Posts

Showing posts from September 8, 2017

জনজাতীয় ভাষাঃ বঞ্চনা আৰু বৈষম্যৰ চিকাৰ

Image
   ৮ চেপ্তেম্বৰ আজিৰ দিনটোতে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ ৩০ খন জিলাৰ বাবে ঠিকাভিত্তিক টেট উত্তীৰ্ণ ৯৭৩১ জন শিক্ষকক নিযুক্তি পত্ৰ গুৱাহাটীত বিতৰণ কৰে ৷ অসম চৰকাৰৰ শিক্ষা বিভাগে আজিৰ টেট শিক্ষক নিযুক্তিৰ আনুষ্ঠানিকতাৰ অনুষ্ঠানৰে বড়ো ভাষাৰ মাধ্যমৰ বহু বিদ্যালয়ত একাংশ অসমীয়া ভাষাৰ শিক্ষকক নিযুক্তি দি বড়ো ভাষাক ধ্বংস কৰিব বিচৰা মুকলি ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমীয়া সেই সকল সন্তানে কিয় মাত মাতিব পৰা নাই যি সকলে বড়োসকলক নিজৰ ভাই ভাই সমন্ধৰে আত্মীয় বুলি ভাৱি আহিছে ? নে তেওঁলোকেও বড়ো ভাষা মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তিৰে বড়ো ভাষাৰ শিক্ষাৰ্থীক ধ্বংস তথা অসমীয়া ভাষাক বড়োসকলৰ ওপৰত বলপূৰ্বক জাপিবলৈ চৰকাৰৰ মুকলি ষড়যন্ত্ৰক সমৰ্থন কৰি আহিছে ৷ চৰকাৰে ক্ষুদ্ৰমানো বড়ো ভাষা জ্ঞান নথকা অসমীয়া ভাষাৰ শিক্ষকক বড়ো মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দি কি সূচাব বিচাৰিছে ৷ চৰকাৰৰ এনে বৈষম্যমুলক নীতিক তীব্ৰ গৰিহণা দিছো আৰু দাবী কৰিছো যে বড়ো অধ্যুষিত অঞ্চলত স্হাপিত বড়ো ভাষাৰ মাধ্যমৰ বিদ্যালয় সমূহৰ পৰা শীঘ্ৰে অসমীয়া ভাষাৰ শিক্ষকক আতৰাই নিয়াৰ ব্যৱস্হা কৰক ৷ লগতে বড়ো মাধ্যমৰ বিদ্যালয়স...