Posts

Showing posts from October 16, 2017

হিন্দুত্ব, ইছলাম আৰু জনজাতিৰ অধিকাৰঃ

Image
অসমীয়া জাতীয়তাবাদী প্ৰতিষ্ঠান আৰু অসমীয়া বুদ্ধিজীৱিৰ উৰ্বৰ মগজুৰ আটাইতকৈ নিশকটীয়া ফচল দুটা হ'ল --- "হিন্দু-মুছলিম" ইচ্ছুত নিজৰে সাতামপুৰুষীয়া ঐক্য অসমীয়া সমাজক ধৰ্মীয় ঘৃণাৰে উত্তেজনা বিয়পাই সমাজ আশান্তি কৰা আৰু দ্বিতীয়, জনজাতীয় লোকৰ সাংবিধানিক অধিকাৰ কুক্ষিগত কৰা ৷ এই ঘৃণনীয় ধৰ্মীয় অশান্তি, ধৰ্মীয় ভাবুকি, সাধাৰণ মানুহৰ মনত অনাহক ধৰ্মীয় ক্ষয়ৰ চেতনা জগাই তোলাটো এতিয়া অসমীয়া জাতিয়তাবাদী প্ৰতিষ্ঠানিক শিৱিৰ আৰু অসমীয়া বুদ্ধিজীৱিৰ যেন দৈনিন্দন ৰুটিন ৷ নকৰিলে নহ'য় ৷ তদুপৰি এই প্ৰতিষ্ঠানিক শিৱিৰসমূহৰ এচামে সমাজৰ আগত বাগা সাজ পিন্ধি নিজৰ আত্মস্বাৰ্থ পূৰণৰ লক্ষ্যৰে জনতাক ভুল পথে পৰিচালিত কৰি ভুমিপুত্ৰ জনজাতিসকলৰ সংবিধানিক অধিকাৰৰ বিৰুদ্ধে "জেহাদ" কৰিবলৈ প্ৰৰোচিত কৰিছে ৷ দেখ দেখকৈ এই কথাই প্ৰতিষ্ঠানিক শিৱিৰ দুটাৰ চৰিত্ৰই নিজৰ শোষণকাৰী স্বৰূপ উদঙাই সাধাৰণ অসমীয়া ৰাইজক মুছলমান আৰু জনজাতি ভুমিপুত্ৰৰ বিৰুদ্ধে অধিক আক্ৰোশমূলক কৰি তুলিবলৈ ধৰিছে ৷ প্ৰথমটো সম্পূৰ্ণ এটা ধৰ্মীয় সম্প্ৰয়দাৰ বিৰুদ্ধে মাৰ বান্ধি সজোৰৰে নিজৰ ধৰ্মীয় সাম্ৰাজ্যবাদী নীতিৰে আন ধৰ্মক...