আদিবাসী আৰু জনজাতিৰ ওপৰত ৰাষ্ট্ৰৰ দমনঃ
অসমৰ ৪৫ টা জনজাতি আৱেষ্টনিকৃত বেল্ট আৰু ব্ল'ক আজি অ-জনজাতিৰ দখলত ৷ তেওঁলোকে বিচাৰে জনজাতি সকল নিশ্চুপ হৈ বহি থাকক ৷ জনজাতিৰ এটা ভুল আৰু মাৰাত্মক চৰিত্ৰ যে সহজেই শত্ৰুৰ অপকাৰ পাহৰি যোৱা ৷ ভাৰতত জনজাতিৰ ওপৰত ৰাষ্ট্ৰৰ শাসক আৰু ব্ৰহ্মণ্যবাদী বৰ্ণ হিন্দুই কৰা শোষণ আৰু বঞ্চনাৰ এক দীঘলীয়া কলংকৃত ইতিহাস আছে ৷ আজিও জনজাতিৰ ওপৰত থকা তেওঁলোকৰ শোষণ আৰু বঞ্চনাৰ এটা ধাৰাবাহিক ধাৰা অৱ্যাহত আছে ৷ ভাৰত ৰাষ্ট্ৰই আদিবাসী আৰু জনজাতীয় দীৰ্ঘদিনীয়া সমস্যা সমাধান সামৰিক নীতিৰে কৰিবলৈ গৈ মানৱ উলংঘনৰ দৰে জঘন্য কাণ্ডত হাত দিবলৈ কুণ্ঠাবুধ কৰা নাই ৷ মধ্য ভাৰত়ত থকা আদিবাসীসকলে নিজৰ আত্ম-ৰক্ষা আৰু অধিকাৰৰ বাবে সৰল সহজ চৰিত্ৰ এৰি হিংস্ৰ ৰূপ লোৱাতোৱেই তাৰেই স্পষ্ট প্ৰমাণ ৷ আদিবাসীৰ এই আত্ম-সন্মানৰ সংগ্ৰামক ৰাষ্ট্ৰযন্ত্ৰই সমুলঞ্চে ধ্বংস কৰিবলৈ আদিবাসী ল'ৰা-ছোৱালিক পাইকাৰী হাৰ়ত হত্যা আৰু আদিবাসী ছোৱালীক ধৰ্ষণৰ দৰে জঘন্য কাৰ্য্য প্ৰয়োগ কৰি আহিছে ৷ যাতে আত্মচেতনাৰে উদ্বদ্ধু আদিবাসীৰ সংগ্ৰামখন তচনচ হ'য় ৷ শেষতীয়াভাৱে কিছু মাহ পূৰ্ৱে সংঘটিত ছত্তিচগড়ৰ বাস্তাৰ জিলাৰ ধৰ্ষণ কাণ্ডত ৰাষ্ট্ৰযন্ত্ৰ এশ শতাংশই জৰিত থকা থকাটোই তাৰ স্পষ্ট প্ৰমাণ ৷ যিটো ঘটনাক এগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপিকাই সাহসৰে ৰাষ্ট্ৰৰ নিৰ্লজ্জ বাস্তাৰ কাণ্ডক দেশৰ আগত তুলি ধৰিছিল ৷ ইয়াৰ পূৰ্ৱেও আদিবাসী আৰু জনজাতিৰ আধিকাৰক পৃষ্ঠ কৰা বহু ঘটনা ৰাষ্ট্ৰযন্ত্ৰৰ বৰ্বৰতা তথা অমানুসিক অত্যাচাৰ আৰু হত্যা দেশৰ লোকচক্ষুৰ আগোচৰে ৰৈ গৈছে ৷
ৰাষ্ট্ৰযন্ত্ৰই জনজাতিৰ ওপৰত চলাই অহা দমন নীতিৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকলেও বাদ পৰি যোৱা নাই ৷ পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ জনজাতিৰ ভিতৰত অসমৰ বড়োসকলেই আটাতকৈ ৰাষ্ট্ৰৰ বৰ্বৰতা আৰু মুল সূঁতিৰ বৰ্ণবাদী অসমীয়াৰ পৰা শোষণ আৰু নিৰ্যাতন ভোগ কৰি আহিব লগা হৈছে ৷ অসমৰ ভুমিপুত্ৰ বড়ো জনজাতিসকল ৰাষ্ট্ৰযন্ত্ৰ আৰু অসমীয়াৰ পৰা মুঠেও সুৰক্ষিত নহ'য় ৷ অথচ আদিম জনজাতি হিচাপে বড়োসকলে ৰাষ্ট্ৰ নিৰ্মাণত বিশেষ ভুমিকা লৈ আহিছে ৷ বড়োসকলে নিজৰ আত্মপ্ৰতিষ্ঠাৰ হকে কৰা গণতান্ত্ৰিক সংগ্ৰাম আজি ৩০ টা বছৰ হ'ল ৷ অসমীয়াই আজিও বড়োসকলৰ গণতান্তিক সংগ্ৰামক ন্যাৰ্যতা দিয়াৰ দূৰৰে কথা, কিঞ্চিত সন্মানৰ চকুৰেও চোৱা নাই ৷ বৰং বৃটিছৰ বিভেদ নীতি অৱলম্বনৰে বড়োসকলৰ আত্মপ্ৰতিষ্ঠাৰ গণতান্ত্ৰিক সংগ্ৰামক মষিমুৰ কৰিবলৈ অসৰহ চেষ্টা অব্যাহত ৰাখিছে ৷ আৰু ৰাষ্ট্ৰই নিজৰ গণতান্ত্ৰিক চৰিত্ৰ ত্যাগ কৰি নিজৰ জনতাৰ ওপৰত শত্ৰুৰ কায়দা প্ৰয়োগ অব্যাহত ৰাখিছে ৷ বলপূৰ্বক দমন নীতিৰে বড়োসকলৰ প্ৰতিবাদী কন্ঠক ৰুধিবলৈ নানা কৌশল ৰচনাত ব্ৰতী ৷ বড়ো বিদ্ৰোহীৰ নামত ৰাষ্ট্ৰই নীৰিহ তথা নিৰস্ত্ৰ বড়ো জনতাক লক্ষ্য কৰি হত্যাযজ্ঞ কৰি আহিছে ৷ অথচ আজিলৈকে ভাৰত ৰাষ্ট্ৰই বড়ো সমস্যাৰ এক সন্মাজনক সমাধান উলিয়াবলৈ অপৰাগ ৷
শেষতীয়া ভাৱে কিছু মাহৰ আগত ৰাষ্ট্ৰৰ দমন চৰিত্ৰক সামৰিক বিষয়াই লজ্জাহীন ভাৱে লোকচক্ষুৰ আগত দাঙি ধৰিব লগা হ'ল ৷ ৰাষ্ট্ৰৰ সামৰিক বিষয়াই চিকাৰ কৰিব লগা হ'ল নীৰিহ বড়ো তেজাল ডেকা-গাভৰুক সম্পূৰ্ণ মনে সজা ভুৱা সংঘৰ্ষত হত্যা কৰি অহা কথা ৷ নিজৰ জনতাৰ তেজৰে ৰঞ্জিত দেশৰ নিৰ্লজ্জ চৰিত্ৰ আৰু কিবা হ'ব পাৰেনে? অসমৰ ভুমিপুত্ৰ জনজাতি বড়োসকলৰ ওপৰত ৰাষ্ট্ৰই পোষকতা কৰা হত্যাযজ্ঞ আৰু ইয়াক সমৰ্থন কৰা অসমৰ অসমীয়াই বুজা উচিত যে কোনো জাতি-জনজাতিৰ অত্ম-প্ৰতিষ্ঠাৰ সংগ্ৰামৰ হকে ওলায় অহা লোকক হত্যা আৰু উৎপীড়নে কেতিয়াও মষিমুৰ কৰা সম্ভৱ নহ'য় ৷ ৰাষ্ট্ৰযন্ত্ৰৰ হত্যা আৰু উৎপীড়নে জনজাতিয় আন্দোলনক অধিকতকৈ অধিক জনমুখি আৰু শক্তিশালীহে কৰিব ৷ যদি ভাৰত ৰাষ্ট্ৰই প্ৰকৃত অৰ্থত গণতান্ত্ৰিক চৰিত্ৰ বহন কৰিছে তেন্তে দেশৰ আদিবাসী আৰু জনজাতিয় লোকক কৰা উৎপীড়ন আৰু হত্যা বন্ধ কৰিবই লাগিব আৰু সন্মানজনক স্হিতিত জনজাতীয় সমস্যাসমূহ সমাধান কৰি তেওঁলোকক জীয়াই থকাৰ লগতে নিজ নিজ বিকাশ বাবে গুৰুত্ব দিয়াত প্ৰয়োজনীয় ব্যৱস্হা ল'ব লাগিব ৷ সেয়ে ভাৰত ৰাষ্ট্ৰই শীঘ্ৰে আদিবাসী আৰু জনজাতিৰ সমস্যা সমাধান কৰি তেওঁলোকক দেশৰ প্ৰগতিত অংশীদাৰীত্ব কৰাওঁক ৷
Comments
Post a Comment