आं प्रमद बर'आ बुंदों,
জয় জয়তে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ হৈ পৃথক বডোলেণ্ড দাবীৰ সমৰ্থনত আজি "ৰাষ্ট্ৰীয় ঘাইপথ ঘেৰাও" কাৰ্যসূচীৰ প্ৰতীবাদ স্হলীত সমবেত বড়ো আইসকলৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিজন সংগ্ৰামীলৈ মোৰ আন্তৰিক বৈপ্লৱিক অভিনন্দন জনাইছো ৷
আপোনালোকে জানে যে নিখিল বড়ো ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি পৃথক বডোলেণ্ড দাবীৰ বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে ৷ সেয়ে আজি বড়ো মহিলাসকলৰ স্বতষ্ফুৰ্ত সহযোগত পৃথক বডোলেণ্ড দাবীৰ লগতে পৃথক বডোলেণ্ডৰ বাহিৰৰ বড়োসকলৰ আত্ম-অধিকাৰৰ দাবীত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ বন্ধৰ কাৰ্যসূচী ৰূপায়ন কৰা হৈছে ৷ আজি এই বৃহৎ গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদস্হলীৰ পৰা মই জনাওঁ যে আমি ৰক্ষণাবেক্ষণ দিয়া এই ভুমিৰ হাৱা-বতাহ, পানী, মাটিৰ ফচল খাই তেখেতসকলে আমাৰ বড়োসকলকেই সকলো ফালৰ পৰা দমন কৰি আহিছে ৷ আমাক আমাৰ মাটিতে ধ্বংস কৰিব বিচাৰিছে ৷ আমি সেইটো কেতিয়াও সহ্য নকৰো ৷
আজি অসমৰ শাসন যন্ত্ৰ, অসমৰ ৰাজনীতিৰ কিছুমান মুষ্টিমেয় মানুহে শাসন আৰু শোষণৰ স্বাৰ্থত "সবকে চাথ, চবকে বিকাশ"ৰ ভুৱা শ্ল'গান গাই ফুৰে ৷ তেখেতসকলে ক'য় আমি জাতি মাটি ভেটিৰ কাৰণে কাম কৰিছো ৷ মই তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰো যে, আপোনালোকে আজিলৈকে কোনটো জাতিৰ বাবে কাম কৰিছে ? কোনখিনি মাটিৰ বাবে কাম কৰিছে? কোনটো জনগোষ্ঠীৰ বাবে আপোনালোকে কাম কৰি পালে? ভুমিপুত্ৰ হিচাপে অসম চৰকাৰৰ প্ৰতি আমাৰ প্ৰশ্ন আছে, আমাৰ প্ৰশ্ন আছে অসমৰ মুখ্যমন্ত্ৰি তথা জাতীয় নায়কলৈ…, আপুনি ক্ষমতালৈ অহাৰ আগত বড়োসকলক কৈছিল যে, অসমৰ সকলো জাতি মাটি ভেটি, পাহাৰ-ভৈয়াম, ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাক লৈ আমি চৰকাৰ চলাম ৷ ডাঙৰীয়া, বৰ্তমান চৰকাৰ আপুনি চলাই আছে কিন্তু আমি ন্যায় পোৱা নাই ৷ আজিৰ পৰা দহ বছৰ আগত; সেই কংগ্ৰেছ চৰকাৰৰ দিনত বডোলেণ্ডৰ কোকৰাঝাৰত মেডিকেল কলেজ স্হাপন কৰিম বুলি আধাৰশিলা স্হাপন কৰিছিল ৷ ইয়াৰ পাছত যোৰহাট মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ স্হাপন হৈ গ'ল ৷ যোৰহাট, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত আজি নিয়মীয়াকৈ শিক্ষাদান চলি আছে কিন্তু কোকৰাঝাৰ মেডিকেল কলেজৰ কাম আধাৰশিলাতে থমকি ৰ'ল ৷ অসম চৰকাৰে আজি দুদিনমান আগত পুনৰ নলবাৰীত এখন মেডিকেল কলেজ স্হাপন কৰি ২৪০ কোটি টকা চৰকাৰে অবন্টন দিলে ৷ কিন্তু বড়োসকলৰ মাজত হ'লে মেডিকেল কলেজ স্হাপন হ'ব নালাগে ৷ আপোনালোকে এইমচ্ স্হাপন কৰিলে চাংসাৰিত কিন্তু বড়োসকলক এইমচ্ নালাগে, দিবলৈ কুণ্ঠাবোধ কৰে ৷ আপোনালোকৰ শংকা হ'য় বড়োসকলৰ উন্নতি দেখিলে ৷ অথচ ক'য় "চবকা চাথ, চবকা বিকাশ" মুখ্যমন্ত্ৰি মহোদয়, আমি দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছো আমাক কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় লাগে ৷ কিন্তু অসম চৰকাৰে কৌশলগতভাৱে কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় বড়োসকলক নিদি তেজপুৰ আৰু শিলচৰলৈ লৈ গ'ল ৷
আপোনালোকে নতুন নতুন ইঞ্জিনিয়াৰিং স্কুল-কলেজ স্হাপন কৰিলে, পি বি ইঞ্জিনিয়াৰিং কলেজত মাত্ৰ দুখন চাব্জেক্ট পঢ়াই আছে ৷ ইয়াতকৈ সেই ইঞ্জিনিয়াৰিং কলেজত বেছি বিষয় নপঢ়ায় ৷ সাহসে নুকুলায় ৷ আপোনালোকে নতুন নতুন পলিটেকনিক কলেজ স্হাপন কৰিছে কিন্তু বডোলেণ্ডৰ ভিতৰত এখনো পলিটেকনিক কলেজ স্হাপন কৰা নাই ৷ কিয় স্হাপন কৰা নাই এবাৰ জনাব নে? বড়ো ছাত্ৰ-ছাত্ৰীয়ে টেকন'লজি শিকিব নালাগে ৷ পূৰ্ৱে কোকৰাঝাৰৰ শিক্ষা সূচনীয় নাছিল, যি এইবাৰ হ'ল ৷ এইবাৰ বড়োমাধ্যমৰ মেট্ৰিক ফলাফল কোকৰাঝাৰত একেবাৰে নিম্নগামী হ'ল কেৱল আপোনালোকৰ বৈষম্যতাৰ বাবে ৷ বড়ো ভাষাৰ মাধ্যম বিদ্যালয়সমূহত শিক্ষক নিদিয়ে, শিক্ষকক উপযুক্ত প্ৰশিক্ষণ নিদিয়ে আপোনালোকে ৷ বড়ো ভাষাৰ মাধ্যমৰ কেন্দ্ৰীয় বিদ্যালয়সমূহ নেচনেলাইজেচন কৰিব লাগে সেইটো আপোনালোকে নকৰে ৷ ছাত্ৰ-ছাত্ৰীক কিতাপসমূহ সময় নিদিয়ে ৷ আমাৰ দীৰ্ঘদিনিযা দাবীৰ স্বত্বেও আপোনালোকে বড়োসকলক এটা পৃথক শিক্ষা সঞ্চলকলয় নিদিয়ে ৷ বড়ো সকলক পৃথক সঞ্চালকলয় দিবলৈ আপোনালোকৰ সময় আৰু সাহস নহ'ল ৷ মাত্ৰ বড়ো ভাষা মাধ্যমৰ এলপি ৰ পৰা ইউনিভাৰচিটিলৈকে চোৱা চিতা কৰিব কাৰণে ১৫-২০জন চাকৰিয়ালৰ দ্বাৰা এটা পৃথক শিক্ষা সঞ্চালকলয় বিচাৰিছিলো ৷ আমাক আমাৰ ভাষাৰ পৰা, শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখা আপোনাৰলোকৰ কাৰচাজিবোৰ বুজিবলৈ বাকী নাই… ৷
আমি এই অসমত বসবাস কৰিব নোৱাৰো ৷ এই অসমত বড়োসকলে বসবাস কৰিলে বড়োসকলৰ চহকী ভাষা, সমস্কৃতি তথা নিজৰ আত্ম-পৰিচয় আৰু অস্তিত্ব থান-বান হৈ যাব ৷ পৃথিৱীৰ পৰা এটা জাতি হেৰাই যাব যিটো আমি হ'ব দিব নোৱাৰো ৷ গতিকে বড়োসকল প্ৰতিজ্ঞাবদ্ধ; যেনেকৈ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে বড়োসকল পঞ্চাছ বছৰ ধৰি অবিৰত সমগ্ৰাম কৰি আহিছে ঠিক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আজিও লাখ লাখ বড়ো মহিলা পৃথক বড়োলেণ্ডৰ বাবে স্বত্বষ্ফূৰ্তভাৱে এই ৰাজপথলৈ শান্তিপূৰ্ণ পৰিৱেশ লৈ ওলাই আহিছে আৰু গণতান্ত্ৰিক প্ৰতিবাদেৰে নিজৰ দাবী জনাইছো৷
এই সংগ্ৰাম কোনো এজন বড়ো ব্যক্তি বা নেতাৰ সমগ্ৰাম নহ'য় ৷ এই সংগ্ৰাম প্ৰতিজন অধিকাৰ বঞ্চিত বড়ো অবাল-বনিতাৰ সংগ্ৰাম যি আজি বড়ো মহিলাৰ বিশাল সমৱেশে স্পষ্ট কৰি দিলে ৷ আজি আমাৰ এই সংগ্ৰামক নিজৰে অংশ বুলি ভাৱি আমাৰ ৰাভা, গাৰো আৰু গোৰ্খাসকলৰ মহিলাও লগ দিবলৈ আহিছে ৷ অধিকাৰ বঞ্চিত বিভিন্ন জনগোষ্ঠী আহিছে ৷ এই আপাহে আমাক সহযোগ কৰা আপোন ৰাভা, গাৰো আৰু গোৰ্খাসকললৈ ধন্যবাদ জনাইছো ৷ এই আন্দোলন আজি বড়োসকলে চলাই আহিছো ৷ কিন্তু এইটো নহ'য় যে এই আন্দোলনৰ ফচল কেৱল বড়োসকলেই ভোগ কৰিব ৷ আমি এই অঞ্চলৰ উন্নয়-প্ৰগতিৰ কথা কৈছো ৷ প্ৰত্যেকৰে সম ন্যায়ৰ কথা কৈছো ৷ এই অঞ্চলত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে বসবাস কৰি আহিছো ৷ কিন্তু অসম চৰকাৰে এই অঞ্চলৰ জনসাধাৰণক সু-শাসন, নিৰাপত্তা আৰু সম-উন্নয়ন দিব পৰা নাই ৷ ইয়াৰ জনসাধাৰণক ভাৰতৰ সমবিধান প্ৰদত্ত আত্ম-মৰ্যদা দিব পৰা নাই ৷ সেয়ে বড়োসকলে এখন পৃথক ৰাজ্য দাবী উত্থাপন কৰি সংগ্ৰাম অব্যাহত ৰাখিব লগা হৈছে ৷
আজিৰ এই শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলন দেখি চৰকাৰ শংকিত হৈছে ৷ তেওঁলোকৰ মানুহে কৈছে, "কিয়১০ ঘন্টাকৈ পথ অৱৰোধ কৰিছে? এইটো ল'এণ্ড আইনৰ পৰিপন্থী হ'ব তথা আইন বিৰুদ্ধে হ'ব" , আপোনালোকৰ এই কথা ঠিকেই আছে ৷ আজি আমি বড়োসকলে নিজৰ অধিকাৰৰ বাবে, আত্ম-পৰিচয় বিচাৰি গণতান্ত্ৰিক ভাৱে দহ ঘন্টা পথ, ৰেল, বাছ বান্ধ কৰা বাবে ভুল কৰিছো, তেন্তে আজি বড়োসকলে যোৱা পঞ্চাছ বছৰে নিজৰ অধিকাৰৰ পৰা, ন্যায়ৰ পৰা, মৌলিক অধিকাৰৰ পৰা, অৰ্থনৈতিক অধিকাৰৰ পৰা, ৰাজনৈতিক অধিকাৰৰ পৰা আপোনালোক আইনৰ ৰক্ষকে বড়োসকলক বঞ্চিত কৰি ৰখাটো কিয় আইন বিৰুদ্ধে, ল'এণ্ড আইনৰ পৰিপন্থী বুলি নক'য়? বড়োসকলক দীৰ্ঘ বছৰ বঞ্চিত, কৰি অহা অন্যায়বোৰ দেখি নাপায় আপোনালোকে কিন্তু বড়োসকলে মাত্ৰ দহ ঘন্টা পথ অৱৰোধ কৰিলে আপোনালোকে দেখি পায় ৷ মই আইন ৰক্ষকক ক'ব বিচাৰিছো যে আপোনালোকে অধিকাৰ বঞ্চিত প্ৰতিবাদী জনতাক দুষাৰোপৰ দৃষ্টিৰে দিয়াটো বন্ধ কৰক ৷ তাৰ পৰিৱৰ্তে ৰাজনীতিৰ নেতাসকল ভুলবোৰকো দণ্ডনীয় কৰ্ব পাৰিব লাগিব ৷ সকলোকে সম দৃষ্টি দিব লাগিব ৷
পৃথক বডোলেণ্ডৰ বাবে বড়োসকলে পুনৰ অস্ত্ৰ হাতত ল'ব বিচৰা নাই ৷ আমি হিংসা বিচৰা নাই ৷ ইতিমধ্যে বড়ো সকলে হিংসাৰ বাবে বহু মূল্য ভৰিব লগা হৈছে ৷ হিংসাৰ মাধ্যমৰে নিজৰ প্ৰাপ্য আদায় কৰা সংগ্ৰামত প্ৰায় ৫৬০০ হাজাৰ তেজাল বড়ো যুক-যুৱতী আমাৰ মাজৰ পৰা হেৰাই গৈছে ৷ অস্ত্ৰ লোৱাৰ নামত বহু নিৰপৰাধি বড়ো যুৱক-যুৱতীক গুলিয়াই হত্যা কৰি দিয়া হ'ল ৷ আমাৰ ওচৰত সকলো হিচাপ এতিয়াও মজুত আছে ৷ অসম চৰকাৰ কেনেকৈ চলি আছে সেয়া প্ৰতিজন বড়োয়ে ভালদৰে জানে ৷ চৰকাৰৰ কেইজন নেতা, বিষয়াই কোন জাতিক ভাল পায়-নাপায়, কাক মৰম কৰে-নকৰে, কাক সন্মান দিয়া আদিৰে কিমান বৈষ্যমতা নীতিৰে কাম কৰি আছে সেয়া আমাৰ হিচাপ আছে ৷ বড়ো সকলে ভাৰতীয় সংবিধানক অপমান আৰু অ-সন্মান কৰিব নাজানে আৰু কৰিব নিবিচাৰে ৷ আমি ভাৰতীয় সংবিধানক সন্মান কৰো ৷ আমাৰ সংগ্ৰাম, আমাৰ আন্দোলন কোনো বেলেগ জাতিৰ বিৰুদ্ধে নহ'য় ৷ আমাৰ আন্দোলন না ৰাজবংশী বিৰুদ্ধে, না বঙালী বিৰুদ্ধে, না মুছলমান বিৰুদ্ধে ৷ আমাৰ সংগ্ৰাম কাৰোৰে বিৰুদ্ধে নহ'য় ৷ আজিলৈকে বড়োসকলে কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে সংগ্ৰাম কৰি পোৱা নাই ৷ যি আন্দোলন, সংগ্ৰাম কৰিছে সেয়া বড়ো জাতিয়ে নিজে জীয়াই থাকিবলৈ, নিজৰ অস্তিত্ব-পৰিচয়, নিজৰ অধিকাৰ, নিজৰ স-সন্মান, নিজৰ সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি সংগ্ৰাম তথা আন্দোলন কৰিছো ৷ অসমৰ কিছুমান বুদ্ধিজীৱিয়ে বড়োসকলৰ ন্যাৰ্য্য সংগ্ৰামক অপ-ব্যাখ্যা কৰি জনসাধাৰণলৈ ভুল বাৰ্তা প্ৰেৰণ কৰি আহিছে ৷ তেওঁলোকে বড়োসকলৰ সংগ্ৰামক উগ্ৰ জাতিয়তাবাদী আখ্যা দিয়ে ৷ বড়োসকলে অন্য জনগোষ্ঠীক খেদি পঠিয়াইছে বুলি এটা মিছা অপবাদ দি আহিছে, যিটো আজিলৈকে হোৱাই নাই ৷ এই মাটি, এই ভুমি আমাৰ ৷
এই মাটিত আমাৰ বড়োসকলৰ জন্মগত অধিকাৰ বিচৰা আৰু অধিকাৰ উপভোগ কৰা সম্পূৰ্ণ অধিকাৰ আছে ৷ এই মাটিৰ যিমান তললৈ খান্দিব সিমানেই আমাৰ পূৰ্বজৰ হাড় পাব ৷ আমাৰ বড়োসকলৰ পূৰ্বজৰ হাড়েৰে সংমিশ্ৰিত এই মাটি এতিয়াও জীপাল হৈ আছে ৷ ইতিহাসে ভুল কথা নকয়, আমি ইতিহাসক লৈ সংগ্ৰাম কৰি আহিছো ৷ সেই বাবে অসম চৰকাৰ, ভাৰত চৰকাৰ উভয়কে বড়োসকলক পৃথক বডোলেণ্ড ওপৰত শীঘ্ৰে আলোচনা কৰিবলৈ দাবী জনাইছো ৷
যোৱা ২৬ এপ্ৰিলত আমাৰ নেতৃত্ববৃন্দৰ সৈতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰি মাননীয় ৰাজনাথ সিং, অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰি সৰ্বানন্দ সোণোৱালদেৱৰ লগত পৃথক বডোলেণ্ডৰ কাৰণে এলানি আলোচনা হৈছিল ৷ উক্ত আলোচনাতে তেওঁলোকে কৈছিল যে শীঘ্ৰে পৃথক বডোলেণ্ড সমস্যা সমাধান কৰা হ'ব ৷ কিন্তু উক্ত আলোচনাৰ তিনি মাহৰ পাছতো পৃথক বডোলেণ্ডৰ সমস্যাৰ সমাধানৰ সম্পৰ্কত ভাৰত চৰকাৰ আৰু অসম চৰকাৰে কোনো ফলৱতী পদক্ষেপ নললে ৷ আমি এই প্ৰতিবাদী সংগ্ৰামস্হলীৰ পৰা ভাৰত চৰকাৰৰ মাননীয় ৰাজনাথ সিং আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰি সৰ্বানন্দ সোণোৱালক সুধিব বিচাৰো যে, দহ কোটি সদস্যৰে ভৰপূৰ এটা বৃহৎ ৰাজনৈতিক দলে শাসনলৈ অহাৰ পূৰ্বে কি যুক্তিত মিছাৰ আশ্ৰয় লৈ বিজেপি শাসনৈ আহিলে নতুনকৈ পৃথক বডোলেণ্ড আৰু গোৰ্খালেণ্ড ঘোষণা কৰিম বুলি কৈছিল? কলৈ গ'ল আজি এটা বৃহৎ সদস্য থকা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰি নতুন ৰাজ্য বডোলেণ্ড আৰু গোৰ্খালেণ্ড ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি? চৰকাৰ গঠনৰ চাৰি বছৰ পাৰ বৈ যোৱাৰ পাছতো কিয় ভাৰত চৰকাৰে বড়োসকল আৰু গোৰ্খাসকলক পৃথক ৰাজ্য দিব বিচৰা নাই? আমি ভাৰত চৰকাৰৰ ওচৰত দাবী জানাও যে শীঘ্ৰে বডোলেণ্ড আৰু গোৰ্খলেণ্ডৰ সমস্যা সমাধান কৰক ৷ অন্যথা আমি পৃথক বডোলোণ্ডৰ সমস্যা সমাধানৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন অৱ্যহত ৰাখিম৷
ইতিমধ্যে আমি চৰকাৰৰ পৰা সহাৰি নাপালে চেপ্তেম্বৰ মাহৰ পৰা বডোলেণ্ড সমস্যা সমাধানৰ দাবীত এক ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী হাতত লৈছো ৷ প্ৰথম পৰ্যায়ত চেপ্তেম্বৰৰ ১১ তাৰিখে ১২ ঘন্টিয়া অসম বন্ধ ঘোষনা কৰিছো ৷ তাৰ পাছত অক্টোৱৰ মাহত ৰাজপথত অন্নশন কাৰ্যসূচী হাতত লৈছো ৷ পূৰ্বেই আমি কৈ আহিছো যে এই গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ প্ৰমূল্য আৰু মূল্যক যদি সন্মান জনাই আলোচনাৰে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে পৃথক বডোলেণ্ড সমস্যা সমাধানৰ বাবে আগবাঢ়ি নাহিলে তথা সমস্যাটো সমাধানত আগ্ৰহী নহলে আমি আমাৰ গণতান্ত্ৰিক প্ৰতিবাদী আন্দোলন তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিম ৷ আমাৰ প্ৰতিবাদী আন্দোলনৰ সময়ছোৱাত যদি যিকোনো হিংসাত্মক পৰিস্হিতি উদ্ভৱ হ'লে বড়ো জনগণ তাৰ বাবে জগৰীয়া নহ'ব ৷
জৈ বড়ো হাৰি নি জৈ…
জৈ বডোলেণ্ড নি জৈ…
ন'বডোলেণ্ড, ন' চলিউচন…
ন' বডোলেণ্ড ন' ৰেচ…
ডিভাইড আছাম ফিফটি ফিফটি…
এবছু লং লিভ…
জৈ বড়ো হাৰি নি জৈ…
ধন্যবাদেৰে…
প্ৰমোদ বড়ো
সভাপতি, এবছু
বিঃদ্ৰঃ পৃথক বড়োলেণ্ডৰ দাবীত যোৱা ২৮ তাৰিখে নিখিল বড়ো ছাত্ৰ সন্থাই লোৱা "মহিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ" কাৰ্যসূচীৰ প্ৰতিবাদস্হলীৰ পৰা কেন্দ্ৰীয় সভাপতি মাননীয় শ্ৰী প্ৰমোদ বড়োদেৱে দিয়া প্ৰতিবাদী মুল অভিভাষণটোৰ সম্পাদিত ৰূপ আপোনালোকলৈ আগবঢ়াই দিছো ৷ এই ক্ষেত্ৰত মোলৈ দুজন মান প্ৰতিবাদী বন্ধুৱে মাননীয় প্ৰমোদ বড়ো ছাৰৰ সংগ্ৰামী অভিভাষণটো ইউটিউবত পাই ফেচবুকতে লিংক আগবঢ়াইছিল ৷ পাছত ইউ টিউবৰ পৰা বড়ো ছাৰৰ অভিভাষণটো সংগ্ৰহ কৰি লিখিত ৰূপত এয়া প্ৰকাশিত কৰা হ'ল ৷ এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা তথা মাননীয় প্ৰমোদ বড়ো ছাৰৰ পৰা আগতীয়া বা কোনো অনুমতি নোলোৱাৰ বাবে ছাৰৰ ওচৰত মই ক্ষমা পাৰ্থী ৷ মাননীয় প্ৰমোদ ছাৰৰ সু-স্বস্হ্য অটুত থাকিব বাবে মই আফা বৰাই বাথৌৰ ওচৰত আৰজ জনাইছো ৷
জৈ বড়ো হাৰি নি জৈ…
জৈ বডোলেণ্ড নি জৈ…
এবছু লং লিভ…
লং লিভ প্ৰমোদ বড়ো ছাৰ…
জৈ বড়ো হাৰি নি জৈ…
ধন্যবাদেৰে …
ভুবন
শিৱসাগৰ
Comments
Post a Comment