Posts

Showing posts from September 4, 2017

স্বয়ম্ভু ঈশ্বৰঃ

Image
  ৰামায়ণ যুগ, মহাভাৰত যুগৰ মানৱ ভগৱান আৰু আজিৰ নব্য আধুনিকতাৰ যুগত স্বয়ম্ভু ঈশ্বৰৰ পাৰ্থক্য নাই বুলিয়ে ক'ব লাগিব ৷ ৰামায়ণ যুগৰ ঈশ্বৰ আখ্যাপোৱা অযোধ্যাৰ ৰামও নাৰী ঘটনাৰ পৰা নিলগত নাছিল সেইটো না ক'ব নোৱাৰি ৷ কাৰণ যিখন সমাজত স্বয়ং ৰাম ৰজাৰ হোৱাৰ উপৰিও প্ৰজাৰ কাৰণে ভগৱান আছিল সেইজন ৰামেই নিজৰ পত্নী সীতাক অনাৰ্য মহাবীৰ ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ পাছত পত্নী তথা ৰাজপত্নী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ সীতাক(ভগৱান লক্ষ্মী অৱতাৰ) ৰাজ্য তথা ৰাজহাউলীৰ পৰা বাহিৰ কৰি দিছিল ৷ তেনে ক্ষেত্ৰত "ৰাম" এজন ঈশ্বৰ হোৱাৰ কি যোগ্যতা আৰ্জিলে? যি ঈশ্বৰে নিজেই নিজৰ পত্নী সীতাক ৰাইজৰ সন্দেহজনক চকুৰে পত্নীৰ চৰিত্ৰৰ ওপৰত বিচাৰ কৰিছিল ৷ নিজৰ পত্নী সীতাক নিজৰ নিৰ্দোষীতাৰ প্ৰমাণৰ বাবে জুইত জপিয়াবলৈ বাধ্য কৰোৱাই একপ্ৰকাৰ নাৰী বিৰুধী,সমাজবিৰুধী কাম কৰা নাছিল জানো? পিছত ৰামৰ চৰিত্ৰৰ কলষু ঢাকিবলৈ মমতাময়ী সীতা আৰু অনাৰ্য মহাবীৰ ৰাৱণৰ ওপৰত বদনাম জাপি দিছিল ৷    ভগৱান শ্ৰীকৃষ্ণ ! মহাভাৰতৰ এজন অতি চতুৰ কূটনীতিবিদ ৷ ককটেল ৷ দেউতাক এজন গো-পালক আৰু মাক অনাৰ্য অসুৰ মহাজাতিৰ ৰজা কংসৰ ভনী ৷ ক'ব গলে শ্ৰীক...