Posts

Showing posts from October 4, 2017

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

Image
   উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জনজাতীয় সমাজবোৰত প্ৰকৃততে মহিলাসকলে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ ঠাই বিশেষে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজত মাতৃ বা মহিলাৰ গুৰুত্ব পুৰুষতকৈ বেছি যদিও প্ৰত্যেকটো জনজাতিৰ নিজৰ নিজৰ সমাজত মহিলাই ঘৰুৱা কামৰ লগতে পৰিয়ালৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে ৷ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত চিকিম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, মিজোৰাম আৰু মেঘালয়ৰ সমাজ ব্যৱস্হা আৰু পৰিয়ালসমূহ পুৰুষপ্ৰধানৰ বিপৰিতে মাতৃপ্ৰধান হিচাপে এটা স্হান আছে ৷ যিটোত মহিলাসকলৰ ভুমিকা অপৰিসীম ৷ অসমৰ ক্ষেত্ৰত জনজাতি বুলি কলে ৰাভা, কাৰ্বি,ডিমাছা আৰু বড়োসকলৰ ভিতৰতহে মাতৃপ্ৰধান ব্যৱস্হাটো দেখা পোৱা যায় ৷ ডিমাছা, ৰাভা, বড়ো আৰু কাৰ্বিসকলৰ বাহিৰে অসমত অন্য জনজাতিৰ মাতৃপ্ৰধান সমাজ থকা দেখা নাযায় ৷ সেয়ে অসম আৰু ত্ৰিপুৰাক মাতৃপ্ৰধান ৰাজ্য বুলি কোৱা নহ'য় ৷ উপৰত উল্লেখিত ভাৰতৰ ৰাজ্যকেইখনৰ জনজাতীয় সমাজ ব্যৱস্হা পৰম্পৰাগত ভাৱে মাতৃপ্ৰধান হলেওঁ আজিও জনজাতীয় মহিলাই নিজৰ অধিকাৰ সমূহ যেনেদৰে পাব লাগিছিল ঠিক তেনেদৰে পাবলৈ সক্ষম হোৱা নাই ৷ ভাৰতৰ দৰে এখন উন্নয়নশীল দেশে আজিও নিজৰ দেশখনৰ...