স্বয়ম্ভু ঈশ্বৰঃ

  ৰামায়ণ যুগ, মহাভাৰত যুগৰ মানৱ ভগৱান আৰু আজিৰ নব্য আধুনিকতাৰ যুগত স্বয়ম্ভু ঈশ্বৰৰ পাৰ্থক্য নাই বুলিয়ে ক'ব লাগিব ৷ ৰামায়ণ যুগৰ ঈশ্বৰ আখ্যাপোৱা অযোধ্যাৰ ৰামও নাৰী ঘটনাৰ পৰা নিলগত নাছিল সেইটো না ক'ব নোৱাৰি ৷ কাৰণ যিখন সমাজত স্বয়ং ৰাম ৰজাৰ হোৱাৰ উপৰিও প্ৰজাৰ কাৰণে ভগৱান আছিল সেইজন ৰামেই নিজৰ পত্নী সীতাক অনাৰ্য মহাবীৰ ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ পাছত পত্নী তথা ৰাজপত্নী হিচাপে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ৷ সীতাক(ভগৱান লক্ষ্মী অৱতাৰ) ৰাজ্য তথা ৰাজহাউলীৰ পৰা বাহিৰ কৰি দিছিল ৷ তেনে ক্ষেত্ৰত "ৰাম" এজন ঈশ্বৰ হোৱাৰ কি যোগ্যতা আৰ্জিলে? যি ঈশ্বৰে নিজেই নিজৰ পত্নী সীতাক ৰাইজৰ সন্দেহজনক চকুৰে পত্নীৰ চৰিত্ৰৰ ওপৰত বিচাৰ কৰিছিল ৷ নিজৰ পত্নী সীতাক নিজৰ নিৰ্দোষীতাৰ প্ৰমাণৰ বাবে জুইত জপিয়াবলৈ বাধ্য কৰোৱাই একপ্ৰকাৰ নাৰী বিৰুধী,সমাজবিৰুধী কাম কৰা নাছিল জানো? পিছত ৰামৰ চৰিত্ৰৰ কলষু ঢাকিবলৈ মমতাময়ী সীতা আৰু অনাৰ্য মহাবীৰ ৰাৱণৰ ওপৰত বদনাম জাপি দিছিল ৷
   ভগৱান শ্ৰীকৃষ্ণ ! মহাভাৰতৰ এজন অতি চতুৰ কূটনীতিবিদ ৷ ককটেল ৷ দেউতাক এজন গো-পালক আৰু মাক অনাৰ্য অসুৰ মহাজাতিৰ ৰজা কংসৰ ভনী ৷ ক'ব গলে শ্ৰীকৃষ্ণ অসুৰৰ ভাগিনীয়েক ৷ পৈণত অৰ্থাত যুৱক অৱস্হাত শ্ৰীকৃষ্ণই দ্বাৰকা ৰাজ্যৰ ষোল্ল হাজাৰ নে শ যুৱতীৰ লগত প্ৰেম লীলা চলাইছিল ৷ এজনী দুজনী নহ'য় ৷ হাজাৰ যুৱতী শ্ৰীকৃষ্ণৰ চালনাৰ বলি হৈছিল ৷ হয়টো প্ৰতিগৰাকীয়ে নিজৰ সতীত্ব হেৰুৱাইছিল ৷ কৃষ্ণৰ প্ৰেমৰ চৰম প্ৰতাৰণাৰ বলি হৈছিল প্ৰেমিকা ৰাধা ৷ কৃষ্ণৰ ৰাধা প্ৰেমৰ কথাৰ পাছত মহাভাৰতৰ অন্যত ৰাধা কথা ক'তো পোৱা নাযায় ৷ কিছু লোকে কয়, কৃষ্ণই যি গৰাকী ৰাধাৰ লগত লীলা কৰিছিল সেই গৰাকীয়েই শেষত কৃষ্ণৰ ভাৰ্য্যা ৰুক্মিণী ৷ কিন্তু কথা হ'ল যি কৃষ্ণই বৃন্দাবনতে ৰাধাৰ লগত যৌৱন লীলা কৰিছিল সেই ৰাধা পাছত কেনেকৈ কুণ্ডিল ৰাজ্যৰ ৰজাৰ কন্যা ৰুক্মিণী হ'লগৈ? গতিকে কৃষ্ণই নিজৰ প্ৰেয়সীৰ উপৰিও আৰু হাজাৰ হাজাৰ প্ৰেয়সীৰ লগত গোপন প্ৰেম লীলা কৰি কেনেকৈ এজন ঈশ্বৰ হ'ল? হ'য় তেওঁৰ ৰাজনীতি কৰা, অস্ত্ৰ-শস্ত্ৰ চলোৱা, কূটনীতি কৰা, প্ৰজা সেৱা কৰা গুণৰ আঁকৰ থাকিব পাৰে, কিন্তু ঈশ্বৰ কেনেকৈ? এতিয়া এই ভাৰতবৰ্ষৰ কথা আহো য'ত চৰকাৰে "কন্যা বচাও, বেটি বচাও" অভিযান কোটি কোটি টকা খৰচৰে প্ৰচাৰ চলাই আহিছে, সেইখন দেশতে চৰকাৰৰ ভৃত্যবোৰেই পাইকাৰী হাৰত কন্যা ভ্ৰুণ, শিশু কন্যা, আৰু নাবালিকা ধৰ্ষণ আৰু হত্যা কৰি আহিছে ৷ কেইজনমানে আৰু এখোপ উপৰলৈ উঠি নিজকে "অতি মানৱ", "স্বয়ম্ভু ঈশ্বৰ" ৰূপত জনসাধাৰণক আছন্ন কৰিবলৈ বিভিন্ন কৌশল অৱলম্বনত নামিছে ৷ যিবোৰ কৌশলে দেশ আৰু সমাজৰ বিকাশত কোনো তিলমানো আৱদান নাই ৷ সেই অতি মানৱ বা স্বয়ম্ভু ঈশ্বৰে প্ৰতিজন মানুহৰ পৰা বে-আইনীভাৱে নিদিষ্ট বৰঙনী সংগ্ৰহৰে নিজৰ পেটৰ ভোক নিবাৰণৰ লগতে নিজৰ যৌন ক্ষুধা পূৰণ তথা তৃপ্তিত মত্ত হৈছে ৷ স্বয়ম্ভু ঈশ্বৰে বিভিন্ন ভক্তি মাৰ্গ, ভক্তি দৰ্শন, ভক্তি গান বাক্যৰে, যিবোৰত কোনো দিনে শ্ৰমৰ কথা উল্লেখ নাই তেনে কথাৰে শ্ৰমজীৱি মানুহক কৰ্ম বিমুখ কৰি দেশৰ অৰ্থনীতি আৰু বিকাশত চৰম কোঠাৰঘাত কৰি আহিছে ৷ তাতোকৈ আচৰিত গুৰুত্বপূৰ্ণ কথা হ'ল, স্বয়ম্ভু ঈশ্বৰে ঈশ্বৰৰ নামত বে-আইনী নাৰী দেহ ব্যৱসায়ৰ সম্ৰাজ্য বিস্তাৰ কৰি গৈ থকা ৷ এই ভক্তি ব্যৱসায়ৰ অন্তৰালত যে এখন নগদ অৰ্থ তথা কৰবিহীন ৰমৰমীয়া কাৰোবাৰ অনায়সে চলি থাকে সেইটো সৰ্বসাধাৰণৰ কৰ্ণগোচৰ নপৰাটোৱেই স্বভাৱিক ৷ কাৰণ পৃথিৱীত উৎকৃষ্ট পণ্য যদি আছে তেন্তে সেয়া নাৰী দেহ ৷ এজনী ষোল্লশী নাৰীৰ কামনীয়তা আৰু তাতে বিনা অৰ্থত অৰ্থাৎ উপঢৌকন পালে দেশখনৰ একেবাৰে সৎ বিষয়া-কৰ্মচাৰী তথা ৰাজনীতিকে নিজৰ গোপনীয় যৌন ক্ষুধা কি দৰে সামৰিব? এক প্ৰতিবেদনত প্ৰকাশ যে ভাৰতৰ দৰে বিশাল দেশখনৰ চৰকাৰী-বেচৰকাৰী সংস্হা, অনুষ্ঠানৰ উচ্চ পদস্হ বিষয়াসকল পৰিয়ালৰ ক্ষেত্ৰত সুখী নহ'য় ৷ প্ৰায় ভাগ উচ্চ পদস্হ বিষয়া-কৰ্মচাৰিয়েই নিজৰ সহধৰ্মীনিৰ লগত যৌন ভোগ কৰাত অসুখী ৷ তেনে ক্ষেত্ৰত তেওঁলোকেই নাৰী দেহৰ পূৰ্ণ সম্ভাৱনময় বজাৰ এখন জীয়াই ৰখাৰ লগতে এই বিশাল দেশতেই অনুন্নত অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহু যুৱতীয়ে নিজৰ পৰিয়ালৰ ভৰণ-পোষণৰ স্বাৰ্থত অনিচ্ছাস্বত্তেও দেহ বৃত্তিত নামিব লগা হ'য় ৷ তদুপৰি দেশৰ অনুন্নত অঞ্চলৰ দৰিদ্ৰ পৰিয়ালেই দেহ বিক্ৰীকাৰী যুৱতী উৎপাদন কৰি অহা নাই ৷ এই পৃথিৱীত বৰ্ধিত ভোগবাদী সমাজখনেও তেওঁলোকৰ মাজৰ পৰা দেহ বিক্ৰী কৰা অসংখ্য শিক্ষিত যুৱতী সৃষ্টি কৰি আহিছে ৷ তেওঁলোকৰ লক্ষ্যই হৈছে সীমাহীন অৰ্থ আৰু সম্পত্তি আয় কৰা ৷ গতিকে এনে সমীকৰণবোৰ চালি জাৰি চাই স্বয়ম্ভু ঈশ্বৰে মানৱ দেহৰ বজাৰ নিৰন্তৰ গতিত চলাই যোৱাটো স্বাভাৱিক ৷এই ব্যৱসায়ৰ পথ বন্ধ কৰাটো এক অবাস্তৱ মাথো ৷
   ভাৰতবৰ্ষৰ কোটিপতি উদ্যোগপতিকৈ বৃত্তবান হ'ল ধৰ্মগুৰু সকল ৷ ভাৰতবৰ্ষত বৰ্তমান বহু ধনী তথা দামী মঠ-মন্দিৰ, গীৰ্জা-মজিদ আছে ৷ তদুপৰি এনে বৃত্তবান মঠ মন্দিৰ অকল ভাৰতবৰ্ষতে থকা নাই ৷ পৃথিৱীৰ প্ৰতিখন দেশতে আছে ৷ কথা হ'ল ইয়াৰ চৰিত্ৰৰ বিষয়টো, সামাজিক স্হিতিটো, ভক্তিৰ আদৰ্শ, দৰ্শনৰ ধাৰণাটো ৷ ভাৰতত ঈশ্বৰ ভক্তি ধাৰণাটো বহু পৌৰাণিক যদিও ভক্তিৰ ক্ষেত্ৰত এটা শৃংখলা নাই ৷ ইয়াৰ পৰিবৰ্তে ধৰ্মৰ নামত কিছুমান অ-প্ৰয়োজনীয় বদ্ধমূল ধাৰণাহে আছে ৷ সেয়ো শৃংখলাহীন ভক্তি ধাৰণাই মানুহৰ অসৎ প্ৰবৃতিক অৰ্থাৎ ঈশ্বৰৰ নামত হোৱা ধাৰাবাহিক অত্যাচাৰবোৰ পূৰ্ণ বন্ধ একেবাৰে কৰিব পৰা হোৱা নাই ৷ তদুপৰি শৃংখলাহীন ভক্তি ধাৰণাই বহু ক্ষেত্ৰত কোনো ধৰ্মগুৰুৰ প্ৰতি অন্ধ ভক্তিৰ চিকাৰ কৰায় ৷ যিটো ভাৰতবৰ্ষৰ বাহিৰৰ ভক্তি দৰ্শনত আজিও নাই ৷ তেওঁলোকৰ ধৰ্মত শৃংখলা আৰু নিয়মানুৱৰ্তীতা আছে ৷ গতিকে ভাৰতবৰ্ষৰ দৰে পাঠ্যপুঠিৰ শিক্ষা আৰু সামাজিক শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলৰ লোকে ঈশ্বৰ পৰিৱৰ্তে স্বয়ম্ভু ঈশ্বৰক আপোন কৰি লোৱা, জ্ঞানৰ অন্ধত্বৰে স্বয়ম্ভু ঈশ্বৰৰ শৰণাপন্ন হোৱা কোনো স্বাভাৱিক কথা নহ'য় ৷ সেয়েহে ভাৰতবৰ্ষৰ দৰে বিশাল দেশত কোনবা বাবা, কোনবা ৰাম-ইনচান, কোনবা নাইক একে নিশাতে কোটি কোটি টকাৰ সম্পত্তি পাহাৰ গঢ়িব পাৰে আৰু নিজৰ সুৰক্ষাৰ বাবে পাৰ্লিয়ামেন্ট আৰু জনতা নিজৰ স্বাৰ্থত প্ৰয়োগ কৰিব পাৰে ৷ মেনেজ কৰিব পাৰে ৰাজনীতি আৰু ৰাজনীতিকক ৷ নিজৰ ইচ্ছাত নচোৱাব পাৰে প্ৰশাসনক ৷
   শ্বয়ম্ভু ঈশ্বৰৰ অন্ত ক'ত? এটাই ৰাস্তা আছে ৷ তেওঁলোকৰ দান আৰু বৰঙনী লোৱত হস্তক্ষেপ ৷ কোনে কৰিব এই হস্তক্ষেপ? গণতন্ত্ৰৰ চাৰিওটা স্তম্ভই তেওঁলোকৰ হাতৰ মুঠিত ৷ ভুক্তভুগি জনতাই গণতন্ত্ৰৰ চতুৰ্থস্তম্ভৰ ওপৰতো বিশ্বাস হেৰুৱাই পেলাইছে ৷ তেন্তে সমাধান ক'ত? এটা ডাঙৰ প্ৰশ্ন ! ইয়াৰ উত্তৰ এটাই ৷ সচেতনতা আৰু সাহসেই আমাৰ সমাধানৰ পথ ৷ হাজাৰ জনৰ চকু মেল খোৱাই দিয়া জনেই সমাধান ৷ দুৰ্ভোগ ভুগি সাহসৰে ন্যায়ৰ কাষ চাপি যুঁজ কৰাজনেই সমাধান ৷ কাৰোবাৰ ন্যায়ৰ কাৰণে কাষ চাপি যোৱা আৰু সহায় কৰাজনেই সমাধান ৷ আপুনি সমাধান বিচাৰি কোনো অনুষ্ঠানৰ বাবে কাকুতি মিনতি কৰিবৰ প্ৰয়োজন নাই ৷ আপুনি নিজেই সমাধানৰ অনুষ্ঠান ৷ আপোনাৰ প্ৰতিবাদেই আপোনাৰ সমাধান ৷ সাহসেই সমাধান ৷ যি সাহসত সেই শ্বয়ম্ভু ঈশ্বৰে প্ৰকৃত শ্ৰমশীল ঈশ্বজন আমাৰ পৰা কাঢ়ি লৈ যাব বিছাৰিছে, যি শ্বয়ম্ভু ঈশ্বৰে আমাৰ চিন্তাশীল চেতনাক অন্ধকোপত দলিয়াই দিছে, শ্ৰমশীলতাক কাঢ়ি নিছে, সেই শ্বয়ম্ভু ঈশ্বৰক পৰাভুত তথা ধ্বৱস্ত কৰি দিয়া পথটোৱেই হ'ল সাহস ৷ শূলৰে শূল কাঢ়িব আমি জানিব লাগিব ৷ অন্যায়ক ন্যায়ৰ পথ আমি নিজেই দেখুৱাব লাগিব ৷ গতিকে ঈশ্বৰৰ নামত শ্বয়ম্ভু ঈশ্বৰক নিজৰ অস্তিত্ব গঢ়িবলৈ দুৰ্বল আৰু অন্ধ নহ'ব ৷
   সেয়েহে ৰামায়ণ, মহাভাৰতৰ ৰাম আৰু কৃষ্ণৰ চৰিত্ৰৰ বিচাৰ আমি আকৌ নতুনকৈ কৰা প্ৰয়োজন আছে ৷ তেওঁলোক প্ৰকৃত ঈশ্বৰ নে মানুহ নে পৌৰাণিক ৰাজ্যৰ ৰজা? কাৰণ পৌৰাণিক যুগৰ ঈশ্বৰৰ চৰিত্ৰ অনুকৰণত আজিৰ স্বয়ম্ভু…

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ