Posts

Showing posts with the label by Bibekananda Rabha

জনজাতিৰ উত্তৰণৰ অবিহনে অসমৰ বিকাশ স্ববিৰঃ

Image
   অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ সৰ্বাংগীণ দিশত উন্নয়নৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিয়া উচিত | প্ৰতিটো জনজাতিয়ে নিজস্ব ভাষা,কৃষ্টি-সংকৃষ্টি, পৰম্পৰা, ৰীতি-নীতিৰে এক সুকীয়া বৈশিষ্ট্য ৰ ক্ষা কৰি অসমখনক অধিক বৈচিত্ৰময় কৰি তুলিছে | জনজাতিসকলৰ কৃষ্টি-সংস্কৃতিয়ে অসমৰ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে | কিন্তু, পৰিতাপৰ বিষয় যে সংকীৰ্ণ  অসমীয়া জাতীয়তাবাদৰ প্ৰভুত্বত এটা সময়ত জনজাতীয় ভাষা , কৃষ্টি, সংস্কৃতিসমূহ এলাগী হৈ প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল | সেই সময়তে দুটামান জনজাতীয় গোষ্ঠীৰ দুই এগৰাকী অগ্ৰণুৱা ব্যক্তিয়ে স্বগোষ্ঠীৰ লোকসকলক সংগঠিত কৰি নিজৰ জাতি সত্তাক ৰক্ষণাবেক্ষন দিয়াৰ লগতে তুলি ধৰিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছিল আৰু চৰকাৰৰ ওচৰত নিজৰ সাংবিধানিক অধিকাৰৰ বাবে  আন্দোলনৰ সূঁচনা কৰিবলগীয়া হৈছিল | তাৰ ফলস্বৰূপে আজি দুই এটা জনজাতিয়ে হেৰাই যাবলৈ উপক্ৰম হোৱা নিজৰ ভাষা, সংস্কৃতি কিছুপৰিমাণে ৰক্ষা কৰিবলৈ সমৰ্থ্য হৈছে যদিও চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে আন কেইবাটাও জনগোষ্ঠী এতিয়া সংকটৰ গৰাহত | নিজৰ ভূমিতে নিজৰ ভাষা , সংস্কৃতি হেৰুৱাব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক | চৰকাৰে জনজাতী...