অখিলঃ অখিলাস্ত্ৰ

দুটা দশক ধৰি অসমৰ এজন স্বনামধন্য সদাশয় ব্যক্তিয়ে নিজৰ পেছাগত ঢঙৰে গণতান্ত্ৰিক আন্দোলনৰ নেতৃত্ব দি আহিছে সমাজৰ একেবাৰে সমস্যাবহুলৰ মাজত বসবাস কৰা সাধাৰণ জনতাক সংগঠিত কৰি ৷ তেওঁৰ পেছাগত ঢঙৰে নেতৃত্ব দিয়া প্ৰয়বোৰ আন্দোলনেই বহু ক্ষেত্ৰত অশান্তিপূৰ্ণ হৈ আহিছে ৷ হ'য় মই অখিল গগৈৰ কথা কৈছো ৷ এই কথাটো স্বাভাৱিক যে অখিলে নেতৃত্ব দিয়া সংগ্ৰামসমূহৰ জৰিয়তে অসমৰ সমস্যাবহুল সাধাৰণ মানুহখিনিয়ে নিজৰ সমাজৰ সমস্যাসমূহ চৰকাৰৰ ওচৰত প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে ৷ তেওঁৰ আন্দোলনে ভাৰতবৰ্ষৰ দৃষ্টি কাঢ়ি নিয়াৰ লগতে জনতাৰ সমৰ্থন আদায়ও কৰিছে ৷ চৰকাৰে কৰি অহা বৈষম্য আৰু শোষণৰ বিৰুদ্ধে অখিলে এক ধাৰাবাহিক প্ৰতিবাদী আন্দোলন নেতৃত্ব দি আহিছে ৷ কিন্তু আসমৰ সাধাৰণ মানুহখিনিৰ সমস্যাৰ সুযোগ লৈ অখিলে নিজৰ পেছাগত আন্দোলনকাৰী ধাৰাটোৰ স্বাৰ্থটোও অতি সুক্ষ্ন আৰু কৌশলৰে নিজৰ সংগ্ৰামী জনতাৰ পৰা একাষৰীয়াকৈ থৈ চম্ভালি লৈ গৈছে ৷ সেয়ে অখিলে তেওঁৰ কাষত ঠিয় হোৱা মানুহখিনিৰ আৱেগক মাজে মাজে নিজৰ স্বাৰ্থত প্ৰয়োগ তথা পৰিচালনা কৰা দেখা যায় ৷ অখিলৰ নেতৃত্বত অসমৰ সিমুৰৰ পৰা ইমুৰৰলৈকে ওলাই অহি চৰকাৰৰ বিভিন্ন কামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা হাজৰ হাজাৰ মানুহবোৰ শিক্ষাগত আৰু অৰ্থনৈতিক দিশৰ পৰা একেবাৰে অনগ্ৰহৰ ৷ প্ৰতিটো খোজতে সেই আনপঢ় আৰু স্বৱলম্বীহীন মানুহবোৰে ন ন সমস্যাত জুৰুলা ৷ বিক্তিগত কিম্ব সামাজিক সমস্যাসমূহ মুকাবিলা কৰিবপৰাকৈ তেওঁলোকৰ উপযুক্ত জ্ঞান আৰু অৰ্থ দুয়োটাই দুৰ্বল ৷ সেই সাধাৰণ মানুখিনিয়ে দেশৰ চৰকাৰ আৰু ৰাজৈতিক নেতা-পালিনেতাৰ বৈষম্য,বঞ্চনা,লালসা আৰু শোষণত ভুক্তভুগী ৷ তেওঁলোকৰ অঞ্চলসমূহ চৰকাৰ উন্নয়ন দৃষ্টি তথা ৰাজনৈতিক ক্ষেত্ৰৰ পৰা নিলগত ৷ এক পৰম্পৰাগত ভাৱে অসমৰ সাধাৰণ মানহখিনিৰ সমস্যাসমূহ বছৰৰ পাছত বছৰ ৰাজ্যৰ ৰাজনৈতিক নেতাই দি অহা প্ৰতিশ্ৰুতিত বন্দী হৈ থাকে ৷ গতিকে সাধাৰণ মানুহখিনিৰ সমস্যাক লৈ বলিষ্ঠ ভাৱে চৰকাৰৰ ওচৰত মাত মাতিবলৈ কোনো ব্যক্তি বা নেতা ভৰসাৰ যোগ্য যদি আছে তেন্তে অখিলেই অপ্ৰতিৰোধ্যবাৱে সেই স্হান পাইছে ৷

অখিল জনদৰদী নেতা নহ'য় ৷ অখিল মানেই প্ৰতিষ্ঠান বিৰুধী তথা প্ৰতিবাদৰ এক উশৃংখল সত্তাৰ নাম ৷ বহু ক্ষেত্ৰত তেওঁ কৰা আন্দোলনৰ চৰিত্ৰ আৰু সমাজৰ সন্মুখত থকা তেওঁৰ ব্যক্তিগত চৰিত্ৰ পৰস্পৰ বিৰুধী ৷ কৃষক সংগঠনটোক তেওঁ বহু সময়ত শলঠেকত পেলোৱা দেখা যায় ৷ পেছাদাৰিত্ব আন্দোলনৰ নেতা হিচাপে তেওঁৰ ৰাজনৈতিক বিচক্ষণতা আৰু সিদ্ধান্ত একেবাৰে অপৰিপ্পক ৷ এই কথা অসমৰ বহু চিন্তাবিদ তথা বুদ্ধিজীৱিয়ে প্ৰায়ে মুকলিকৈ কৈ আহিছে ৷ কিন্তু মানুহজন স্বভাগতভাৱেই আকোৰগুজ আৰু উশৃংখল ৷ যাৰ ফলত তেওঁ প্ৰতিনিধিত্ব কৰা সংগঠনত তেওঁৰ ব্যক্তিগত চৰিত্ৰৰ প্ৰভাৱ পোনেপোনে পৰেগৈ ৷ তেওঁৰ প্ৰতিবাদী উত্তাল ভাষণত বহু অপমানজনক বিশেষণে স্হান পায় ৷ যিবোৰ তীৰ্যক বিশেষণে দেশৰ প্ৰধানমন্ত্ৰি, ৰাজ্যৰ মুখ্যমন্ত্ৰি আৰু প্ৰশাসনৰ উচ্চপদস্হ বিষয়াৰ আসনৰ আত্মসন্মান, শিষ্টাচাৰ, ভদ্ৰতা, সৌজন্যতা, সন্মান আদি ভুলটো নাথাকে ৷ গতিকে এটা সংগঠনৰ নেতা হিচাপে অখিলৰ প্ৰতিবাদী ভাষা অসহনশীলতা, উগ্ৰ আৰু অপমানজনক হৈ উঠে ৷ অখিলৰ সামাজিক চৰিত্ৰ জনতাই এজন খঙাল নেতা হিচাপে প্ৰত্যক্ষ কৰি আহিছে ৷ তেওঁৰ প্ৰতিবাদী প্ৰতিটো ভাষণত যুক্তি আছে কিন্তু ধৰ্য্য আৰু কোমলতা নাই ৷

মই আগতেই কৈছো যে অখিল এজন পেছাগত আন্দোলনকাৰী প্ৰতিবাদী নেতা ৷ তেওঁ প্ৰতিবাদৰ মাধ্যমটো বাওঁ প্ৰগতিশীল ভাৱধাৰাত বিশ্বাসী ৷ আৰু তেওঁৰ কাষত থিয় হৈ প্ৰতিবাদ কৰা হাজাৰ হাজাৰ জনতা কিন্তু জন্মলগ্নৰ পৰাই গণতন্ত্ৰত লালিত পালিত ৷ প্ৰথম কথা অসমৰ প্ৰতিজন মানুহেই জন্ম লাভ কৰি দেখা পোৱা বস্তুটো হ'ল গণতান্ত্ৰিক ঘৰখন ৷ ডাঙৰ দীঘলো হ'য় তাতেই ৷ গতিকে প্ৰতিজন মানুহৰ তেজ, মন-মগজুত গণতন্ত্ৰৰ এক ধাৰা চিৰপ্ৰবাহীত হৈ থাকে ৷ সেয়েহে অখিলে নেতৃত্ব বহন কৰা প্ৰতিটো বৃহৎ আন্দোলনে এক ঐতিহাসিক অভিলেখ কৰি অসমৰ আন্যান্য সকলো ভাৱধাৰৰ জনতাক এডাল সূঁতাত কটকটীয়াকৈ বান্ধিবলৈ আজিও সক্ষম হোৱা নাই ৷ যিটো ৰাজনীতিৰ ক্ষেত্ৰত অখিলৰ প্ৰভাৱ সময়ত বিপৰীত হৈ দেখা যায় ৷ তদুপৰি অখিলে নেতৃত্ব দিয়া কৃষক সংগঠনটোৰ প্ৰয়োবৰ তৃণমুল সদস্য কঠোৰ শ্ৰমজীৱি তথা আনপঢ় আৰু সম্বলহীন ৷ সেয়ে অখিলৰ দৰে এজন মধ্যবৃত্ত ঘৰৰ উচ্চ শিক্ষিত নেতাই সেই সম্বলহীন মানুহৰ মনৰ অৱস্হা, সামাজিক অৱস্হা, স্হিতি ভালদৰে জানি-বুজি ল'ব পাৰে ৷ সেয়ে অখিলে নিজৰ পেছাদাৰী প্ৰতিবাদৰ সত্তাক জীয়াই ৰখাৰ স্বাৰ্থতে তেনে মানুহক সংগঠনৰে ধৰি ৰাখিবলৈ মাজে মাজে উদেশ্যপ্ৰণোদিত ভাৱেই নিজৰ গণতান্ত্ৰিক প্ৰতিবাদক উগ্ৰ সশস্ত্ৰ আন্দোলনলৈ ৰূপান্তৰ কৰা কথা মুকলিকৈ সজোৰৰে ঘোষণা কৰি আহিছে ৷ এইয়া নতুন কথা নহ'য় ৷ অখিলৰ এনে অস্ত্ৰ লোৱা হুংকাৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনটো আছিল ৷ গ্ৰেপ্তাৰ হোৱা নাছিল তেতিয়া কংগ্ৰেছ চৰকাৰৰ নমনীয় দৃষ্টিভংগীৰ বাবে ৷

যোৱা পোন্ধৰটা বছৰ বিভিন্ন অপকামে, অপশাসনৰে চৰকাৰ চলোৱা কংগ্ৰেছৰ জয় জয় ময় ময় দিনটো অখিলে নদীবান্ধ, দুৰ্নীতি, কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, অপশাসন আদিৰ বিৰুদ্ধে অখিলে তীব্ৰ ধাৰাবাহিক প্ৰতিবাদী আন্দোলনৰ গুৰি বঠা ধৰি তথা কৃষক সংগঠনক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে ৷ কিন্তু তেওঁ কৰা প্ৰতিটো আন্দোলনে জনভিত্তি, জনসমৰ্থন পাইছে যদিও অসমৰ ভুমিপুত্ৰ জনজাতিসকলৰ সমস্যাৰ প্ৰতি এক নিদিষ্ট দৃষ্টিভংগী ল'বলৈ আজিও সক্ষম হোৱা নাই ৷ অসমৰ ভুমিপুত্ৰ জনজাতিসকলৰ গুৰুগম্ভীৰ সমস্যাৰ প্ৰতি তেওঁৰ সংগঠন আৰু তেওঁৰ কোনো স্পষ্ট মত নাই ৷ যাৰ বাবে অসমৰ গৰিষ্ঠসংখ্যক জনজাতীয় দল সংগঠনে অখিলৰ প্ৰতিবাদী আন্দোলনক নৈতিক সমৰ্থন জনোৱাৰ পৰা বিৰত আছে ৷ অখিলে অসমৰ বহুবোৰ সমস্যা আৰু চৰকাৰৰ বিভিন্ন জনবিৰুধী কামৰ বিৰুদ্ধে সোচ্চাৰ হৈ আহিছে যদিও নিৰ্বাচন অহাৰ আগমহূৰ্তত তেওঁ লোৱা কিছুমান ৰাজনৈতিক সিদ্ধান্তই তেওঁ আৰু তেওঁৰ সংগঠনক সমৰ্থন জনাই অহা মানুহৰ আশা ভংগ কৰি আহিছে ৷ অসমত ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ এক বিকল্প ৰাজনৈতিৰ দলৰ সন্ধান অসমৰ জনতাক দিবলৈ এটা আঞ্চলিকতাবাদী ৰাচনৈতিক দল জন্ম তেওঁৰ নেত্বতে দিয়া কথা আছিল ৷ তেওঁ দিয়া সেই প্ৰতিশ্ৰুতি আজি কেইবাবছৰো পাৰ হৈ গ'ল ৷ কিন্তু তেওঁৰ নেতৃত্বত অসমত কোনো আঞ্চলিক ৰাজনৈতিক দল গঠন নহ'ল ৷ ৰাজ্যত কংগ্ৰেছ শাসনত থকা কালছোৱাত অখিল গগৈয়ে অসমৰ এগৰাকী মন্ত্ৰিৰ লগত থকা ব্যক্তিগত আখেজৰ বিৰুদ্ধে নিজৰ সংগঠনটোক ব্যৱহাৰ কৰা কথাটো আজি তেওঁৰ একালৰ প্ৰক্তন সতীৰ্থই মুকলিকৈ কৈছিল ৷ সেই একে স্বাৰ্থ তেওঁ নিজৰ সংগঠনক আৰু জনতাক অসমৰ কোনো কোনো ৰাজনৈতিক দলৰ বিৰুদ্ধে কামত লগাইছিল ৷ এতিয়া প্ৰশ্ন হ'য় যে এক বাও ভাৱধাৰা প্ৰতিষ্ঠিত এটা সংগঠনৰ এজন শক্তিশালী নেতা হৈ তেওঁৰ সংগঠন আৰু জনতাক কি যুক্তিত অন্য ৰাজনৈতিক দলক সমৰ্থন বা বিৰুধ কৰিবলৈ মুকলি পৰামৰ্শ দিব পাৰে ? যিটো তেওঁৰ সংগঠনৰ নীতি বিৰুদ্ধ কথা ৷
   গতিকে অসমৰ জনতাক সহজে মুৰ্খ বনাব যোৱাটো আজিৰ দিনত সহজ কথা নহ'য় ৷ তেওঁৰ প্ৰতিবাদী সত্তাটো এক লেখত ল'ব লগা অসমৰ এই জটিল পৰিস্হিতিত ৷ কিন্তু তেওঁৰ অন্তনিহিত স্বাৰ্থ আৰু সামাজিক দায়বদ্ধতা আচৰণৰ ক্ষেত্ৰত অৱশ্যেই তেওঁ নিজৰ উগ্ৰ স্বভাৱক শান্ত কৰিব লাগিব ৷ অসমৰ জনতাক শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ পথ দেখুৱাব লাগিব ৷ তেতিয়াহে অসমৰ জনতাই তেওঁৰ প্ৰতিটো প্ৰতিবাদী সংগ্ৰামত সহযোগী হিচাপে ঠিয় দিব ৷ আৰু চৰকাৰে তেওঁৰ আন্দোলনক তথা জনতাৰ দাবীক ন্যাৰ্যতা প্ৰদান কৰিবলৈ বাধ্য হৈ পৰিব ৷

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ