অসমৰ বুকুত উত্থাপিত দ্বিতীয় শ্ৰেণী নাগৰিকৰ প্ৰশ্নঃ
খিলঞ্জীয়া আৰু ভুমিপুত্ৰ শব্দ দুটাৰ অৰ্থ একে নহ'য় ৷ এই শব্দ দুটাৰ ইংৰাজী অৰ্থ একে যদিও প্ৰকৃতাৰ্থত শব্দ দুটাই দুটা নিদিষ্ট সময়ৰ ব্যৱধান ল'য় ৷ সেয়ে অসমৰ ক্ষেত্ৰত এই শব্দ দুটাই কূটনীতি আৰু ৰাজনীতিৰ বেহুত নাগৰিকৰ পৰিচয় আৰু অধিকাৰত এক বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে ৷ শেষতীয়াকৈ শব্দই দুটাই অসমত ঐতিহাসিক ভাৱে বসবাস কৰা জনজাতিসকলৰ লগতে ৭০ দশকত বাংলাদেশৰ পৰা প্ৰৱজিত ধৰ্মীয় সম্প্ৰয়দায়ক লৈ এটা আউল লগা জটিল তথা অমিমাংসীত সমস্যাৰ সৃষ্টি কৰিছে ৷ এই শব্দ দুটাৰ ভেল্কীবাজীৰে এটা জাতিয়ে মুছলমান আৰু ভুমিপুত্ৰ জনজাতিৰ ওপৰত ৰঘুমলাৰ দৰে শিপাই জনজাতিৰ আত্ম-অধিকাৰ নিচিহ্ন কৰাৰ ধাৰাবাহিকতা বজাই ৰখা আৰু একাংশ দেশীয় মুছলমাৰ নাগৰিকত্বৰ বৈধতাত মুনাফা লুটাৰ চৰিত্ৰ তৈয়াৰ কৰি লৈছে ৷ এইটো নকলেও হ'য় যে তেওঁলোকৰ বাবে মুছলমান মানেই ৰাজনীতিত এক বৃহৎ সংখ্যা আৰু ভুমিপুত্ৰ জনজাতিৰ বিপৰীতে অসমত নিজৰ স্হায়িত্বৰ খুপনি মজবুট কৰা ৷ প্ৰথমটো ভোট বেংকৰ ৰাজনীতিৰে শাসন লোৱা আৰু দ্বিতীয়টো এই ভুমিৰ আদিম অধিবাসীৰ ঐতিহাসিক আৰু বৰ্তমান সাংবিধানিক ভিত্তিত থকা অধিকাৰসমূহ ধ্বংস কৰা ৷ মুলতঃ অসমত উচ্চ বৰ্ণবাদী জাতিয়ে নিজৰ প্ৰভুত্বৰে শাসন আৰু শোষণ কৰাৰ স্বাৰ্থত জনজাতীয় লোকক এই ভুমিৰ পৰা সম্পূৰ্ণ উৎখাত তথা নিচিহ্ন কৰাই একমাত্ৰ লক্ষ্য ৷
৮০ দশকৰ আৰম্ভনিৰ পৰা "খিলঞ্জীয়া" শব্দই অসমৰ বুকুত সজোৰেৰে নিজৰ উপস্হিতি ঘোষণা কৰে ৷ বিশেষকৈ ৮৫ অসমীয়া ছাত্ৰ আন্দোলনে এই শব্দটোক এক ৰাজকীয়(প্ৰভুত্ববাদী) মান্যতা প্ৰদান কৰে ৷ কিন্তু সেই ছাত্ৰ আন্দোলনেই নিজৰ ইচ্ছাকৃত ভুলৰ বাবে এটা শব্দক এলাগি কৰি এখিনি মানুহৰ অধিকাৰক অতি কৌশলৰে তেওঁলোকৰ ছাত্ৰ নীতি, আন্দোলনৰ কাৰ্য্যসূচীৰ পৰা নিলগাই ৰাখিছিল ৷ আৰু তেতিয়াই পূৰ্ণতা পাইছিল "ভুমিপুত্ৰ"ৰ এক নৱ আত্মচেতনাই ৷ যি আত্মচেতনাৰ জৰিয়তে ভুমিপুত্ৰ জনজাতিসকলে নিজৰ নিজৰ আত্ম-অধিকাৰ আৰু আত্ম-প্ৰতিষ্ঠাৰ হকে একত্ৰিত হৈ পথলৈ ওলায় আহিছিল ৷ নকলেও হ'য় যে ৮৫ ৰ উগ্ৰ অসমীয়াৰ ৰাজনৈতিক বাতাবৰণে অসমৰ আদিম জাতি বড়োসকলক বেছিকৈ ক্ষতিগ্ৰস্ত কৰি পেলাইছিল ৷ সেই সময়ত মুছলমান সকল বাতাবৰণটোৰ পৰা ক্ষতিগ্ৰস্ত হৈছিল যদিও সেয়া এটা ৰাজনৈতিক বাতাবৰণত সাময়িকী আছিল ৷ কিন্তু বড়োসকলে নিজৰ মাটিত ঐতিহাসিক ভাৱে বসতিস্হাপন কৰি অহাৰ পাছতটো নিজৰ অধিকাৰৰ ক্ষেত্ৰত ইতিহাস আৰম্ভনি হোৱাৰ পৰা ৰাজনৈতিক ব্যৱস্হা লাভ কৰাৰ পাছতো নিজৰ মাটিতে "দ্বিতীয় শ্ৰেণী" লোকলৈ অৱনমিত হোৱাটো আজিও দেখা দি আহিছে ৷ অসমৰ ৰাজনীতিত পৰিৱেশ, ভৌগলিক অৱায়বহ আৰু অৰ্থ-সামাজিক জনগাঁঠনিৰ ওপৰত তীব্ৰ প্ৰভাৱ পৰা অসমীয়া ছাত্ৰ আন্দোলনটোয়ে সাধাৰণ মানুহৰ চকুত যদিও অবৈধ বিদেশী বহিস্কৃত ৰূপ ধাৰণ কৰিছিল কিন্তু ভিতৰি তেওঁলোকৰ ভাষিক লোকৰ মাজত সেই বিদেশী বহিস্কৃত আন্দোলনটো তীব্ৰ জনজাতি বিদ্বেষী আছিল ৷ কাৰণ সেই সময়ত ছাত্ৰ সংগঠনটোৰ নেতৃত্বই কোনো জনজাতীয় লোককে বিশ্বস কৰা নাছিল আৰু সংগঠনটোৰ মুল ভিতৰচৰাত প্ৰৱেশৰ সুবিধা ৰখা নাছিল ৷ যাৰ বাবে বড়োকে ধৰি বাকী ভুমিপুত্ৰ জনজাতীয় লোকসকলৰ বাবে এটা ডাঙৰ প্ৰশ্ন সন্মখত দেখা দিলে ৷
যেতিয়া ভাৰতৰাষ্ট্ৰৰ শাসনক দলিয়াই অসমত অসমীয়াৰ স্বাধীনতাৰ উকমুকনি উঠিল তেতিয়াই এই ভুমিত দ্বিতীয়টো জনজাতি বিদ্বেষী আৰু এটা শক্তি মুৰদাঙী উঠিল ৷ এই শক্তিটোও নিজৰ ক্ষমতা কেৱল ভাৰত ৰাষ্ট্ৰৰ ওপৰতে প্ৰয়োগৰ সীমাবদ্ধতা নাৰাখি পাছলৈ ভিতৰি ভিতৰি এক জনজাতি জনগাঁঠনি তচনচ কৰিবলৈ উঠিপৰি লাগিল ৷ বিশেষকৈ স্বাধীনতাৰ নামত বিদেশৰ মাটিত সামৰিক অৱস্হান কৰিলে যদিও সেই মাটিৰ পৰা ধৰ্মীয় সম্প্ৰদায়ক জনজাতি জনগাঁঠনি ধ্বংস কৰা বিৰুদ্ধে লগাই থাকিল ৷ প্ৰথমাৱস্হাত সংগঠনটোয়ে অসমৰ ভৌগলিক স্বাধীনতাৰ নীতি-আদৰ্শ আৰু উদ্দেশ্যত বিশ্বাসী আছিল যদিও সংগঠনৰ ভিতৰচৰাত বৰ্ণবাদী পৰিচয়ৰ এটা শক্তিয়ে মুৰদাঙী উঠে ৷ যিটোয়ে অসম স্বাধীনতাৰ আগৰ আৰু পাছৰ দুয়োটা পৰিস্হিতি কেৱল ভাষিক অসমীয়াৰ স্বাৰ্থক দাবীদাৰী কৰি তুলিলে ৷ তেওঁলোকে বিচৰা ধৰণেই সংগঠনৰ ভিতৰচৰাত এজনো জনজাতীয় লোকক নেতৃত্ব দিব নিবিচাৰিলে যাতে নিজৰ স্বাৰ্থ সদায় অখুন্ন থকে ৷ পাছলৈ সংগঠনটোৰ ভিতৰচৰাত থকা জনজাতি বিদ্বেষী কথা জনজাতীয় যুৱকে জানিব পাৰি সংগঠনটোৰ পৰা নিকে দূৰত ৰাখিলে ৷ এই কথাটো অনুধাৱন কৰিয়েই শোষতীয়াকৈ সংগঠনটোৰ নেতৃত্ববৃন্দ আৰু সমূহ সদস্যই নিজৰ উপাধি বদলিকৰণৰে এটা "সামুহিক গ্ৰহণযোগ্য" পৰিচয় পৰিগ্ৰহণ কৰি ললে যাতে নিজৰ আচল চৰিত্ৰৰ প্ৰতিছবিখন প্ৰকট নহ'য় ৷ গতিকে তেওঁলোকৰ উদেশ্যই হৈছে নিজকে ভাষিক পৰিচয়ৰে অসমত এক নিগাজি স্হান দখল কৰি সাম্ৰাজ্যবাদী চৰিত্ৰৰে ৰাজ্যখনত বসবাস কৰা আদিম অধিবাসী তথা সৰু-বৰ ভুমিপুত্ৰ জনজাতিৰ ওপৰত প্ৰভুত্ববাদী শাসন আৰু শোষণ কৰা ৷ ভুমিপুত্ৰ জনজাতিৰ অধিকাৰক ধ্বংস কৰা ৷ এটা কথা মন কৰিবলগীয়া যে অসমত ভুমিপুত্ৰৰ ওপৰত প্ৰভুত্ববাদী দাবীদাৰ কৰি ভুমিপুত্ৰ জনজাতিৰ মাটিত স্বাধীনতা বিচৰা সকলৰ ঐতিহাসিক ভিত্তি আৰু অধিকাৰ শূন্য ৷
তৃতীয় হ'ল আটাইতকৈ শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰা উগ্ৰ ভাষিক শক্তি ৷ এই শক্তিটো সামুহিক, সংঘবদ্ধ ৰূপত আত্মপ্ৰকাশ হৈ উঠিছে ৷ এই গোটেই ব্যৱস্হাটো অৰ্থাৎ অসমত "অসমত ভাষিক খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিবই লাগিব" জাতীয় ব্যৱস্হাটো অসমীয়াই মুলতঃ আৰ্য সংস্কৃতিৰ চতুৰামিৰ চৰিত্ৰৰ পৰা পোৱা পৈতৃক সম্পতিৰ দৰে ৷ ইয়াত তেওঁলোকৰ চৰকাৰ, প্ৰশাসন, ৰাজনীতিক, বুদ্ধিজীৱি, নানান দল-সংগঠন, সাহিত্যিক মানুহখিনিয়ে সক্ৰিয় ভুমিকাত অৱৰ্তীৰ্ণ হৈছে ৷ তেওঁলোকে এটা পৰিচয় বিচৰাৰ পৰিৱৰ্তে এটা ভাষিক পৰিচয়ৰে নিজৰ প্ৰভুত্ববাদী চৰিত্ৰক অধিক শক্তিশালী কৰিবলৈ লৈছে ৷ তেওঁলোকৰ এই শক্তি কেৱল অবৈধ বিদেশী ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে সীমাবদ্ধ হৈ থকা নাই ৷ এই শক্তিয়ে অতি শক্তিশালীভাৱে অসমৰ ভুমিপুত্ৰ জনজাতিসকলৰ বিৰুদ্ধে নামি পৰিছে ৷ প্ৰথমেই তেওঁলোকে সংৰক্ষণ বিৰুধী নীতিত মাত আৰু হাত দিছে ৷ ভুমিপুত্ৰ জনজাতিয়ে পাই অহা সংবিধানকৃত অধিকাৰত দখল আৰু ধ্বংস কৰিছে ৷ জনজাতীয় সকলো পৰম্পৰাগত ব্যৱস্হা, সামাজিক, সাংস্কৃতিক, ধৰ্ম আৰু ভুমি এটাৰ পাছত এটাকৈ কাঢ়ি নিব ধৰিছে ৷ শেষতীয়াকৈ সেই শক্তিয়ে কাৰ্বি আৰু বড়োসকলৰ অধিকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যে এই ভূ-খণ্ডত তেওঁলোকে কিহৰ ভিত্তিত পৃথক ৰাজ্য বিচৰা অধিকাৰ পালে? অথচ তেওঁলোকে ভাৰতীয় সাংবিধানৰ নীতি নিয়মৰ বিষয় বিলাক নাজানে? নে জানিও এই প্ৰশ্ন? এখন দেশৰ সংবিধানে ইয়াৰ জনসাধাৰণ, বিশেষকৈ সৰু-বৰ জনজাতিসমূহক উচ্চ জাতিৰ আগ্ৰাসী কালচাৰেলৰ বিপৰীতে স্বতন্ত্ৰিয়কৈ উপভোগ কৰিব দিয়া অধিকাৰ আৰু আত্মপৰিচয়ৰে জীয়াই থাকিব বিচৰা অধিকাৰৰ ওপৰত তেওঁলোকে আজি সামুহিক প্ৰশ্ন আৰু বিৰুধ কাৰ্য্য কৰিব ধৰিছে ৷ এজন ভুমিপুত্ৰ জনজাতি হিচাপে আপুনি তেওঁলোকৰ এই বিৰুধীতাক কেনেকৈ স্বীকাৰ কৰিব?
২০০৩ চনতটো অসমৰ জনজাতিসমূহৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰ আছিল ৷ সেই বছৰটোতে অসমৰ উগ্ৰ ভাষিক সম্প্ৰদাৰ চকু কপালত উঠাৰ লগতে তেওঁলোকৰ চেতনাক জনজাতিৰ প্ৰাপ্য অধিকাৰে এক ভয়ংকৰ আঘত হানিছিল ৷ বিশেষকৈ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত বড়োসকলে নিজৰ আত্মঅধিকাৰ কিঞ্চিৎ তেওঁলোকৰ হাতৰ পৰা কাঢ়ি আনিবলৈ সক্ষম হ'য় ৷ বড়োসকলৰ এই প্ৰাপ্য অধিকাৰে তেওঁলোকক শতাশ কৰিলেও ৰাজনৈতিক দ'ল কংগ্ৰেছ আৰু এজিপিৰ ভিতৰুৱা কাৰ্যকাৰী একাংশ কূটনৈতিক সদস্য আৰু অসমৰ বুদ্ধিজীৱি মহলৰ বাঘা বাঘা একাংশ লোকৰ পৃষ্ঠপোষকতাত বড়োসকলৰ ন্যায় আৰু অধিকাৰৰ বিৰুদ্ধে জন্ম হ'ল "অবড়ো" নামৰ এক অৰাজনৈতিক সংগঠন ৷ এই বড়ো বিৰুধী অৰাজনৈতিক সংগঠনটোক সাৰ-পানী যোগান ধৰিলে স্বয়ং ৰাজনৈতিক দ'ল আৰু অসমীয়া ভাষিক দ'ল সংগঠনসমূহে ৷ এটা কথা লক্ষণীয় যে এই সংগঠনে জন্মলগ্নৰ পৰাই তীব্ৰ বড়ো বিৰুধী আন্দোলন কৰি আহিছে যিটো সংবিধানৰ গণ্ডীৰ ভিতৰত নপৰে ৷ পৰিতাপৰ কথা এয়ে যে এই সংগঠনক অসমৰ কোনো সংগঠনেই টু শব্দৰে বিৰুধীতা কৰা দেখা নাই ৷ বৰঞ্চ তেওঁলোকৰ সৈতে সুৰ মিলাই অসমৰ জাতীয় সংগঠনবোৰেও বড়ো বিৰুধী কাৰ্যত লিপ্ত হৈ পৰিছে ৷ তেওঁলোকৰ বড়ো বিৰুধী আন্দোলনৰ পৰা এটাই চৰিত্ৰ প্ৰতিফলিত হৈ পৰিছে যে ভুমিপুত্ৰ জনজাতিয়ে নিজৰ আত্মঅধিকাৰৰ বলত প্ৰতিষ্ঠা কৰা কোনো ব্যৱস্হাত তেওঁলোকে থাকিব নিবিচাৰে ৷ সি লাগিলে ভাৰতীয় সংবিধানৰ গণ্ডীৰ ভিতৰতেই নহওঁক কিয়?
ভাৰতবৰ্ষত প্ৰচলিত শাসন ব্যৱস্হা বৰ্তমানলৈকে আৰ্যলোকৰ হাতত কুক্ষিগত হৈ আছে ৷ এই শাসন ব্যৱস্হা কোনো কালেই আৰ্যলোকে আনৰ হাতলৈ নতুবা অনাৰ্য হাতত ন্যস্ত কৰাৰ পক্ষপাতী নহ'য় ৷ ভাৰতীয় এই ধাৰাবাহিক পৰম্পৰাৰ চৰিত্ৰ অসম আৰু অসমীয়াও আখৰে আখৰে পালন কৰি আহিছে ৷ অথচ অসমৰ ভুমি জনজাতিসকলৰ ঐতিহাসিক দলিল ৰূপে আজিও পৰিগণিত ৷ অক্ষত ৰূপত আছে ৷ যাৰ বাবে তেওঁলোকৰ পূৰ্বপুৰুষে নিজৰ নিজৰ বীৰ্য-শীৰ্যৰ চানেকীৰে এই জনজাতীয় ভুমিত একো একোখন অমৰ বুৰঞ্জী লিপিবদ্ধ কৰি থৈ গৈছে ৷ দক্ষিণ এছিয়াৰ মংগোল ফৈদৰ ভুমিপুত্ৰ জনজাতিসকলে এই মাটিত প্ৰৱজিত নানান জাতিৰ তীব্ৰ সামৰিক আক্ৰমণৰ সন্মুখিন হৈছিল যদিও তেওঁলোকৰ এই মাটিত থকা শিপা উভালিবলৈ আজিও সেই প্ৰৱজিত জাতিবোৰে প্ৰচেষ্ট অৱ্যাহত ৰখিছে ৷ ইয়াৰ প্ৰমাণ স্বয়ং মহাভাৰতৰ ৰামায়ণৰ পৰা আজিৰ জনজাতি বিদ্বেষী আন্দোলন আৰু কাৰ্যসমূহ ৷ কবলৈ গলে জনজাতি বিদ্বেষী চৰিত্ৰটোৰ এটা ঐতিহাসিক যুগসুত্ৰ আছে আৰু এই যুগসূত্ৰটো নিয়াৰিকৈ "সন্মানীয় যুঁজ" হিচাপেই চলাই আহিছে তেওঁলোকে ৷ সেয়ে আজিৰ পেক্ষাপতত অসমৰ দৰে ৰাজ্যখনত এক শক্তিশালী ভাষিক গোষ্ঠীয়ে জনগোষ্ঠীৰ বিৰুদ্ধে চাফাই অভিযানত নিজৰ সামূহিক শক্তিক কেন্দ্ৰিভূত কৰিছে ৷ অসমৰ ভৌগলিক অখণ্ডতা অখুন্ন ৰখাৰ স্বাৰ্থত তেওঁলোকে যি জনজাতি বিদ্বষ নিজৰ মানুহ মাজত জাগ্ৰত কৰিছে সেয়া একান্তই চক্ৰান্তমূলক ষড়যন্ত্ৰৰ এক অংশ ৷ এই ষড়যন্ত্ৰই তেওঁলোকে প্ৰতি ক্ষণতে আওৰাই থকা তথাকথিত "বৰ অসম" ভেটি গৰাখহনিয়াৰ দৰেই খহিব ধৰাটো তেওঁলোকে প্ৰত্যক্ষ কৰিব পৰা নাই ৷ যিটো ভৱিষ্যতে এই ভুখণ্ডত ক্ষয়কাৰী ভয়ংকৰ পৰিস্হিতি সন্মখত উদ্ভৱ নহ'ব তাত অকনো সন্দেহ নাই ৷
শেষতীয়াকৈ অসমীয়াই অতি কৌশলৰে সামূহিক শক্তি ব্যৱস্হাৰে ভৈয়াম জনজাতিৰ আত্মনিয়ন্ত্ৰণ, আত্ম-অধিকাৰ আৰু ন্যায়ত বাধা প্ৰদানৰে এই ভূমিত তেওলোকে নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিকত্ব থকাটো প্ৰতিপন্ন কৰিব বিচাৰি ওলটাই জনজাতিৰ বিৰুদ্ধে প্ৰতি অভিযোগ আৰোপ কৰি নিজকে জনজাতি অঞ্চলসমূহত "দ্বিতীয় শ্ৰেণীৰ নাগৰিক" হিচাপে ব্যৱহাৰ পোৱা আৰু থকাৰ অভিযোগ উত্থাপিত কৰিছে ৷ তেওঁলোকে ভিত্তিহীন অভিযোগতে ক্ষান্ত নাথাকি তেওঁলোকৰ বিভিন্ন সংগঠনৰ লগত জৰিত নেতৃত্ববৃন্দই তেওঁলোকৰ ভাষিক নাগৰিকে পোৱা "দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ ব্যৱহাৰ"ত শংকিত হৈ জনজাতিক ভাবুকিও দিছে ৷ তেওঁলোকৰ এই ভিত্তিহীন অভিযোগৰ বিপৰীতে জনজাতি অধিকাৰ ভংগ কৰা বিষয়সমূহ আৰু তেওলোকৰ প্ৰশাসন কিম্বা চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ শাসনৰ দিনৰ পৰা ভৈয়াম ভুমিপুত্ৰই নিজৰ ঘৰতে তেওঁলোকৰ হাতত নিগৃহিত আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে জীৱন নিৰ্বাহ কৰি জীয়াই আহিব লগা পৰিস্হিতিটো আজি "জাতীয়" সমস্যা পৰিগণিত নহ'ল ৷ ভৈয়াম জনজাতিসমূহে নিজৰ অধিকাৰ বিচাৰোতেই যদি তেওঁলোকে জনজাতিৰ ভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে অনুভৱ কৰি জনজাতিক হুংকাৰ দিবলৈ ধৰে তেন্তে আজি কি কাৰণত জনজাতিসমূহে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে পথত নামি আন্দোলন কৰিব লগা হৈছে? কি কাৰণত "বৰ অসমৰ" গঢ়িব যোৱা জাতিটো হাতত ভৈয়াম জনজাতিসকলৰ অধিকাৰ আৰু ন্যায় প্ৰতিষ্ঠা নহ'ল? এই প্ৰশ্নবোৰৰ উত্তৰ তেওঁলোকে দিব পাৰিবনে?
সম্পদ সুৰক্ষাৰ ক্ষেত্ৰত, ভুমি সংৰক্ষণৰ ক্ষেত্ৰত ভুমিপুত্ৰ জনজাতিৰ অধিকাৰ যে এটা আছে সেই কথাটো অসমীয়া ভাষিক গোষ্ঠীয়ে এবাৰ বিবেচনাৰ বিষয় বুলি ভাৱি পাইছেনে? অসমৰ ভৌগলিক ক্ষেত্ৰৰ ভিতৰত থকা সকলো সম্পদক নিজৰ প্ৰভুত্ববাদী চৰিত্ৰৰে "আমাৰ সম্পদ আমাৰ অধিকাৰ" বুলি সাৱতি সেই সম্পদৰ পৰা ভুমিপুত্ৰ জনজাতিক বঞ্চিত কৰি তেওঁলোকে সাম্ৰাজ্যবাদী শোষকৰ লগত মিলি একচেতিয়াকৈ অসমস সম্পদ ভোগ কৰি থকা কাৰ্যই জনজাতিসকলক নিজৰ ঘৰতে আৰু সম্পদৰ ক্ষেত্ৰত "দ্বিতীয় শ্ৰেণীৰ নাগৰিক" সজোৱা নাইনে? আজি ভৈয়াম জনজাতিসকলে নিজৰ ভূমিতেই সুৰক্ষিত নহ'য়, জনজাতিৰ ভূমি সুৰক্ষিত নহ'য় ৷ তেনে ক্ষেত্ৰত কি যুক্তিত অসমীয়া ভাষীক গোষ্ঠীয়ে ভুমিপুত্ৰ জনজাতিৰ ওচৰত নিজকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাৰ ভিত্তিহীন অভিযোগ উত্থাপিত কৰিছে? এয়া তেওঁলোকৰ স্বাৰ্থ জৰিত অভিযোগ নহ'য় নে? কিমান আৰু জনজাতিক হেয় জ্ঞান কৰিব? অসমীয়া ভাষিক গোষ্ঠীয়ে শেষতীয়াকৈ বড়োভুমিত অবৈধ বিদেশী ধৰ্মীয় সম্প্ৰদায়ৰে মিলি সংখ্যাগুৰু ৰাজনীতি কৰি বড়োসকলৰ বিধিসন্মত স্বয়াত্ব শাসনৰ বিৰুধীতা তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱাৰ সুবাদতে কৰিব পাৰিছে নহ'য় জানো? ভাৰতীয় সংবিধানৰ ছত্ৰছায়াত থাকি সকলো অধিকাৰ ভোগ কৰিবলৈ সক্ষম হোৱা কাৰণে আজি এখিন ভুমিপুত্ৰ জনজাতিয়ে নিজৰ অধিকাৰ পাবলৈ ধৰাত সেই অধিকাৰক ধ্বংস কৰিবলৈ গৈ দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভৱাসকলেই জনজাতিৰ বিৰুদ্ধে ঠিয় হৈ ভাৰতীয় সংবিধানক প্ৰত্যহ্বান জনোৱা নাই নে? নে তেওঁলোকৰ এইটোও এই ভুমিত জনজাতিৰ বিৰুদ্ধে থকা একমাত্ৰ অধিকাৰ বুলি গণ্য কৰে? জনজাতীয় সাংবিধানিক অধিকাৰক ভ্ৰুক্ষেপ নকৰি ভাষিক অসমীয়াই জনজাতিসকলৰ ওচৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হোৱা বাবেই আজিলৈকে জনজাতীয় আবেষ্টনিকৃত বেল্ট আৰু ব্ল'ক সমূহত অৰ্হতা নথকা স্বত্বেও নিৰ্ভয়ে বসবাস কৰি আহিছে ৷ কেতিয়াবা ভাষিক অসমীয়াই এবাৰো ভাৱিছে নে যে জনজাতি আবেষ্টনিকৃত বেল্ট আৰু ব্লকসমূহ আজি কি দৰে অসুৰক্ষিত অৱস্হাৰ দিশলৈ গতি কৰিছে? জনজাতীয় মৰ্মবেদনাক বুজিবলৈ চেষ্টা কৰিছে নে? অসমৰ ভাষিক জাতীয়তাবাদী সকলে সময় থাকোতেই অসমৰ ভৈয়াম ভুমিপুত্ৰ জনজাতিসকলক প্ৰশ্নসমূহৰ সুদুত্তৰ দিয়া উচিত ৷ জনজাতিৰ অধিকাৰৰ বিষয়ত তেওঁলোকে ভিত্তিহীন অভিযোগ উত্থাপন কৰা বন্ধ কৰক ৷
Comments
Post a Comment