आं प्रमद बर'आ बुंदों,
জয় জয়তে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ পৃথক বডোলেণ্ড দাবীৰ সমৰ্থনত আজি "ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও" কাৰ্যসূচীৰ প্ৰতীবাদ স্হলীত সমবেত বড়ো আইসকলৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন সংগ্ৰামীলৈ মোৰ আন্তৰিক বৈপ্লৱিক অভিনন্দন জনাইছো ৷ আপোনালোকে জানে যে নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি পৃথক বডোলেণ্ড দাবীৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে ৷ সেয়ে আজি বড়ো মহিলাসকলৰ স্বতষ্ফুৰ্ত সহযোগত পৃথক বডোলেণ্ড দাবীৰ লগতে পৃথক বডোলেণ্ডৰ বাহিৰৰ বড়োসকলৰ আত্ম-অধিকাৰৰ দাবীত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ বন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷ আজি এই বৃহৎ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদস্হলীৰ পৰা মই জনাওঁ যে আমি ৰক্ষণাবেক্ষণ দিয়া এই ভুমিৰ হাৱা-বতাহ, পানী, মাটিৰ ফচল খাই তেখেতসকলে আমাৰ বড়োসকলকেই সকলো ফালৰ পৰা দমন কৰি আহিছে ৷ আমাক আমাৰ মাটিতে ধ্বংস কৰিব বিচাৰিছে ৷ আমি সেইটো কেতিয়াও সহ্য নকৰো ৷ আজি অসমৰ শাসন যন্ত্ৰ, অসমৰ ৰাজনীতিৰ কিছুমান মুষ্টিমেয় মানুহে শাসন আৰু শোষণৰ স্বাৰ্থত "সবকে চাথ, চবকে বিকাশ"ৰ ভুৱা শ্ল'গান গাই ফুৰে ৷ তেখেতসকলে ক'য় আমি জাতি মাটি ভেটিৰ...