ দেখা যায় যে অসমৰ অধিকাংশ লোক ভোটাধিকাৰ বিষয়টোক লৈ সচেতন  নহয়। যদিওবা ভোটাধিকাৰ সাব্যস্তকৰণ এটা অতি স্পৰ্শকাতৰ বিষয় ; অসমৰ অধিকাংশ লোক (শিক্ষিত - অশিক্ষিত উভয়েই) ৰ দৃষ্টিত এই বিষয়টো গুৰুত্বহীন।    ভোটাধিকাৰ সাব্যস্তকৰণৰ ক্ষেত্ৰত আকৌ বিশেষভাৱে পিছপৰা অসমৰ জনজাতীয় মানুহখিনি । অসমৰ অধিকাংশ জনজাতীয় মানুহ অৰ্থনৈতিকভাৱে , আনুস্থানিক শিক্ষাগতভাৱে অনগ্ৰসৰ। তেনে পৰিপ্ৰেক্ষিতত ভোটপ্ৰদান সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ , বিশ্লেষণ কৰিবলৈ তেওঁলোকৰ সময় , সদিচ্ছা দুয়োটাৰে অভাৱ হয়। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰি জীয়াই থকাৰ সংগ্ৰাম খনতে তেওঁলোক নিমগ্ন ।        এই অশিক্ষিত , অৰ্ধশিক্ষিত মানুহখিনি ৰাজনৈতিক নিৰ্বাচনক লৈ বিশেষ গভীৰভাৱে চিন্তা কৰিব পৰা  অৱস্থাত নাথাকে। বৌদ্ধিকতা ,ৰাজনৈতিক আদৰ্শ ,সমসাময়িক ৰাজনৈতিক বাতাবৰণ আদি বিষয়ত বিশ...