হিন্দুত্ব, ইছলাম আৰু জনজাতিৰ অধিকাৰঃ
অসমীয়া জাতীয়তাবাদী প্ৰতিষ্ঠান আৰু অসমীয়া বুদ্ধিজীৱিৰ উৰ্বৰ মগজুৰ আটাইতকৈ নিশকটীয়া ফচল দুটা হ'ল --- "হিন্দু-মুছলিম" ইচ্ছুত নিজৰে সাতামপুৰুষীয়া ঐক্য অসমীয়া সমাজক ধৰ্মীয় ঘৃণাৰে উত্তেজনা বিয়পাই সমাজ আশান্তি কৰা আৰু দ্বিতীয়, জনজাতীয় লোকৰ সাংবিধানিক অধিকাৰ কুক্ষিগত কৰা ৷
এই ঘৃণনীয় ধৰ্মীয় অশান্তি, ধৰ্মীয় ভাবুকি, সাধাৰণ মানুহৰ মনত অনাহক ধৰ্মীয় ক্ষয়ৰ চেতনা জগাই তোলাটো এতিয়া অসমীয়া জাতিয়তাবাদী প্ৰতিষ্ঠানিক শিৱিৰ আৰু অসমীয়া বুদ্ধিজীৱিৰ যেন দৈনিন্দন ৰুটিন ৷ নকৰিলে নহ'য় ৷ তদুপৰি এই প্ৰতিষ্ঠানিক শিৱিৰসমূহৰ এচামে সমাজৰ আগত বাগা সাজ পিন্ধি নিজৰ আত্মস্বাৰ্থ পূৰণৰ লক্ষ্যৰে জনতাক ভুল পথে পৰিচালিত কৰি ভুমিপুত্ৰ জনজাতিসকলৰ সংবিধানিক অধিকাৰৰ বিৰুদ্ধে "জেহাদ" কৰিবলৈ প্ৰৰোচিত কৰিছে ৷ দেখ দেখকৈ এই কথাই প্ৰতিষ্ঠানিক শিৱিৰ দুটাৰ চৰিত্ৰই নিজৰ শোষণকাৰী স্বৰূপ উদঙাই সাধাৰণ অসমীয়া ৰাইজক মুছলমান আৰু জনজাতি ভুমিপুত্ৰৰ বিৰুদ্ধে অধিক আক্ৰোশমূলক কৰি তুলিবলৈ ধৰিছে ৷
প্ৰথমটো সম্পূৰ্ণ এটা ধৰ্মীয় সম্প্ৰয়দাৰ বিৰুদ্ধে মাৰ বান্ধি সজোৰৰে নিজৰ ধৰ্মীয় সাম্ৰাজ্যবাদী নীতিৰে আন ধৰ্মক ভৃতিগ্ৰস্ত কৰি সমাজত এক অনাকাংক্ষিত উত্তেজনা অব্যাহত ৰখাত সফল হৈছে ৷ দ্বিতীয়টোয়ে অসমৰ সমগ্ৰ জনজাতিৰ গোষ্ঠীগত অধিকাৰৰ ন্যাৰ্য দাবী মষিমূৰ কৰা যাতে নিজৰ নিজৰ স্বাৰ্থ সৰ্বদা সুৰক্ষিত হৈ ৰয় ৷ প্ৰথমটোৰ চৰিত্ৰই যদিও আন ধৰ্মৰ উপস্হিতি হস্য নকৰে তথাপিও আপাতত প্ৰথমটোয়ে মুছলমানক হিন্দুত্বৰ সংখ্যাগৰিষ্ঠতাৰে ধৰ্মীয় ভয় আৰু উত্তজনাৰে নিজৰ গোলামী কৰা চক্ৰান্ত আৰু এনে চক্ৰান্তৰে নিজ সংখ্যাগৰিষ্ঠ ৰাজনীতিৰে জনজাতিৰ অধিকাৰক চিৰদিনলৈ দমন কৰা এক পৰিকল্পিত অভ্যাস ৷ যুগসূত্ৰ এটাই ৷ জনজাতিয়ে বিচাৰা অধিকাৰৰ বিৰুদ্ধে অসমৰ মুছলমানক ব্যৱহাৰ কৰা ৷ যাৰ বাবে অসমৰ মুছলমানে তেওঁলোকৰ চলনা আৰু চক্ৰান্তত ইতিমধ্যে ভৰি দিছে ৷
দেখা গৈছে যে নিজৰ পূৰ্বসূৰীয়ে ইতিহাসতেই কৌনজৰ প্ৰৱজনীয় লোকৰ হাতৰ পাণি গ্ৰহণ কৰি হিন্দু ধৰ্মক আকোৱালি লৈ অসমত সেই ধৰ্ম নিজৰ উত্তৰসূৰী লৈকে গজগজীয়া কৰি গ'ল ৷ ইয়াৰ ব্যতিক্ৰম আজিও হোৱা নাই ৷ বৰঞ্চ কনৌজৰ ধৰ্মীয় সেনাপতিৰ আগমনত তেওঁলোকে পৰিকল্পিতভাৱে নিজৰ স্হিতি অধিক মজবুট কৰি লৈছে ৷ কিন্তু যি সকলে তেওলোকৰ পৰম্পৰাগত কনৌজি ধৰ্মীয় বিৰাচতক যিমানেই বিৰুধ,প্ৰতিবাদ আৰু অপমান নকৰক কিয়, বিৰুধ কৰা সকলৰো অভ্যান্তৰিণ চৰিত্ৰ সেই একেই মুছলমানক ব্যৱহাৰ কৰি নিজৰ ধৰ্মীয় সহনশীলতাৰ ভেল্কীবাজি অব্যাহত ৰখা ৷ কথা হ'ল হিন্দুত্বৰ বৃহৎ অসমীয়া সমাজখনে মুছলমান আৰু ভুমিপুত্ৰ জনজাতিক ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ভাৱে শোষণ আৰু আক্ৰমণৰ কৌশল অৱলম্বন কৰিছে ৷
আজিও কিছুমান সত্য পোঁহৰলৈ অহা নাই ৷ পাইকাৰী হাৰত কৰা নেলি, চাউলখোৱা, মুকালমুৱা, চিলাপথাৰৰ মুছলমান হত্যা, গহপুৰত কৰা বড়ো হত্যাযজ্ঞ ৷ কোকৰাঝাৰ, ওদালগুৰীৰ গোষ্ঠীসংঘৰ্ষৰ অনেক ঘটনাই আজিও বড়োৰ লগতে মুছলমানে নিজৰ আপোনজনক হেৰুৱাৰ বেদনাই বুকুত অহৰহ খুন্দিয়াই থাকে ৷ অসমৰ অৱস্হা জটিল কৰি তোলা গোষ্ঠীসংঘৰ্ষৰ ঘটনাই আজিও বড়ো আৰু মুছলমানক ন্যায় বিচাৰ দিলেনে? সংঘৰ্ষৰ প্ৰকৃত বিচাৰ হ'ল নে? কাৰ স্বাৰ্থৰ বাবে অগণন সাধাৰণ মুছলমান আৰু বড়োয়ে নিজৰ ৰক্ত ক্ষয় কৰিব লগা হ'ল? মহন্ত চৰকাৰৰ দিনত কাৰ বাবে নেলীত শ শ শিশু আৰু মাতৃ হত্যা কৰা হ'ল? কাৰ স্বাৰ্থৰ বাবে গহপুৰত অগণন বড়ো বৃদ্ধ আই-পিতাই বুকু বন্ধুকৰ গুলিৰে ঠকা-সৰকা কৰি দিয়া হ'ল? এই প্ৰশ্নৰ উত্তৰ অসমীয়া বুদ্ধিজীৱি, জাতীয়তাবাদী আৰু অসমীয়া ৰাজনৈতিক নেতাই দিব পাৰিব নে বৃহত্তৰ অসমৰ স্বাৰ্থত? বাৰে বৰণীয়া সংস্কৃতিৰ স্বাৰ্থত? সন্দেহ আছে ৷ অসমীয় ভণ্ড বুদ্ধিজীৱি, জাতীয়তাবাদী আৰু ৰাজনীতিকে ক'ব নে এই হত্যা স্বয়ং অসমীয়াই কৰা বুলি ? ২০১২ ত বড়ো আৰু মুছলমানে সংঘৰ্ষ লগা সময়ত উচ্চ বৰ্ণৰ হিন্দুত্ববাদী দেবব্ৰত শৰ্মাহঁতে কিয় নকলে যে অসমীয়াই সংঘৰ্ষ পৰিহাৰ কৰিব লাগে বুলি? কিয় শৰ্মাহঁতৰ পাষণ্ডহঁতে একপক্ষীয় উচতনিমূলক শব্দৰে বড়ো-মুছলমানৰ সংঘৰ্ষত আৰু অধিক ঘিউ ঢালিছিল? তেতিয়া ক'ত আছিল তেওঁলোকৰ সমন্বয়ৰ সুৱলা বাৰ্তা? ক'ত আছিল বিহত্তৰ অসমৰ সংজ্ঞা? ক'ত আছিল বাৰেবৰণীয়া সাংস্কৃতিক সমন্বয়? ক'ত আছিল বুকুৰ কুটুম?
অৱধাৰিত ভাৱেই আজি ভুমিপুত্ৰ বড়ো আৰু খিলঞ্জীয়া মুছলমানৰ বিৰুদ্ধে অসমীয়া হিন্দুত্ববাদী জাতীয়তাবাদ আৰু বৌদ্ধিক সমাজ অধিক আক্ৰত্মাক হৈ দেখা দিছে ৷ হিন্দুত্ববাদৰ সম্ৰাজ্যবাদী ধৰ্মীয় আগ্ৰাসনৰ বিপৰিতে একাংশ অসমীয়া বুদ্ধিজীৱিয়ে মুছলমানৰ পক্ষত ঠিয় দিছে যদিও সেয়া তেওঁলোকৰ ভেল্কীবাজী চৰিত্ৰ ৷ মুছলমানক সকাহ দিয়াৰ উদ্দেশ্যমূলক সাময়িক সকাহ ৷ কথা হ'ল অসমীয়া ৰাজনৈতিক, বুদ্ধিজীৱি আৰু জাতীয়তাবাদী শিৱিৰে বড়ো আৰু মুছলমানৰ ক্ষেত্ৰত সদায়ে এক নিদিষ্ট দূৰত্বত অৱস্হান কৰি আহিছে ৷ তিনিও শিৱিৰে নিজৰ আত্মস্বাৰ্থ আৰু ভাষিক সুবিধাৰ বাবে মুছলমানক ব্যৱহাৰ কৰা প্ৰমাণ অজি অসমৰ খিলঞ্জীয় মুছলমানৰ অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা অনগ্ৰসৰতা আৰু যাতায়ত অনগ্ৰসৰতা ৷ ঠিক বড়োসকলৰ ক্ষেত্ৰতো একে ৷ সম্প্ৰীতিৰ কথা আওৰাই থাকিলেও বাস্তৱত সমস্যাসমূহ সমাধান বা বাস্তৱ ৰূপায়িত কৰাত সদায়ে নিদিষ্ট স্হানত অৱস্হান গ্ৰহণ কৰি আহিছে ৷ যাৰ বাবে আজি বড়োসকলে নিজকে অসমীয়াৰ পৰা আঁতৰাই আনিবলৈ বাধ্যত পৰিছে ৷
যদি সঁচায়ে আজিৰ অসমীয়াই বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ কথা বুজিছে তেন্তে বৰাক উপত্যাকাৰ জনজাতীয় লোক আৰু বাংলা ভাষী বঙালীসকলে নিজকে অসমীয়া নহ'য় বুলি কলে হ'য় না? সমগ্ৰ অসমত বিয়পি থকা অদি-অসমীয় বড়োসকলে নিজকে অসমীয়াৰ পৰা আঁতৰাই নিলে হ'য় না? বুকুৰ কুটুম বুলি ভাৱি থকা সচেতন অসমীয়াই কেনে ৰাজনৈতিক উত্থানৰ দায়িত্ব লৈছে যে আজি দশক দশক ধৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতি ভুমিপুত্ৰই নিজৰ মাটিতে বঞ্চিত, শোষিত হৈ অসমৰ পৰা পৃথক ৰাজ্যৰ বাবে কঠোৰ সংগ্ৰাম কৰি মৰিব লগা হৈছে? কিয় আজি অসমৰ মুছলমানে নিজৰ ধৰ্মক অসুৰক্ষিত অনুভৱ কৰিছে? অসমৰ অসমীয়াই কেনে জাতীয়তাবাদী ধ্যান-ধাৰণা পোষণ আৰু নেতৃত্ব বহন কৰি আহিছে যে ভুমিপুত্ৰ জনজাতিয়ে নিজৰ ভাষা সংস্কৃতি, কলা-কৃষ্টি ত্যাগক কৰিব লাগে? চুকাফ আৰু শংকৰদেৱৰ অমৃত বাণীৰে মহীয়ান হোৱা জাতিটোৰ বুকুত কিয় আজি বড়ো, ডিমাচা, কাৰ্বিয়ে হাতত অস্ত্ৰ তুলি ল'ব লগা হ'ল? অসমীয়াই ইয়াৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিবনে? তেওঁলোকে অস্ত্ৰ ধৰাৰ বাবে অসমীয়াই দায়িত্ব লবনে? নে তাৰ বাবে কোনো ৰেডিমেট প্ৰশ্নউত্তৰ সাজু আছে? সম উন্নয়নৰ ভাৱধাৰা ৰখা অসমীয়া জাতিটোৰ মাজত ভুমিপুত্ৰ জনজাতিয়ে কিয় কেৱল চতুৰ্থ বৰ্গৰ বেকল'গ চাকৰি কৰিবৰ বাবে দৌৰিব লগা হ'য়?
অসমীয়া উচ্চ জাত্যভিমানী জাতিয়ে এনে হাজাৰ প্ৰশ্ন আমাক দিব লাগিব সমন্বয়, বৰ অসম, বাৰে বৰণীয়া সংস্কৃতিকৰ স্বাৰ্থত ৷ সঁচা অৰ্থত প্ৰগতিবাদী চিন্তাশীল অসমীয়া সমাজে এক গুৰু দায়িত্ব লৈ অসমীয়া ৰাজনৈতিক দিশৰ লগতে সামাজিক দিশ সলনি কৰিব লাগিব ৷ যি ৰাজনীতিত তেওঁলোকে কৈ অহা জাতি-জনজাতিৰ সম-উন্নয়ন, সম-বিকাশ, সম-অধিকাৰ আৰু ন্যায় থাকিব ৷ অন্যথা জাত্যভিমানী অসমীয়াই ভুমিপুত্ৰ জনজাতিৰ অধিকাৰত মাত আৰু হাত দিয়াৰ কোনো ন্যায় আৰু বিধি সন্মত অধিকাৰ নাই, না থাকিব ৷ তেওঁলোকে নিজৰ জাত্যভিমানী সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক চৰিত্ৰ ত্যাগ নকৰি যদি কেৱল বৰ অসমৰ কথাত আকোৰগোজ হৈ নিজৰ শোষণকাৰী প্ৰভুত্ববাদী চৰিত্ৰ জনজাতিৰ ওপৰত বৰ্তাই ৰাখে তেতিয়া অসমৰ ভুমিপুত্ৰই তেওঁলোকৰ লগত হাজাৰ বছৰ সংগ্ৰাম কৰিব, কৰিম ৷ তেওঁলোকে জনা উচিত যে চল-বলে-কৌশলে এই ভুমিত ভুমিপুত্ৰ জনজাতিক অৱদমন কৰা সহজ নহ'য় ৷ প্ৰথমেই তেওলোকে অসমৰ ভুমিপুত্ৰক সাংবিধানিক অধিকাৰ ভোগ কৰিব পৰা ব্যৱস্হা নিশ্চিত কৰিব লাগিব ৷ ভুমিপুত্ৰ জনজাতিসমূহে নিজৰ আত্মৰক্ষা আৰু আত্মপ্ৰতিষ্ঠাৰ বাবে ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ পাবই লাগিব ৷ সেই অধিকাৰ কুক্ষিগত কৰি অহা পৰম্পৰা অসমীয়া জাতিয়ে এৰিব লাগিব ৷ কাৰণ অসমীয়া জাতিৰ জাত্যভিমানৰ দপদপনিতে হে অসমীয়া ৰাজনীতিৰ ৰাজহাড় আছে ৷ আৰু সেই ৰাজহাড় পোন কৰি ৰখিছে নিৰ্ণায়ক ভুমিকা লৈ আহা সাধাৰণ অসমীয়া মানুহে ৷ গতিকেই সমন্বয়, বুকুৰ কুটুম ভাৱাৰ্থ বাস্তৱ কৰিবলৈ সাধাৰণ অসমীয়া জনতাই এক যুগান্তকাৰী সিদ্ধান্ত ল'ব লাগিব ৷ সেই সিদ্ধান্তই ৰাজনীতি আৰু বৌদ্ধিক জগতক উগ্ৰ জাত্যভিমানৰ গোড়ামী অহংকাৰৰ পৰা মুক্ত কৰিব পাৰে ৷ অন্যথা এই ভুমিত অসমীয়া জাতিৰ কোনো অধিকাৰ নাই ভুমিপুত্ৰ জনজাতিৰ জমিনি অধিকাৰ নিজৰ হাতত ৰাখি থবলৈ ৷ ভুমিপুত্ৰ জনজাতি জাত্যভিমানী অসমীয়াৰ কিনা গোলাম নহ'য়…
অসমীয়া সমাজে ভাষাগত ভাৱে যি সংখ্যাগৰিষ্ঠতা ৰাজনীতিৰে বড়োসকলৰ পৃথক বড়োলেণ্ড বিৰুধীতা কৰিবলৈ ধৰিছে সেয়া তেওঁলোকে সততে চিঞৰি থকা অবৈধ বিদেশী নাগৰিকৰ বিষয়টোয়ে তেওঁলোকৰ ভাষিক সংখ্যাগৰিষ্ঠতা কিমান সেইটো জল জল পট পটকৈ ওলাই পৰিছে ৷ নকলেওঁ হ'য় যে আজি অসমৰ বৃহৎ অঞ্চলত অবৈধ বিদেশী নাগৰিকে ভৰি অসমৰ সামগ্ৰীক প্ৰতিছবি, ৰাজনীতি, অৰ্থনীতি,ভাষা, সংস্কৃতি থান-বান কৰি দিছে ৷ দেখা দেখিকৈ বৰাক উপত্যাকাৰ মানুহে অসমীয়াক আৱৰ্জনালৈ দলিয়াই দিছে ৷ স্কুল-কলেজত বাংলা মুছলমান আৰু বঙালী উভয়ে ব্যৱহাৰ কৰিছে ৷ আজি সেইসকল বঙালী ভাষা কোৱাৰ বাবেই অসমীয়া নহ'য় ৷ বিটিএডিৰ সকলো সংখ্যালঘু লোকেই বাংলা ভাষা ব্যৱহাৰ কৰে ৷ ৰাজবংশী সকলো অসমীয়াৰ পৰিৱৰ্তে বাংলা মিশ্ৰীত অসমীয়া অপভ্ৰংশ শব্দ ক'য় ৷ বাকি কাৰ্বি, মিচিং, বড়ো, ৰাভা, হাজং, কোচ, আদি জনজাতিয়ে নিজৰ ভাষাত চলিছে ৷ মধ্য অসম কামৰূপীয়া, বৰপেটীয়া, নলবৰীয়া ইত্যাদি অনেক কথিত ভাষা প্ৰচলন হ'য় ৷ যদি ভাষা এটা কথিত ৰূপত ব্যৱহাৰ কৰি নাথাকে তেন্তে সেই ভাষাৰ লিখিত ৰূপে কিমান মান্যতা ৰাখিব পাৰিব তাত যথেষ্ট সন্দেহ আছে ৷ গতিকে শুদ্ধ অসমীয়া কোৱা লোক কিমান শতাংশ ৰৈ গ'ল? নে তেওঁলোকে ওলটা খৰ মাৰি কব নেকি যে বৰাকৰ বাঙালা ভাষী বিদ্যালয়ত আমাৰ ভাষা চলে, বঙালীবোৰ অসমীয়া বুলি ৷ নে তেওঁলোকে ভাৰতীয় সংবিধানে বিধিসন্মত ভাৱে দিয়া নিজৰ জনজাতীয় ভাষাৰ অধিকাৰ কাঢ়ি জনজাতিৰ মুখত অসমীয়া ভাষা জুলুম কৰি সুমুৱাই দিব? গতিকে বানপানীত পৰা মানুহে বচিবলৈ শেষ সম্বল হিচাপে খেৰৰ কূটাকে সাৱতি ধৰা দি অসমীয়া ভাষীক উগ্ৰ জাতীয়তাবাদীসকলে বড়োসকলৰ বিৰুদ্ধে বাংলা ভাষীক লৈ ভাষীক সংখ্যাগৰিষ্ঠতাৰ ৰাজনীতি নকৰাই উচিত ৷ তেওঁলোকে নিজৰ ভাষাৰ আত্মীয়তাৰ কথাটোহে গুৰুত্ব দিয়া উচিত ৷
Comments
Post a Comment