অসমীয়াত্বটো ভুমিপুত্ৰ জনজাতিৰ এটা দুৰ্যোগঃ
[[ জনজাতিয়ে যেতিয়া এখন ভাল ইঞ্জিনিয়াৰিং বিশ্ববিদ্যালয়; এখন কৃষি বিশ্ববিদ্যালয়; উচ্চ মেডিকেল কলেজ; পলিটেকনিক প্ৰতিষ্ঠান লাগে বুলি বৰঘৰত দাবী জনায় তেতিয়া সেই প্ৰয়োজন জনজাতিৰ বাবে সূদুৰপ্ৰহৰাত হ'য় ৷ অসমীয়া হৈ জনজাতীয়ে শিক্ষা বিচৰা অধিকাৰ এই অসমত নাই; অধিকাৰ নাই বাবেই জনজাতিয়ে নিজৰ অধিকাৰ পাবলৈ পৃথক পৰিচয়ৰে আত্মপ্ৰকাশ কৰাটো কি অক্ষমনীয় অপৰাধ হ'ল??]]
কেৱল অসমতে উচ্চ বৰ্ণ শ্ৰেণীসকলৰ দপদপনী চলা নাই ৷ সমগ্ৰ ভাৰততে দেশখনৰ প্ৰচীন ভুমিপুত্ৰ আৰু আদিবাসী সকলৰ ওপৰত বৰ্ণ শোষণ, সামাজিক শোষণ, অৰ্থনৈতিক শোষণ অৱধাৰিত ভাৱেই চলি আহিছে ৷ যদি এই কথা সত্য নহ'য় তেন্তে দেশত এখন সমতাৰ সংবিধান সৃষ্টি কৰোতে "সংৰক্ষণ"ৰ দৰে ব্যৱস্থাক ৰাখিব লগা নিশ্চয় নহ'ল হ'য় ৷ যেতিয়া এটা সম্প্ৰদায়ে নিজকে শিক্ষিত, সামাজিক আচৰণ আন্য লোকতকৈ উচ্চ গণ্য কৰি আন এটা সম্প্ৰদায়ৰ ওপৰত মানসিক, সামাজিক, অৰ্থনৈতিক শোষণ আৰু বৈষম্য চলাব ধৰে তেতিয়াহে সমাজত সকলো মানুহৰ সমতা, সম-ন্যায়, সম-অধিকাৰ আৰু ভেদভাৱহীন সমাজ বৰ্তাই ৰাখিবলৈ নিৰপেক্ষ সংবিধান সৃষ্টিৰ আৱশ্যক আৰু ইয়াৰ সুৰক্ষা দিশটো আহি পৰে ৷
ভাৰতীয় ৰাষ্ট্ৰযন্ত্ৰৰ প্ৰতিখন চৰকাৰ, প্ৰশাসন, ৰাজনৈতিক দল, সংবাদ মাধ্যম সমূহত থকা বিভিন্ন উচ্চ পদবীধাৰীসকল কোন শ্ৰেণীৰ মানুহ? অতি দুখ লগাকৈ ৰাষ্ট্ৰীয় ব্যৱস্থাত জনজাতীয় লোকৰ অংশীদাৰীত্ব নগণ্য ৷ মুঠ ভাৰতীয় জনজাতি আৰু আদিবাসীৰ ভিতৰত মাত্ৰ ১'৫ শতাংশ আদিবাসী আৰু জনজাতীয় লোকে দেশৰ বিভিন্ন উচ্চ আসন(চৰকাৰী-বেচৰকাৰী)ৰ অধিকাৰী ৷ এই হিচাপত দেশখনত সমতাৰ ন্যায়ৰ ক্ষেত্ৰত দেখদেখকৈ আকাশ পাতাল পাৰ্থক্য ৷ সম বিকাশৰ কথা আওৰাই থকা সকলেই কিয় ভাৰতৰ সকলো সম্প্ৰদায়কে বিকাশৰ মাধ্যমত সমান নিয়োগ ব্যৱস্থা কৰা নাই? কিয় শিক্ষাগত লক্ষ্মণৰেখা টানি ৰাখিছে? শিক্ষিত সকলেই কিয় নিৰিক্ষৰ জনজাতিক সমান শিক্ষা প্ৰদানৰ ব্যৱস্থাক অত দিনে তল পেলাই ৰাখিছে? সমান শিক্ষাৰ ব্যৱস্থা কিয় তেওঁলোকে কৰিব পৰা নাই ৷ এনেলৈ চালে এয়া জনজাতিৰ বিৰুদ্ধে শিক্ষাক লৈ কৰা বৈষম্য নহ'য় নে?
ভাৰতৰ দৰে বিশাল আৰু জনজাতীয় দেশত আদিবাসী আৰু জনজাতীয় ল'ৰা-ছোৱালীয়ে যোগ্যতাৰ ভিত্তিত প্ৰাপ্য পাব লগা থাকিলেও সেয়া নিজকে বৰ্ণ উচ্চতাত ৰখা মানুহখিনিৰ মানসিক অৱস্থাই জনজাতিৰ উপস্থিতি মানি লবলৈ স্বীকাৰ নকৰে ৷ সেই একে কথা অসমতো বহু জনজাতি ল'ৰা-ছোৱালিয়ে যোগ্যতা, অধিকাৰ আৰু ন্যায় হেৰুৱাই আহিছে একমাত্ৰ জাত্যভিমানী অহংকাৰৰে প্ৰভুত্ব বজাই ৰাখিব বিচাৰা অসমীয়া বৰ্ণ সমাজখনৰ প্ৰতাপত ৷ অসমীয়া বৰ্ণ সমাজখনে উচ্চ শিক্ষিত হৈও অতি দুৰ্ভাগ্যজনকভাৱে ইয়াৰ ভূমিত বসবাস কৰি অহা প্ৰাচীনতম জনজাতিসমূহক নিজৰ ভূমিতে অৱহেলিত কৰি ৰাখিছে; বিভিন্ন ক্ষেত্ৰত নিজৰ অংশীদাৰিত্ব পাবলৈ জনজাতীয় মানুহখিনিয়ে অতি দুৰ্ভাগ্যজনক ভাৱে উচ্চ বৰ্ণ অসমীয়া সমাজখনৰ লগত এক সংঘৰ্ষমুখৰ পৰিস্থিতিৰে মুখামুখি হৈ আহিব লগা হৈছে ৷ কিয় হৈছে ইয়াৰ বিচাৰ আজিও কোনো অসমীয়াই কথাবোৰ ভাবিৱলৈ প্ৰয়োজন অনুভৱ কৰা নাই ৷
[[ অসমৰ ভুমিপুত্ৰই যুগ যুগ বছৰৰ পাছতো অসমীয়া হৈ গৌৰৱ কৰিব পৰাকৈ মুল অসমীয়া মানুহৰ পৰা একো সুবিধা আজিলৈকে নাপালে ৷ এটা জাতিক লৈ তেতিয়াহে গৌৰৱ কৰিব পৰা যায়, যেতিয়া জাতিটোৰ মুল অংশই বাকী ক্ষুদ্ৰ অংশক শক্তিশালী ৰূপত গুৰি ধৰে]]
আজিৰ পৰা দহ বছৰ আগৰ অসমৰ পৰিস্থিতি এবাৰ উভতি চোৱা হওঁক ৷ বছৰ বছৰ ধৰি অসমৰ ভুমিপুত্ৰই নিজৰ মাটিত শিক্ষিত হ'বলৈ, চৰকাৰী কামত সহযোগ কৰিবলৈ; ৰাজনৈতিক ক্ষেত্ৰত অংশীদাৰীত্ব পাবলৈ; অৰ্থনৈতিক অনাতন তথা অৰ্থনৈতিক সুৰক্ষা পাবলৈ; পৰিষ্কাৰ-পৰিছিন্ন সমাজ ব্যৱস্থাৰ মাজত জীৱন-যাপন কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল ৷ এই সকলোবোৰ একমাত্ৰ অসমীয়া হোৱাৰ গৌৰৱৰ বাবে বিচাৰিছিল ৷ কিন্তু অৱহেলিত ভুমিপুত্ৰই শান্তিপূৰ্ণ মাধ্যমৰে বিচৰা প্ৰাথমিক প্ৰয়োজনৰ লগতে মৌলিক অধিকাৰৰ বিপৰীতে পালে লাঞ্ছনা-বঞ্চনা ৷ দিশপুৰত বহি থকা বৰ্ণ সমাজৰ অসমীয়া শাসকে নিজৰ অস্তিত্ব হেৰুৱাৰ মিছা ভয়ত জনজাতিৰ গণতান্তিক শান্তিপূৰ্ণ প্ৰতিটো মিছিলকে সামৰিক শক্তি প্ৰয়োগৰে দমনত নামি পৰিল(পিটিচি আন্দোলন, বড়ো ভাষা আন্দোলন ইত্যাদি)৷ এনে সামৰিক দমনৰ বিৰুদ্ধে কোনো অসমীয়া সমাজে ভুমিপুত্ৰ জনজাতিসকলৰ মাজত আহি বিপদৰ মাত দিয়া নাছিল; বৰঞ্চ অসমৰ জাত্যভিমানী অসমীয়াই জনজাতিয়ে অসমীয়া ভাষাৰ বিপৰীতে নিজ মাতৃভাষা কোৱাৰ বাবে নিদিষ্ট দূৰত্বৰ পৰা নিৰিক্ষণ কৰি জনজাতি সকলৰ লাঞ্চনা ভোগা দৃশ্যক হাঁহিমুখে চাই আছিল ৷ জনজাতিৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনৰ পূৰ্ৱে কোনো দিনে অসমীয়া বৌদ্ধিক মহলৰ লগতে অসমীয়া ৰাজনৈতিক মহলে ভুমিপুত্ৰৰ অভাৱ আৰু সমস্যাৰ বিষয় বিলাক ভুলটো জানিবলৈ, সমাধা কৰিবলৈ আগবাঢ়ি আহা নাছিল ৷ সেই সময়ত শাসকীয় অসমীয়াই জনজাতীয় লোকৰ দায়িত্ব লোৱাটো দূৰৈৰ কথা; সেয়া অভিজাত্যত ঘোৰ অপমনৰ কথা আছিল ৷ দুখৰ বিয়ষ; আজিও অসমীয়া শাসকৰ চৰিত্ৰ ব্যতিক্ৰম হোৱা নাই ৷
অসমীয়া শাসকৰ প্ৰতাৰণাৰ আৰু বৈষম্যৰ বলি হোৱা ভৈয়াম জনজাতি সকলৰ ভিতৰত প্ৰথমে বড়োসকলেই নিজৰ অধিকাৰক লৈ আত্মসচেতন হৈ পৰিল ৷ ইতিমধ্যে পাহাৰীয়া জনজাতিসকলৰ বহুতে অসমীয়া ৰাজনৈতিক নেতাৰ পৰা পোৱা এলাগী আৰু অৱহেলাৰ লগতে অসমীয়া উগ্ৰ ভাষাৰ জাতিয়তাবাদত অপমানিত হৈ পৃথক পৃথকৈ ৰাজ্যৰ দাবীৰে ৬০ দশকৰ আশে পাশে সুকীয়া ৰাজ্য লাভ কৰে ৷ অসমত বড়োসকলে অসমীয়া শাসক সকলৰ পৰা অকল উপৰত উল্লেখ কৰা সত্য কথাবোৰ কেৱল নৃত্বাত্তিক দিশ নাছিল ৷ বৰঞ্চ এনে আচৰণে বড়োসকলক বাৰে বাৰে ভাৱিবলৈ বাধ্য কৰিছিল যে সঁচাকৈয়ে আমি অসমত অসমীয়া হ'য় নে? নে বড়োসকলক কেৱল অসমীয়াই নিজৰ সংখ্যাগুৰু অক্ষুন্ন বৰ্তাই ৰাখিবলৈ নামমাত্ৰ অসমীয়া বুলি দাবী কৰে? প্ৰকৃততে সামগ্ৰীক ভাৱে বড়োসকলক অসমীয়াকৰণ কৰা হৈছেনে ইত্যাদি অনেক গম্ভীৰ প্ৰশ্নই বড়োসকলক দুবিধা পেলাইছিল ৷ এই দুবিধাই যেতিয়া বড়োসকলৰ নৱপ্ৰজন্মক চুইছিলগৈ তেতিয়াই অসমীয়াই শেষ অস্ত্ৰপাত ২০১২ চনৰ মুছলমান আৰু বড়োসকলৰ মাজত সংঘটিত গোষ্ঠীগত সংঘাতৰ সময়ত অতি কঠোৰ আৰু সম্পূৰ্ণ একপক্ষীয়কৈ বড়োসকলক দুষাৰূপ কৰি বড়োসকলে অসমীয়া নোহোৱাৰ নিশ্চিত তথ্য মুকলিকৈ প্ৰকাশ কৰি তুলিলে ৷ অতি নিলৰ্জকৈ নিজৰ কাষতে থকা বড়োসকলক বিভিন্ন মাধ্যমৰে অপৰাধীৰ চুড়ান্ত তালিকাৰ শীৰ্ষত বহুৱালে স্বয়ং অসমীয়াই ৷ বিটিএডিৰ বিভিন্ন নিৰ্বাচনত অসমীয়াই বড়োসকলৰ অধিকাৰক খৰ্ব কৰি নানান বড়োবিৰুধী অপপ্ৰচাৰত লিপ্ত হোৱা দেখা গ'ল ৷ স্বয়ং অসমীয়াই বড়োসকলক হত্যাকাৰী সজাই প্ৰতিজন বড়োসন্তানক মানসিক অত্যাচাৰত নামি পৰিল ৷ অতি নিকপকীয়াকৈ গঠন কৰিলে অবড়ো নামৰ বড়ো বিৰুধী সংস্থাসমূহ ৷ এতিয়া সেই বড়োবিৰুধী সংস্থাসমূহ "বৃহত্তৰ অসমীয়া" সমাজখনৰ বাবে ক্ষতিকাৰক নহ'য়; বৰঞ্চ বড়োসকলেহে বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে ভাবুকীস্বৰূপ হৈ পৰিল ৷ কাৰণ অসমত জনজাতীয় মানুহে নিজৰ অধিকাৰ অসমীয়াৰ হাতৰ বিপৰীতে নিজে সুৰক্ষিত কৰিবলৈ আগবাঢ়ি আহিলেই অসমীয়াৰ অস্তিত্ব হেৰায় ৷ অথচ তেওঁলোকৰ হাতত ন্যস্ত হৈ থকা অসমৰ শাসন, প্ৰশাসনে বড়োসকলক নিজৰ বুলিবলৈ একোৱেই দিয়া নাই আন্দোলনৰ অবিহনে ৷ উপযাচি দিয়াৰ কথাই নকওঁ ৷
অসমৰ পাহাৰত বসবাস কৰা জনজাতিয়েই হওঁক নতুবা ভৈয়াম অঞ্চলত বসবাস কৰা জনজাতিয়েই হওঁক সকলোতে জনজাতিৰ অৱস্থা পূৰ্বৰ দৰেই বৰ্তমানো অনগ্ৰহৰতাত ডুব খাই আছে ৷ আজি এখিনি সচতুৰে সজোৰৰে ক'ব পাৰে যে অসমৰ প্ৰতিটো ভুমিপুত্ৰ জনজাতিক সুকীয়া সুকীয়াকৈ একো একোখন শ্বয়াত্ব শাসন দিয়া হৈছে ৷ অনেক টকা পইচা দিয়া হৈছে ৷ তেনে অঞ্চলত জনজাতীয় মানুহৰ শাসনৰ অধীন ৷ ওপৰোৱাকৈ চালে এই কথাখিনি কোৱাটো তেনেই সহজ ৷ জনজাতীয় মানুহৰ হাতত নিজৰ শাসন যেতিয়া উন্নয়ন কিয় নহ'ব ইত্যাদি অনেক প্ৰশ্নৰ অৱতাৰণা হ'য়; হোৱাটো নিতান্তই স্বাভাৱিক ৷ কিন্তু জনজাতিক দিয়া পৃথক শাসনৰ সুবিধাখিনি চাৰি ভাগৰ তিনি অংশই মুল অসমীয়া শাসকৰ হাততেই ন্যস্ত থাকে ৷ সুতা কম্বল বিলোৱাৰ বাহিৰে শ্বয়াত্ব শাসনক আৰু অধিক একো ক্ষমতা স্থগত কৰা হোৱা নাই ৷ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত পৰিষদীয় ব্যৱস্থাই নিজাববীয়াকৈ সিধান্ত লোৱা ক্ষমতা পোৱা নাই ৷ টকা পইচা ক'ত কিমান খৰচ কৰিব এই সকলোবোৰ সিধান্ত স্বয়াত্ব পৰিষদসমূহে নিজাববীয়াকৈ ল'ব নোৱাৰে ৷ প্ৰশাসনীয় গোটেই ব্যৱস্থাটো অসম চৰকাৰৰ হাতত ন্যস্ত হৈ থাকে ৷ পৰিষদৰ কোনো ক্ষমতাই বিধায়ীনি ক্ষমতাৰ ভিতৰত নপৰে ৷ সেয়ে পৰিষদে নিজাকৈ কোনো নীতি নিয়ম নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ যদি নীতি নিৰ্ধাৰণ কৰি তাক আইন সংগত কৰিবলৈ হ'লে ৰাজ্যৰ বিধায়নী পৰিষদলৈ প্ৰেৰণ কৰিব লাগে ৷ পৰিষদে প্ৰেৰণ কৰা নীতি-নিয়মসমূহ বিধিগত কৰা নকৰাটো সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ বিধায়নী ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে ৷ গতিকে সহজে কথাবোৰ বুজিব পৰা হ'য় যে জনজাতিসমূহে পৰিষদসমূহ দ্বাৰা নিজক শসনৰ সুবিধা পাইছে যদিও এয়ালৈকে মুল চাবি কাঠি শাসক অসমীয়াৰ হাততেই আছে ৷
ভুমিপুত্ৰক শ্বয়াত্ব শাসন দিয়াৰ নামত; জনজাতিৰ উন্নয়ন আৰু বিকাশৰ নামত উপৰ্যোপৰি অসমীয়া শাসকেই জনজাতিৰ উন্নয়নৰ বৃহৎ ধন আত্মসাৎ কৰা কাৰ্য্যবোৰ চলাই আহিছে ৷ জনজাতিৰ উন্নয়নৰ নামত কেৱল জনজাতীয় নেতাই ধন আত্মসাৎ কৰা হ'লে কথাবোৰ সুকীয়া আছিল ৷ পৰিষদীয় অঞ্চলৰ নিয়ম শৃংখলা জড়িত সকলো বিষয় ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰে ৷ বিভিন্ন শিক্ষানুষ্ঠানবোৰ, প্ৰতিষ্ঠানবোৰ শ্বয়াত্ব পৰিষদীয় ক্ষমতাৰ বাহিৰত ৷ প্ৰতিজন ভুমিপুত্ৰই নিজৰ মাতৃভাষাত কথা ক'বলৈ বিচাৰে, পঢ়িবলৈ বিচাৰে ৷ কিন্তু কোন অসমীয়াই জনজাতিক নিজৰ ভাষাত পঢ়িবলৈ সুবিধা, উৎসাহ দিলে? বৰঞ্চ জনজাতিৰ ওপৰত বলপূৰ্বক অসমীয়া ভাষা জাপি দিয়া হ'ল ৷ পূৰ্ণভাৱে এলাগি কৰা হ'ল থলগিৰি ভাষাক ৷ কাঢ়ি লোৱা হ'ল জনজাতীয় ভাষাক ৷ এতিয়াও জনজাতীয় ভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহ চৰকাৰীকৰণ বাহিৰত ৷ কোনজন অসমীয়াই, কোনটো অসমীয়া জাতীয়তাবাদী দল সংগঠনে জনজাতীয় ভাষাৰ মাধ্যমৰ হকে ৰাজপথ কঁপালে? জনজাতীয় অঞ্চল বিশেষে থকা জনজাতীয় ভাষাৰ মাধ্যমৰ স্কুল-কলেজসমূহ জীৱিত স্বাৰ্থতে চৰকাৰী আওটাত আহিবলৈ কোনটো অসমীয়া দল-সংগঠনে চৰকাৰক বাধ্য কৰালে? নিশ্চয় কোনো আগবাঢ়ি নাহিল ৷ এয়া তেওঁলোকৰ জনজাতিৰ ওপৰত থকা প্ৰভুত্ব নহ'য় জানো? যি প্ৰবুত্ববাদে প্ৰতিনিয়ত জনজাতিক তেওঁলোকৰ ভাতৃৰ শাৰীত উপবিষ্ট কৰি সেও মানিবলৈ বাধ্য কৰাই আহিছে ৷
শেষতীয়াকৈ ডিমাৰাজীত সংঘটিত ঘটনাবিলাক কিয় হ'বলৈ পালে? তেওঁলোক সঁচাই অসমীয়া আছিল নে যে ঘটনা সংঘটিত হোৱাৰ পাছত অসমীয়াই ডিমাচা সকলক দেখা পালে ? ডিমাৰাজীৰ ঘটনাৰ পূৰ্বে কিন্তু অসমীয়াই "নাগালিমত অসমৰ মাটি অন্তভুক্তি" বিষয়টো কেৱল গোলাঘাতলৈকে সীমাবদ্ধ বুলি এটা ঠাৱৰ কৰি আছিল ৷ তাৰ আগত ডিমাচা সকলৰ ডিমা হাচাওখন নাগালিমত আন্তভুক্তিৰ বিষয়ত থকা তাৰ মানুহখিনিৰ শংকাখিনিক গুৰুত্বই দিয়া নাছিল ৷ যেতিয়া ডিমাচাসকলে "আমি অসমীয়া, আমাক বচাওক" বুলি আহ্বান জনালে তেতিয়া অসমীয়া জাগ্ৰত হ'ল ৷ ইয়াৰ আগলৈকে ডিমাচাসকল পাণ্ডৱ বৰ্জিত আছিল; থাকিবই ৷ থকাৰ কাৰণ অসমীয়াৰ দৃষ্টিত বহু কাৰণ নিহিত হৈ আছে ৷ কৰণ ডিমাৰাজীৰ ঘটনা বৰ্ণবাদী অসমীয়াৰ এক সুপৰিকল্পিত ঘটনা ৷ যিটো ঘটনা অসমত বিজেপিৰ শাসনৰে বাস্তৱৰূপায়াণ কৰিব পৰা হ'ল ৷ কিন্তু এই ঘটনাত ডিমাচাসকলে যেতিয়া "আমি অসমীয়া" ঘোষণা কৰিলে তেতিয়া বৰ্ণবাদী অসমীয়া মানুহখিনিৰ মাজত আউল লাগিল ৷ যিটো পৰিকল্পনাৰে তেওঁলোকে ৰাজনীতিক ব্যৱহাৰ কৰিছিল সি ইমান সুক্ষ্মকৈ পৰিষ্ফুত হৈ নুঠিল ৷ কাৰণ অৰ্ধেক সংখ্যক খৃষ্টান ধৰ্মৰ হৈও ডিমাচাই নিজক অসমীয়া ঘোষণা কৰিল ৷ (আগলৈ)
Comments
Post a Comment