Posts

Showing posts from January 28, 2018

অসমীয়াত্বটো ভুমিপুত্ৰ জনজাতিৰ এটা দুৰ্যোগঃ

Image
[[  জনজাতিয়ে যেতিয়া এখন ভাল ইঞ্জিনিয়াৰিং বিশ্ববিদ্যালয়; এখন কৃষি বিশ্ববিদ্যালয়; উচ্চ মেডিকেল কলেজ; পলিটেকনিক প্ৰতিষ্ঠান লাগে বুলি বৰঘৰত দাবী জনায় তেতিয়া সেই প্ৰয়োজন জনজাতিৰ বাবে সূদুৰপ্ৰহৰাত হ'য় ৷ অসমীয়া হৈ জনজাতীয়ে শিক্ষা বিচৰা অধিকাৰ এই অসমত নাই; অধিকাৰ নাই বাবেই জনজাতিয়ে নিজৰ অধিকাৰ পাবলৈ পৃথক পৰিচয়ৰে আত্মপ্ৰকাশ কৰাটো কি অক্ষমনীয় অপৰাধ হ'ল?? ]] কেৱল অসমতে উচ্চ বৰ্ণ শ্ৰেণীসকলৰ দপদপনী চলা নাই ৷ সমগ্ৰ ভাৰততে দেশখনৰ প্ৰচীন ভুমিপুত্ৰ আৰু আদিবাসী সকলৰ ওপৰত বৰ্ণ শোষণ, সামাজিক শোষণ, অৰ্থনৈতিক শোষণ অৱধাৰিত ভাৱেই চলি আহিছে ৷ যদি এই কথা সত্য নহ'য় তেন্তে দেশত এখন সমতাৰ সংবিধান সৃষ্টি কৰোতে "সংৰক্ষণ"ৰ দৰে ব্যৱস্থাক ৰাখিব লগা নিশ্চয় নহ'ল হ'য় ৷ যেতিয়া এটা সম্প্ৰদায়ে নিজকে শিক্ষিত, সামাজিক আচৰণ আন্য লোকতকৈ উচ্চ গণ্য কৰি আন এটা সম্প্ৰদায়ৰ ওপৰত মানসিক, সামাজিক, অৰ্থনৈতিক শোষণ আৰু বৈষম্য চলাব ধৰে তেতিয়াহে সমাজত সকলো মানুহৰ সমতা, সম-ন্যায়, সম-অধিকাৰ আৰু ভেদভাৱহীন সমাজ বৰ্তাই ৰাখিবলৈ নিৰপেক্ষ সংবিধান সৃষ্টিৰ আৱশ্যক আৰু ইয়াৰ সুৰক্ষা দিশটো আহি পৰে ৷ ভাৰতীয় ৰাষ্ট্ৰ...