ভোটাধিকাৰৰ ক্ষেত্ৰত সজাগ হওঁক জনজাতিঃ
ভোটাধিকাৰ --- গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে পোৱা এটা সাংবিধানিক অধিকাৰ । নাগৰিকৰ ভোটাধিকাৰ সাব্যস্তকৰণৰ ওপৰতে বহুখিনি নিৰ্ভৰশীল একোটা অঞ্চল , একোখন দেশৰ ভৱিষ্যৎ ।
আমাৰ দেশত বিশেষভাৱে অসমৰ ক্ষেত্ৰত যদি চাওঁ দেখা যায় যে অসমৰ অধিকাংশ লোক ভোটাধিকাৰ বিষয়টোক লৈ সচেতন নহয়। যদিওবা ভোটাধিকাৰ সাব্যস্তকৰণ এটা অতি স্পৰ্শকাতৰ বিষয় ; অসমৰ অধিকাংশ লোক (শিক্ষিত - অশিক্ষিত উভয়েই) ৰ দৃষ্টিত এই বিষয়টো গুৰুত্বহীন।
ভোটাধিকাৰ সাব্যস্তকৰণৰ ক্ষেত্ৰত আকৌ বিশেষভাৱে পিছপৰা অসমৰ জনজাতীয় মানুহখিনি । অসমৰ অধিকাংশ জনজাতীয় মানুহ অৰ্থনৈতিকভাৱে , আনুস্থানিক শিক্ষাগতভাৱে অনগ্ৰসৰ। তেনে পৰিপ্ৰেক্ষিতত ভোটপ্ৰদান সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ , বিশ্লেষণ কৰিবলৈ তেওঁলোকৰ সময় , সদিচ্ছা দুয়োটাৰে অভাৱ হয়। দুবেলা দুমুঠি খোৱাৰ যোগাৰ কৰি জীয়াই থকাৰ সংগ্ৰাম খনতে তেওঁলোক নিমগ্ন ।
এই অশিক্ষিত , অৰ্ধশিক্ষিত মানুহখিনি ৰাজনৈতিক নিৰ্বাচনক লৈ বিশেষ গভীৰভাৱে চিন্তা কৰিব পৰা অৱস্থাত নাথাকে। বৌদ্ধিকতা ,ৰাজনৈতিক আদৰ্শ ,সমসাময়িক ৰাজনৈতিক বাতাবৰণ আদি বিষয়ত বিশেষ জ্ঞান নথকা হেতুকে তেওঁলোকৰ ভোট সমূহ সিফালেই যায় যিফালে তেওঁলোকৰ সৰু অথচ নিতান্তই অত্যাৱশ্যকীয় প্ৰয়োজন সমূহ পূৰণৰ আশ্বাস পায়। যাৰ ফলত সূতা , কম্বল জাতীয় সামগ্ৰীৰ আশ্বাস দিয়েই ৰাজনৈতিক দলসমূহে এই সৰল মানুহখিনিৰ ভোট সমূহ সৰকাই লৈ যায়।
শৈক্ষিক,অৰ্থনৈতিকভাৱে ,সামগ্ৰীক ৰূপত জনজাতীয় অঞ্চলসমূহ আৰু ইয়াৰ বাসিন্দাসকলৰ উন্নতি সাধিবলৈ হ'লে ৰাজনৈতিক সজাগতা তথা পৰিপক্কতা (Political Maturity) ৰ নিতান্তই প্ৰয়োজন। আৰু এই পৰিপক্কতা পাবলৈ , আনিবলৈ হ'লে জনজাতীয় মানুহখিনিৰ মাজত গুণগত শিক্ষা,বৌদ্ধিক পৰিৱেশ এটাৰ সৃষ্টি কৰাটো নিতান্তই প্ৰয়োজন ।
ৰাজনৈতিক দল একোটাক শাসক দললৈ পৰিৱৰ্তিত কৰাত প্ৰভূত অৰিহণা যোগায় নিৰ্বাচনী সভাসমূহে । জনপ্ৰতিনিধি নিৰ্বাচনত ৰাইজৰ সফলতা - বিফলতাওঁ যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে নিৰ্বাচনী প্ৰচাৰ সভাৰ ওপৰত। আৰু সেইবাবেই আমি ভাবোঁ প্ৰতিগৰাকী জনসাধাৰণেই নিৰ্বাচনী সভাসমূহ ভালদৰে পৰ্যবেক্ষণ কৰা উচিত। লগতে নিৰ্বাচনী সভাসমূহত জনপ্ৰতিধিগৰাকীক বক্তা হ'বলৈ দি জনসাধাৰণে শ্ৰোতাৰ ভূমিকা পালন কৰাৰ পৰিৱৰ্তে প্ৰশ্নোত্তৰৰ পৰিৱেশ এটা সৃষ্টি কৰিব লাগে য'ত জনসাধাৰণে প্ৰতিনিধি গৰাকীক বিভিন্ন বিষয় সম্পৰ্কত তেওঁৰ মতামত ,তেওঁ ৰাজনৈতিক আদৰ্শ ,সামাজিক - মানসিক দৃষ্টিভংগী , পৰৱৰ্তী কাৰ্যপৰিকল্পনা আদি সম্পৰ্কত তেওঁৰ মতামত ল'ব পাৰে । ই জনপ্ৰতিনিধি আৰু জনসাধাৰণৰ মাজত এটা বৌদ্ধিক পৰিৱেশ( Intellectual Relation) ৰ সৃষ্টি কৰে ( অন্যান্য প্ৰায়বোৰ ৰাষ্ট্ৰৰ ৰাজনৈতিক নিৰ্বাচনী সভাত যিটো দেখা যায়) ।
জনসাধাৰণ / ভোটাৰ সকলে প্ৰতিখন ৰাজনৈতিক নিৰ্বাচনী সভা, প্ৰতিগৰাকী জনপ্ৰতিনিধিৰ বক্তব্য, আচৰণ , দৃষ্টিভংগী সূক্ষ্মভাৱে পৰ্যৱেক্ষণ আৰু বিশ্লেষণ কৰিলে ই একোগৰাকী যোগ্য জনপ্ৰতিনিধি নিৰ্বাচন কৰাত জনসাধাৰণে অনন্য ভূমিকা গ্ৰহণ কৰিব পাৰে।
জনজাতীয় অঞ্চলসমূহৰ উত্তৰণ সাধিবলৈ হ'লে ৰাজনৈতিক ক্ষেত্ৰত উত্তৰণৰ প্ৰয়োজন । আৰু আমাৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থাত যিহেতু জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ দায়িত্ব জনগণৰ হাতত সেইগতিকে ৰাজনৈতিক - বৌদ্ধিক সচেতনতাৰ পৰিৱেশ এটাৰ জনজাতীয় সমাজখনত খুবেই প্ৰয়োজন আৰু এই সচেতনতা গঢ়াৰ দায়িত্ব ক্ৰমান্বয়ে শিক্ষিত হৈ অহা যুৱচামৰ হাতত অৰ্পিত হ'ব লাগে; যি আগলৈ ৰাজনৈতিক , সামাজিকভাৱে প্ৰতিনিধিত্ব কৰিব একোটা জনজাতীয় অঞ্চল , একোটা জনজাতিক ৷
Comments
Post a Comment