Posts

Showing posts from November 1, 2017

অসমৰ বুকুত উত্থাপিত দ্বিতীয় শ্ৰেণী নাগৰিকৰ প্ৰশ্নঃ

Image
   খিলঞ্জীয়া আৰু ভুমিপুত্ৰ শব্দ দুটাৰ অৰ্থ একে নহ'য় ৷ এই শব্দ দুটাৰ ইংৰাজী অৰ্থ একে যদিও প্ৰকৃতাৰ্থত শব্দ দুটাই দুটা নিদিষ্ট সময়ৰ ব্যৱধান ল'য় ৷ সেয়ে অসমৰ ক্ষেত্ৰত এই শব্দ দুটাই কূটনীতি আৰু ৰাজনীতিৰ বেহুত নাগৰিকৰ পৰিচয় আৰু অধিকাৰত এক বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে ৷ শেষতীয়াকৈ শব্দই দুটাই অসমত ঐতিহাসিক ভাৱে বসবাস কৰা জনজাতিসকলৰ লগতে ৭০ দশকত বাংলাদেশৰ পৰা প্ৰৱজিত ধৰ্মীয় সম্প্ৰয়দায়ক লৈ এটা আউল লগা জটিল তথা অমিমাংসীত সমস্যাৰ সৃষ্টি কৰিছে ৷ এই শব্দ দুটাৰ ভেল্কীবাজীৰে এটা জাতিয়ে মুছলমান আৰু ভুমিপুত্ৰ জনজাতিৰ ওপৰত ৰঘুমলাৰ দৰে শিপাই জনজাতিৰ আত্ম-অধিকাৰ নিচিহ্ন কৰাৰ ধাৰাবাহিকতা বজাই ৰখা আৰু একাংশ দেশীয় মুছলমাৰ নাগৰিকত্বৰ বৈধতাত মুনাফা লুটাৰ চৰিত্ৰ তৈয়াৰ কৰি লৈছে ৷ এইটো নকলেও হ'য় যে তেওঁলোকৰ বাবে মুছলমান মানেই ৰাজনীতিত এক বৃহৎ সংখ্যা আৰু  ভুমিপুত্ৰ জনজাতিৰ বিপৰীতে অসমত নিজৰ স্হায়িত্বৰ খুপনি মজবুট কৰা ৷ প্ৰথমটো ভোট বেংকৰ ৰাজনীতিৰে শাসন লোৱা আৰু দ্বিতীয়টো এই ভুমিৰ আদিম অধিবাসীৰ ঐতিহাসিক আৰু বৰ্তমান সাংবিধানিক ভিত্তিত থকা অধিকাৰসমূহ ধ্বংস কৰা ৷ মুলতঃ অসমত উচ্চ বৰ্ণবাদী জাতিয়ে নিজৰ ...