Posts

Showing posts from September 14, 2017

অখিলঃ অখিলাস্ত্ৰ

Image
দুটা দশক ধৰি অসমৰ এজন স্বনামধন্য সদাশয় ব্যক্তিয়ে নিজৰ পেছাগত ঢঙৰে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছে সমাজৰ একেবাৰে সমস্যাবহুলৰ মাজত বসবাস কৰা সাধাৰণ জনতাক সংগঠিত কৰি ৷ তেওঁৰ পেছাগত ঢঙৰে নেতৃত্ব দিয়া প্ৰয়বোৰ আন্দোলনেই বহু ক্ষেত্ৰত অশান্তিপূৰ্ণ হৈ আহিছে ৷ হ'য় মই অখিল গগৈৰ কথা কৈছো ৷ এই কথাটো স্বাভাৱিক যে অখিলে নেতৃত্ব দিয়া সংগ্ৰামসমূহৰ জৰিয়তে অসমৰ সমস্যাবহুল সাধাৰণ মানুহখিনিয়ে নিজৰ সমাজৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ আন্দোলনে ভাৰতবৰ্ষৰ দৃষ্টি কাঢ়ি নিয়াৰ লগতে জনতাৰ সমৰ্থন আদায়ও কৰিছে ৷ চৰকাৰে কৰি অহা বৈষম্য আৰু শোষণৰ বিৰুদ্ধে অখিলে এক ধাৰাবাহিক প্ৰতিবাদী আন্দোলন নেতৃত্ব দি আহিছে ৷ কিন্তু আসমৰ সাধাৰণ মানুহখিনিৰ সমস্যাৰ সুযোগ লৈ অখিলে নিজৰ পেছাগত আন্দোলনকাৰী ধাৰাটোৰ স্বাৰ্থটোও অতি সুক্ষ্ন আৰু কৌশলৰে নিজৰ সংগ্ৰামী জনতাৰ পৰা একাষৰীয়াকৈ থৈ চম্ভালি লৈ গৈছে ৷ সেয়ে অখিলে তেওঁৰ কাষত ঠিয় হোৱা মানুহখিনিৰ আৱেগক মাজে মাজে নিজৰ স্বাৰ্থত প্ৰয়োগ তথা পৰিচালনা কৰা দেখা যায় ৷ অখিলৰ নেতৃত্বত অসমৰ সিমুৰৰ পৰা ইমুৰৰলৈকে ওলাই অহি চৰকাৰৰ বিভিন্ন কামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হ...