জনজাতীয় ভাষাঃ বঞ্চনা আৰু বৈষম্যৰ চিকাৰ

   ৮ চেপ্তেম্বৰ আজিৰ দিনটোতে অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ ৩০ খন জিলাৰ বাবে ঠিকাভিত্তিক টেট উত্তীৰ্ণ ৯৭৩১ জন শিক্ষকক নিযুক্তি পত্ৰ গুৱাহাটীত বিতৰণ কৰে ৷ অসম চৰকাৰৰ শিক্ষা বিভাগে আজিৰ টেট শিক্ষক নিযুক্তিৰ আনুষ্ঠানিকতাৰ অনুষ্ঠানৰে বড়ো ভাষাৰ মাধ্যমৰ বহু বিদ্যালয়ত একাংশ অসমীয়া ভাষাৰ শিক্ষকক নিযুক্তি দি বড়ো ভাষাক ধ্বংস কৰিব বিচৰা মুকলি ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমীয়া সেই সকল সন্তানে কিয় মাত মাতিব পৰা নাই যি সকলে বড়োসকলক নিজৰ ভাই ভাই সমন্ধৰে আত্মীয় বুলি ভাৱি আহিছে ? নে তেওঁলোকেও বড়ো ভাষা মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষাৰ শিক্ষক নিযুক্তিৰে বড়ো ভাষাৰ শিক্ষাৰ্থীক ধ্বংস তথা অসমীয়া ভাষাক বড়োসকলৰ ওপৰত বলপূৰ্বক জাপিবলৈ চৰকাৰৰ মুকলি ষড়যন্ত্ৰক সমৰ্থন কৰি আহিছে ৷ চৰকাৰে ক্ষুদ্ৰমানো বড়ো ভাষা জ্ঞান নথকা অসমীয়া ভাষাৰ শিক্ষকক বড়ো মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দি কি সূচাব বিচাৰিছে ৷ চৰকাৰৰ এনে বৈষম্যমুলক নীতিক তীব্ৰ গৰিহণা দিছো আৰু দাবী কৰিছো যে বড়ো অধ্যুষিত অঞ্চলত স্হাপিত বড়ো ভাষাৰ মাধ্যমৰ বিদ্যালয় সমূহৰ পৰা শীঘ্ৰে অসমীয়া ভাষাৰ শিক্ষকক আতৰাই নিয়াৰ ব্যৱস্হা কৰক ৷ লগতে বড়ো মাধ্যমৰ বিদ্যালয়সমূহত বড়ো ভাষা জ্ঞান থকা শিক্ষকক নিযুক্তিৰ ব্যৱস্হা কৰক ৷ 

    উল্লেখ্য যে অসমত অসমীয়া অতি জাতীয়তাবাদী ভাষীক এটা লবীয়ে পূৰ্ণউদ্যামে বড়ো ভাষা মাধ্যমৰ বিদ্যালয় ধ্বংস কৰাত অহৰহ কাম কৰি আছে ৷ বড়োসকলৰ মাতৃভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাক বলপূৰ্বক বড়োসকলৰ ওপৰত জাপি দিয়াৰ তেওঁলোকৰ বহুদিনিয়া পৰিকল্পনা ৷ বড়ো ভাষাৰ উত্থানত তেওঁলোক ভীষণ শংকিত ৷ বড়ো ভাষাৰ উত্তৰণে বড়োসকলৰ জাতি বিকাশত থকা অৰিহনা থকা কথাটো চিন্তা কৰিয়েই সেই ভাষিক লবীয়ে চৰকাৰৰ ভিতৰচৰাত থকি কাম কৰি আহিছে ৷ তদুপৰি অসম সাহিত্য সভাৰ দৰে ভাষা-সংস্কৃতিৰ গম্ভীৰ অনুষ্ঠানেও অসমৰ বড়ো ভাষাৰ লগতে প্ৰতিটো ভুমিপুত্ৰ জনজাতিৰ থলুৱা ভাষা শিক্ষাৰ উত্তৰণৰ হকে মাত মাতিবলৈ অপৰাগতা প্ৰকাশ কৰে ৷ অথচ মধ্যবৃত্ত অসমীয়াক প্ৰতিনিধিত্ব কৰা এটা গুৰু গম্ভীৰ অনুষ্ঠাৰ হকে জনজাতীয় বহু পুৰুধা সাহিত্যেকে অসমীয়া ভাষালৈ অন্যবদ্য আৱদান আৰু হাতে-কামে লাগি অসমীয়া ভাষাক চহকী কৰি গৈছে ৷ কিন্তু প্ৰতিদানত জনজাতীয় ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমূহৰ ৰক্ষা আৰু উত্তৰণৰ প্ৰতি এটা দায়বদ্ধ ভাৱো দেখুৱাবলৈ অসম সাহিত্য সভাৰ আহৰি নাই ৷

   অসমত আজি অকল বড়ো ভাষাই ষড়যন্ত্ৰ আৰু বৈষম্যৰ সন্মুখিন হোৱা নাই ৷ অসমৰ ভৈয়াম ভুমিপুত্ৰ জনজাতিৰ প্ৰতিটো থলুৱা ভাষা-দোৱানৰ ওপৰত সমান্তৰাল ষড়যন্ত্ৰ আৰু বৈষম্য চলিছে ৷ এই ক্ষেত্ৰত অসমক প্ৰতিনিধিত্ব কৰা ভাষিক উগ্ৰতাসকলে তেওঁলোকৰ জনতাক জনজাতিৰ থলুৱা ভাষাৰ বিৰুদ্ধে ঠিয় হ'লৈ উঠি পৰি লাগি অহা পৰিলক্ষিত হৈছে ৷ অসমৰ প্ৰতিটো ভুমিপুত্ৰ জনগোষ্ঠীৰ থলুৱা ভাষা অসমীয়া ভাষিক উগ্ৰৰ ষড়যন্ত্ৰৰ হাতোৰাত সোমাই নিশকতীয়া মুখ দেখিছে ৷ অসমৰ ভাষিক উগ্ৰ লবীৰ বাবেই আজি অসমৰ মিছিং, কাৰ্বি, ডিমাছা আৰু বড়োসকলে নিজৰ মাতৃভাষাত স্বত্বন্ত্ৰ ভাষাৰ বিদ্যালয়,বিশ্বঃবিদ্যালয় তথা স্বত্বন্ত্ৰ শিক্ষা স়ঞ্চালকলয় পোৱা নাই ৷ যাৰ বাবে নিজৰ মাতৃভাষাৰে শিক্ষা লাভ কৰাত বঞ্চিত হৈ আহিছে ৷ ফলত বড়োসকলে নিজৰ থলুৱা ভাষাত শিক্ষা ল'ব পৰা নাই, অধ্যয়ন কৰিব পৰা নাই ৷ নিজৰ ভাষাক ৰক্ষা কৰিবলৈ পোৱা নাই ৷ আজিৰ তাৰিখত বড়োৰ বাহিৰে ডিমাছা, মিছিং আৰু কাৰ্বি ভাষাৰ মাধ্যমৰ বিদ্যালয়,কলেজ,বিশ্বঃবিদ্যালয় আদি অসমত স্হাপন নোহোৱাতো সাধাৰণ বিষয় নহ'য় ৷ বড়ো ভাষাৰ বাহিৰে বাকী জনজাতীয় থলুৱা ভাষাসমূহ যদিও এতিয়ালৈকে পৰম্পৰাগত প্ৰক্ পৰ্যায়ত থাকিলেও এনে জনজাতীয় থলুৱা ভাষা উত্তৰণ আৰু বিকাশত অসম চৰকাৰ আৰু অসমীয়াই যথেষ্ট কৰণীয় দায়িত্ব আছিল ৷ পিছপৰা জনজাতীয় ভাষাসমূহক সঠিক পথ দেখুৱাই বিকাশত কৰি তুলিবলৈ জাত্যভিমানী অসমীয়াই দায়িত্ব বুজিব পাব লাগিছিল ৷ তদুপৰি থলুৱা জনগোষ্ঠীৰ দোৱান বা ভাষাই নিজৰ বিকাশ আৰু মান্যতা অক্ষুন্ন ৰাখিবলৈ অসম চৰকাৰ আৰু অসম সাহিত্য সভাই আগবাঢ়ি আহি যথোচিত কাম কৰিব লাগিছিল ৷

   প্ৰতিখন অসম চৰকাৰ আৰু জাত্যভিমানী অসমীয়াৰ বড়ো বিৰুধী স্হিতি বহুদিনীয়া ৷ সেই কংগ্ৰেছ চৰকাৰৰ দিনতে বডোলেণ্ডৰ কোকৰাঝাৰত মেডিকেল কলেজৰ আধাৰশিলাটোহে স্হাপন হ'ল ৷ কাম হ'লে আজিও নহ'ল ৷ ইয়াৰ পাছত যোৰহাট মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ স্হাপন হৈ গ'ল ৷ যোৰহাট, তেজপুৰ আৰু বৰপেটা মেডিকেল কলেজত আজি নিয়মীয়াকৈ শিক্ষাদান চলি আছে কিন্তু কোকৰাঝাৰ মেডিকেল কলেজৰ কাম আধাৰশিলাতে থমকি ৰ'ল ৷ অসম চৰকাৰে আজি দুদিনমান আগত পুনৰ নলবাৰীত এখন মেডিকেল কলেজ স্হাপন কৰি ২৪০ কোটি টকা চৰকাৰে অবন্টন দিলে ৷ কিন্তু বড়োসকলৰ কাৰণে মেডিকেল কলেজ স্হাপন কৰাৰ কোনো নামেই নাই ৷ চৰকাৰে এইমচ্ স্হাপন কৰিলে চাংসাৰিত কিন্তু বড়োসকলক এইমচ্ বা মেডিকেল কলেজ দিয়াৰ নামেই নাহে ৷ দিবলৈ কুণ্ঠাবোধ কৰে ৷ চৰকাৰৰ শংকা হ'য় বড়োসকলৰ উন্নতি দেখিলে ৷

   বড়োসকলৰ দীৰ্ঘদিনয়া দাবীত আছে এখন কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় ৷ কিন্তু অসম চৰকাৰে কৌশলগতভাৱে বড়োসকলক কেন্দ্ৰীয় বিশ্বঃবিদ্যালয় দিয়াৰ পৰিৱৰ্তে তেজপুৰ আৰু শিলচৰলৈ লৈ গ'ল ৷ অসমত নতুন নতুন ইঞ্জিনিয়াৰিং স্কুল-কলেজ স্হাপন হ'ল, কোকৰাঝাৰৰ পি বি ইঞ্জিনিয়াৰিং কলেজত মাত্ৰ দুখন চাব্জেক্ট পঢ়াই আছে ৷ ইয়াতকৈ সেই ইঞ্জিনিয়াৰিং কলেজত বেছি বিষয় নপঢ়ায় ৷ সাহসে নুকুলায় সম্ভৱ ৷ চৰকাৰে নতুন নতুন পলিটেকনিক কলেজ স্হাপন কৰিছে কিন্তু বড়োসকলে পাব পৰাকৈ এখনো পলিটেকনিক কলেজ স্হাপন কৰা নাই ৷ কিয়? অসমত বড়ো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ মাতৃভাষাত বা ইংৰাজীত টেকন'লজি শিকিবলৈ সুবিধা নাই ৷ বড়ো ভাষাৰ মাধ্যম বিদ্যালয়সমূহত শিক্ষক নিদিয়ে, শিক্ষকক উপযুক্ত প্ৰশিক্ষণ নিদিয়ে ৷ বড়ো ভাষাৰ মাধ্যমৰ কেন্দ্ৰীয় বিদ্যালয়সমূহ নেচনেলাইজেচন কৰিব লাগে সেইটো চৰকাৰে নকৰে ৷ ছাত্ৰ-ছাত্ৰীক কিতাপসমূহ সময়ত নিদিয়ে ৷ দাবীৰ স্বত্বেও আজিলৈকে বড়োসকলক এটা পৃথক শিক্ষা সঞ্চলকলয় দিয়া নাই ৷ বড়োসকলক পৃথক সঞ্চালকলয় দিবলৈ সময় আৰু সাহস নহ'য় ৷ মাত্ৰ বড়ো ভাষা মাধ্যমৰ এলপি ৰ পৰা ইউনিভাৰচিটিলৈকে চোৱা চিতা কৰিব কাৰণে ১৫-২০জন চাকৰিয়ালৰ দ্বাৰা এটা পৃথক শিক্ষা সঞ্চালকলয়ৰ ব্যৱস্হা প্ৰয়োজন ৷ কিন্তু চৰকাৰৰ বৈষম্যমুলক নীতিয়ে বড়োসকলক নিজৰ ভাষাৰ পৰা, শিক্ষাৰ পৰা বঞ্চিত কৰি দমন কৰি ৰাখিব বিচাৰিছে ৷

   শেষত, অসমৰ ভুমিপুত্ৰ জনজাতিৰ বহু মৌখিক অনু গল্প আজিও কিতাপৰ মুখ দেখা নাই ৷ যিসমূহ আজিও ভুমিপুত্ৰ জনজাতি মানুহৰ মুখে মুখে প্ৰচলিত ৷ জনজাতিৰ কুহে কুহে সোমাই থকা পৰম্পৰাগত মৌখিক সাধু, মাত-কথাসমূহ অসমৰ আন মানুহে নজনাকৈয়ে ৰৈ গৈছে ৷ আজিও জনজাতিৰ মাজত বহু শক্তিশালী মৌখিক সাধু, গীত-মাতসমূহে সমাজত নিৰ্ণায়ক ভুমিকা তথা জনজাতিৰ সমাজ ব্যৱস্হাৰ চলিকা শক্তি হৈ আহিছে ৷ গতিকে জনজাতিৰ নিজৰ থলুৱা ভাষাই এটা বিকাশিত ৰূপ পাই জীয়াই থাকিবলৈ চৰকাৰৰ পৰা অৱশ্যেই সকলো সহযোগ পাব লাগিব ৷ জনজাতিৰ থলুৱা ভাষাৰ বাবে অসম চৰকাৰে প্ৰথমেই বৈষম্য এৰিব লাগিব ৷ বৈষম্য পৰিহাৰ কৰি অসমৰ প্ৰতিটো জনজাতীয় থলুৱা ভাষাৰ প্ৰসাৰ আৰু উন্নতিৰ প্ৰতি অসম চৰকাৰ আৰু অসমীয়াই দায়বদ্ধতা হ'ব লাগিব ৷

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ