জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

  উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জনজাতীয় সমাজবোৰত প্ৰকৃততে মহিলাসকলে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ ঠাই বিশেষে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজত মাতৃ বা মহিলাৰ গুৰুত্ব পুৰুষতকৈ বেছি যদিও প্ৰত্যেকটো জনজাতিৰ নিজৰ নিজৰ সমাজত মহিলাই ঘৰুৱা কামৰ লগতে পৰিয়ালৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে ৷ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত চিকিম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, মিজোৰাম আৰু মেঘালয়ৰ সমাজ ব্যৱস্হা আৰু পৰিয়ালসমূহ পুৰুষপ্ৰধানৰ বিপৰিতে মাতৃপ্ৰধান হিচাপে এটা স্হান আছে ৷ যিটোত মহিলাসকলৰ ভুমিকা অপৰিসীম ৷ অসমৰ ক্ষেত্ৰত জনজাতি বুলি কলে ৰাভা, কাৰ্বি,ডিমাছা আৰু বড়োসকলৰ ভিতৰতহে মাতৃপ্ৰধান ব্যৱস্হাটো দেখা পোৱা যায় ৷ ডিমাছা, ৰাভা, বড়ো আৰু কাৰ্বিসকলৰ বাহিৰে অসমত অন্য জনজাতিৰ মাতৃপ্ৰধান সমাজ থকা দেখা নাযায় ৷ সেয়ে অসম আৰু ত্ৰিপুৰাক মাতৃপ্ৰধান ৰাজ্য বুলি কোৱা নহ'য় ৷

উপৰত উল্লেখিত ভাৰতৰ ৰাজ্যকেইখনৰ জনজাতীয় সমাজ ব্যৱস্হা পৰম্পৰাগত ভাৱে মাতৃপ্ৰধান হলেওঁ আজিও জনজাতীয় মহিলাই নিজৰ অধিকাৰ সমূহ যেনেদৰে পাব লাগিছিল ঠিক তেনেদৰে পাবলৈ সক্ষম হোৱা নাই ৷ ভাৰতৰ দৰে এখন উন্নয়নশীল দেশে আজিও নিজৰ দেশখনৰ জনজাতীয় অঞ্চলৰ জনজাতীয় মহিলাৰ সমস্যাসমূহৰ সামগ্ৰিক বিকাশ সাধন কৰিব পৰা নাই ৷ যদিও ভাৰত ৰাষ্ট্ৰই নিজৰ বিকাশৰ স্তৰটো আন দ্বিতীয় উন্নত দেশৰ সৈতে প্ৰায় সম পৰ্যায়লৈ ধাৱিত হোৱাৰ প্ৰতিযোগীতাত ইতিমধ্য নামি পৰিছে ৷ ভাৰতৰ এনে প্ৰতিযোগিতাৰ বিপৰিতে দক্ষিণ এচীয়াৰ দেশ কম্বোডিয়া, লাউচ, থাইলেণ্ড, মালেছীয়া, ফিলিপাইনচ ইত্যাদি জনজাতি বসতিপ্ৰধান দেশে নিজৰ দেশৰ মহিলাসকলে থলুৱা অৰ্থনীতিত লৈ অহা সবল ভুমিকাৰ বাবে মহিলাসকলক চৰকাৰীভাৱে অপৰিসীম গুৰুত্ব দি মহিলাসকলক থলুৱা অৰ্থনীতিত আগ-ভাগ লবলৈ বেছিকৈ উৎসাহিত কৰি আহিছে ৷ যিটো ভাৰতৰ দৰে বিশাল ৰাজ্যসমূহত বসবাস কৰা জনজাতীয় মহিলাই থলুৱা অৰ্থনীতিৰে দেশ বিকাশত অৰিহনা আগবঢ়ালেও চৰকাৰৰ পৰা পাবলগীয়া সুবিধাসমূহৰ পৰা সদা বঞ্চিত হৈ আহিছে ৷


অসমত পৰম্পৰাগত ভাৱে ডিমাছা,  ৰাভা, বড়ো আৰু কাৰ্বি মহিলাসকলে থলুৱা অৰ্থনীতি বিকাশৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ "স্হানীয় বজাৰ"ৰ দ্বাৰা ক্ৰয়-বিক্ৰয় ব্যৱস্হাত এশ শতাংশই জড়িত হোৱাৰ পাছতো ক্ৰয়-বিক্ৰয়ৰ স্হল "স্হানীয় বজাৰ"সমূহক ৰাজ্যসমূহৰ চৰকাৰে উন্নয়ন গুৰুত্ব দিয়াত চৰম কৃপণালি কৰি আহিছে ৷ দেশ আৰু ৰাজ্যৰ প্ৰতিখন চৰকাৰে "মহিলা সৱলীকৰণ"ৰ বাণী আউৰাই থাকিলেও কাৰ্যত চৰকাৰেসমূহে "মহিলা সবলীকৰণ"ৰ প্ৰচাৰৰ নামত ৰাজভঁৰালৰ বৃহৎ ধন হৰলুকিৰ ফন্দি পাতি খাই আহিছে ৷ তেনে ক্ষেত্ৰত ৰাজ্যখনৰ জনজাতীয় মহিলাই পৰম্পৰাগত ভাৱে থলুৱা অৰ্থনীতিৰ গুৰি বঠা ধৰি অহাৰ পাছতো জনজাতীয় মহিলা প্যৱসায়ীয়ে পৰিপূৰ্ণ হৈ থকা "স্হানীয় বজাৰ" সমূহৰ উন্নয়ন সাধন কৰা নাই ৷ যাৰ ফলত তীব্ৰ গতিত অসমৰ থলুৱা অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ "স্হানীয় বজাৰ" ব্যৱস্হাটো ক্ষীপ্ৰ গতিত সংকূচিত হৈ আহিছে ৷

ৰাজ্যখনৰ জনজাতি বসতিপ্ৰধান অঞ্চলসমূহৰ উপৰিও বিভিন্ন অঞ্চলৰ স্হানীয় বজাৰ সমূহে উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ পৰা যিমান গুৰুত্ব পাব লাগিছিল সেই গুৰুত্বৰ বিপৰীতে চৰকাৰে মুক্ত অৰ্থনীতিৰে বিশাল পুঁজীপতিক দুৱাৰ মুকলিৰে থলুৱা অৰ্থনীতিক চৰম কুঠাৰঘাত কৰিলে ৷ যিটো প্ৰভাৱ পোনপতিয়াকৈ থলুৱা অৰ্থনীতিত পৰি স্হানীয় বজাৰসমূহৰ ক্ৰেতা-বিক্ৰেতা সকল বেয়াকৈ ক্ষতিগ্ৰস্হৰ সন্মুখীনত ধাৰাসায়ী হৈছে ৷ চৰকাৰসমূহে স্হানীয় তথা থলুৱা অৰ্থনীতিৰ বিলুপ্তৰে নিজৰ ৰাজভঁৰাল টনকীয়াল কৰা লক্ষ্য কৰিলেও পুঁজিপতিয়ে খুচুৰা বজাৰ ব্যৱস্হাৰে সাধাৰণ জনতাৰ পৰা পোনপতিয়াকৈ অতিৰিক্ত মুনাফা বুটলিব ধৰিছে ৷ ধৰা হ'ল স্হানীয় বজাৰত এক কেজি কচুৰ দাম চল্লিশ টকা ৷ যিটো দামত ক্ৰেতা আৰু বিক্ৰেতাই পোনপটীয়াকৈ লাভৱান হ'ল ৷ কিন্তু পুঁজিপতিৰ দ্বাৰা শ্বপিং ম'ল সমূহত বিক্ৰী কৰা এক কেজি কচুৰ দাম আশী টকা ৷ গতিকে তেনে ম'লত সাধাৰণ জনতাই প্ৰৱেশ তথা কচু ক্ৰয়ত দুগুণ দাম আদায় কৰি কচুৰ উপকাৰিতা কেনেকৈ পাব? এই ক্ষেত্ৰত চৰকাৰে ধনী-দুখিয়া ক্ৰয়কাৰীয়ে সামগ্ৰী লোৱা ব্যৱধানটো বঢ়াইহে তুলিলে ৷ কিন্তু চৰকাৰৰ দ্বাৰা পোনপটীয়াকৈ নিয়ন্ত্ৰিত এখন থলুৱা বজাৰত এক কেজি কচুৰ দামটো ধনী-দুখীয়া ক্ৰয়কাৰীয়ে সমান উপভোগ কৰিবলৈ সক্ষম হ'য় ৷ ইয়াত ধনী-দুখীয়া ক্ৰয়কাৰীৰ সামগ্ৰী লোৱা ব্যৱধানটো সমান অৱস্হাত থাকি যায় ৷ যিটো এখন গণতান্ত্ৰিক দেশত জনতাৰ ওপৰত পৰা অৰ্থনীতিৰ শৃংখলাটো নিৰপেক্ষ হৈ ৰয় ৷

কথা হ'ল চৰকাৰৰ সমূহে জনবিৰুধী নীতিৰে কৰা কামসমূহৰ দৃষ্টিভংগী সলনি নকৰিলে জনৰোষত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷ ঠিক যেনেকৈ অসমত পোন্ধৰটা বছৰ কংগ্ৰেছে ৰাজ্যখনৰ শাসন ব্যৱস্হা পুতিগন্ধময় কৰি জনতাক অতিষ্ঠ কৰি শেষত নিৰ্বাচনত জনসমৰ্থন হেৰুৱাই  নিজৰ ৰাজনীতিত এক ভ্ৰষ্টাচাৰী আৰু দুৰ্নীতিৰ ঠিকনা সংযোজিত কৰি ললে ৷ শেষতীয়াকৈ অসম চৰকাৰ আৰু বিটিএডি পৰিষদীয় চৰকাৰে বড়ো মহিলা সকলৰ ওপৰত চৰম অন্যায়ৰে নিজৰ মানুহৰ থলুৱা অৰ্থনীতিৰ বজাৰসমূহ ধ্বংস কৰি জনজীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে ৷ বিটিএডি প্ৰশাসনে চকুৰ আগতে নিজৰ জনজাতীয় মহিলা বেপাৰীৰে পৰিপূৰ্ণ থলুৱা বজাৰৰ ভেটিতো উন্নয়ন বঞ্চিত কৰি ঘোৰ গণতান্ত্ৰিক অন্যায় কৰিছে ৷ যাৰ ফলত বহু অঞ্চলৰ বড়ো মহিলা ব্যৱসায়ী সকলে পদপথত অতি কষ্টত নিজৰ নিজৰ সামগ্ৰী বিক্ৰীৰ কৰিব লগা হ'য় ৷ একেই দশা অসমৰ বিভিন্ন অঞ্চলৰ থলুৱা বজাৰসমূহৰ ৷ অসম চৰকাৰে আজিও থলুৱা অৰ্থনীতিৰ প্ৰাণকেন্দ্ৰ "স্হানীয় বজাৰ" সমূহৰ উন্নয়নৰে থলুৱা অৰ্থনীতিক অধিক প্ৰাণৱন্ত কৰি তুলিবলৈ অপৰাগতা প্ৰকাশ কৰি আহিছে ৷ কিন্তু এনে স্হানীয় বজাৰৰ পৰা চৰকাৰে এক ডাঙৰ ৰাজহ প্ৰতিটো বছৰে সংগ্ৰহ কৰে ৷ চকৰাৰে বজাৰৰ ৰাজহৰ পৰিমাণটো দিনক দিনে বঢ়াই তুলাত স্হানীয় ব্যৱসায়ীয়ে অধিক পৰিমাণৰ বজাৰ কৰ বেপাৰীয়ে লেচীক আদায় দি আহিব লগা হৈছে ৷ এই ক্ষেত্ৰত লেচী ব্যৱস্হাইও স্হানীয় ব্যৱসায়ীসকলৰ পৰা দুগুণ কৰ সংগ্ৰহৰে অধিক মুনাফা লুটি আহিছে ৷ চৰকাৰ আৰু লেচীৰ অসন্তোলিত কৰ সংগ্ৰহ ব্যৱস্হাৰে আপাতত অসমৰ স্হানীয় বজাৰ ব্যৱস্হাক জনতাৰ পৰা কাঢ়ি পুঁজিপতিৰ হাতত গতাই দিয়াই এতিয়া চৰকাৰৰ প্ৰধান দায়িত্ব ৷


অসম চৰকাৰে অসমৰ জনজাতীয় পৰম্পৰাগত অৰ্থনীতি তথা জনজাতি অঞ্চলৰ থলুৱা বজাৰসমূহ পুঁজিপতিৰ হাতৰ পৰা ৰক্ষা কৰিবই লাগিব ৷ থলুৱা অৰ্থনীতি সবলীকৰণ আৰু এই থলুৱা অৰ্থনীতিত জড়িত জনজাতীয় মহিলাৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত অসম চৰকাৰে নিজৰ দায়িত্বক প্ৰথমেই প্ৰাথমিকতা দিয়ক ৷ এই ক্ষেত্ৰত অসম চৰকাৰে তলৰ কেইটামান পৰামৰ্শ গুৰুত্ব দিলে ভৱিষ্যতে জনজাতীয় অঞ্চলৰ থলুৱা অৰ্থনীতিৰ ভেটি অধিক দৃঢ় হ'বলৈ সক্ষম হ'ব ৷

প্ৰথম,  অসম চৰকাৰে ডিমাছা, ৰাভা, কাৰ্বি আৰু বড়ো জনজাতিৰ এলেকাসমূহৰ স্হানীয় বজাৰসমূহ অধিক সুচল কৰিবলৈ বজাৰ গৃহৰ ব্যৱস্হা কৰা আৰু সেই অঞ্চলসমূহৰ উন্নয়ন অধিক আৰু বহল কৰিবলৈ দূৰদৰ্শী পৰিকল্পনা যুগুতাই তাক কাৰ্যকাৰী কৰক যাতে ভৱিষ্যতে সেই অঞ্চলসমূহত স্হানীয় ব্যৱসায়ীৰ বাহিৰে বহিঃৰাজ্যৰ বণিক আৰু পুঁজিপতি বণিকে প্ৰৱেশ কৰিব নোৱাৰে ৷

দ্বিতীয়, চৰকাৰে জনজাতীয় অঞ্চলৰ বাট-পথ উন্নয়নত অধিক গুৰুত্ব দিয়ক যাতে থলুৱা বজাৰ অৰ্থনীতিত জড়িত থলুৱা ব্যৱসায়ীক অধিক দামৰ বোজাই প্ৰভাৱ পেলাব নোৱাৰে ৷ এনে কৰিলে সামগ্ৰীৰ বজাৰ মূল্যৰ এক সুষ্ট তথা নিয়ন্ত্ৰিত মূল্যত নিৰ্ধাৰিত হৈ থাকিব ৷ মন ৰখা ভাল যে গণতান্ত্ৰিক দেশত সুষ্ট আৰু সুচল ব্যৱস্হাৰেহে দেশৰ প্ৰগতি আৰু বিকাশ আহে ৷

তৃতীয়,  চৰকাৰে স্হানীয় বজাৰসমূহত লেচী ব্যৱস্হা বিলুপ্তি কৰক ৷ এই লেচী ব্যৱস্হাই থলুৱা ব্যৱসায়ী আৰু কৃষকক অধিক শোষণ কৰে ৷ চৰকাৰে বজাৰ নিযন্ত্ৰণৰ ব্যৱস্হাটো পঞ্চায়ত(স্হানীয় নিকায়)ৰ হাতত ন্যস্ত কৰক ৷ যাতে পঞ্চায়তে লেচীৰ অবিহনে স্হানীয় বজাৰসমূহত এক সন্তোলিত কৰ নিৰুপণ কৰি বজাৰ পৰিচালনা কৰিব পাৰে ৷ পৰিষদীয় এলেকাৰ ক্ষেত্ৰত স্হানীয় বজাৰ ব্যৱস্হা নিয়ন্ত্ৰণ কৰিবলৈ পৰিষদৰ ব্যৱস্হাত থলুৱা ব্যৱসায়ীয়ে চৰকাৰক পোনপটীয়া কৰ আদায় দিবলৈ সক্ষম হ'য় যাতে তাৰ ব্যৱস্হা কৰক ৷

চতুৰ্থ, চৰকাৰে ৰাজ্যখনৰ স্হানীয় বজাৰ ব্যৱস্হাৰে থলুৱা অৰ্থনীতি টনকীয়ালৰ ক্ষেত্ৰত মহিলাসকলক অধিক গুৰুত্ব দি সা-সুবিধা প্ৰদান কৰিলে বাহিঃৰাজ্যৰ বণিকে অসমত আহি থলুৱা বজাৰ দখল কৰা আগ্ৰাসনটো বহু পৰিমাণে কমি আহিব ৷ যাৰ ফলত থলুৱা ব্যৱসায়ীৰ হাতত নিজৰ থলুৱা বজাৰসমূহ নিয়ন্ত্ৰণত থাকিব ৷
 
শেষত, ৰাজ্যখনৰ জনজাতি বসতিপ্ৰধান অঞ্চলসমূহত এতিয়াও বহু জনজাতীয় মহিলাই নিজৰ কৃষিজাত সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী বিক্ৰেতা হিচাপে থলুৱা অৰ্থনীতি উজ্জিৱীত কৰি অহাত বিশেষ ভুমিকা পালন কৰি আহিছে ৷ এই ক্ষেত্ৰত অসমৰ কাৰ্বি আংলঙৰ কাৰ্বিসকল আৰু উত্তৰ কাছাৰৰ ডিমাছা সকল, বিভিন্ন অঞ্চলত বসবাস কৰা ৰাভাসকল আৰু অসমৰ লগতে বিটিএডিত থকা বড়োসকলৰ মাজত নিজ নিজ কৃষি পথাৰত উৎপাদীত কৃষি সামগ্ৰীৰ লগতে অন্যান্য সামগ্ৰী বিক্ৰেতা হিচাপে পুৰুষতকৈ মহিলাইহে আগভাগ লৈ আহিছে ৷ গতিকে এনে মহিলা ব্যৱসায়ীয়ে দেশৰ অৰ্থনীতিত সহযোগ কৰাটো এক সন্মানীয় দিশ ৷ দেশৰ অৰ্থনৈতিক অৰিহণা যোগুৱাৰ ক্ষেত্ৰত জনজাতি মহিলাসকল পুৰুষতকৈ কোনো গুণে কম নহ'য় ৷ বিশেষকৈ অসমৰ দৰে পিচপৰা ৰাজ্যত ৷ জনজাতি মহিলাই বজাৰ নিয়ন্ত্ৰণ অৰ্থাৎ সামগ্ৰী ক্ৰয়-বিক্ৰয় পৰিচালনা কৰাটো সমগ্ৰ দক্ষিণ এছিয়াতে এটা ঐতিহাসিক পৰম্পৰা হিচাপে চলি আহিছে ৷ অসমো দক্ষিণ এছিয়াৰ অংশ হিচাপে ৰাজ্যখনৰ জনজাতি মহিলাসকলে বজাৰত সামগ্ৰী ক্ৰয়-বিক্ৰয় ব্যৱস্হাটো পূৰ্বৰ পৰাই চলি আহিছে ৷ সেয়ে অসমৰ অৰ্থনীতি মজুবুট কৰাত মহিলাৰ অংশগ্ৰহণক শক্তিশালী কৰি তুলিবলৈ জনজাতীয় এলেকাৰ বজাৰ অঞ্চল, বজাৰ গৃহৰ লগতে বাট-পথৰ উন্নয়ন চৰকাৰে দূৰদৰ্শী পৰিকল্পনাৰে ক্ষীপ্ৰ গতিত উন্নয়ন সাধন কৰিব লাগিব ৷

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ