Posts

Showing posts from October 7, 2017

টেঞ্জিং বডোচাঃ দেহত ৰ'দ আৰু বৰষুণ নপৰা যুৱ কৃষক

Image
    বিটিএডিৰ ওদালগুৰি টাউনৰ পৰা ১২০ কিঃমিটাৰ দূৰত্বত অৱস্হিত এখন বড়োগাঁও ৷ ডিমাকুছি ৷এই ডিমাকুছি গাঁৱখনৰ গাতে লাগি আছে ভূটান৷ ভাৰতৰ এখন প্ৰতিৱেশী দেশ ৷ ভূটানৰ সীমাৰ কাষতে লাগি থকা ভাৰতবৰ্ষৰ এই অখ্যাত গাঁৱখনত এদিন লুকাই আছিল এটা সফলতাৰ জীয়া কাহিনী ৷ জৈৱিক চাহৰ সুগন্ধিৰে বিশ্ব জয় কৰিব পৰা এটা অদম্য যুৱ শক্তি ৷ বন্য জন্তু আৰু মানুহে মিলি বসবাস কৰি থকা এটা ৰোমাঞ্চকৰ বাস্তৱ ৷ ভূটাৰ পদদেশত বন্য জন্তু আৰু সেউজী প্ৰকৃতিৰ বুকুত লাহে লাহে ঠন ধৰি উঠা এটা উদ্যোগ ৷ বন্য প্ৰাণী আৰু মানুহে গাঢ় কৰা এটা সম্পৰ্ক ৷ ৰসহ্যঘন প্ৰকৃতিৰ অদম্য বিৰুধীতাৰ পাছতো হাৰ নামনা এটা এজন বড়ো যুৱকৰ এক উদ্যোমী বিপ্লৱ ৷ আৰু এদিন উদ্যামী সত্বাটোক প্ৰকৃতিয়ে আপোন কৰি লৈছিল নিজৰ বুকুত ৷     এই কাহিনী এজন বড়ো যুৱকৰ কাহিনী ৷ গাত ৰ'দ আৰু বৰষুণ নপৰা এজন জনজাতি বিপ্লৱী যুৱ কৃষকৰ কাহিনী ৷ কঠোৰ সংগ্ৰামক নিজৰ জীৱনৰ এক অভিন্ন অংগ কৰি লোৱা এজন কৰ্মশ্ৰী যুৱকৰ জীৱন ৷ বুকুত জীয়া যাতনাৰ কাহিনী লৈ প্ৰকৃতি সুৰক্ষাৰে এক সেউজ বিপ্লৱ সূচনা কৰা এজন সাহসী প্ৰকৃতি প্ৰেমী বড়ো কৃষক সন্তানৰ বাস্তৱ কাহিনী ৷ হ'য় মই...