জনজাতিৰ উত্তৰণৰ অবিহনে অসমৰ বিকাশ স্ববিৰঃ

  অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ সৰ্বাংগীণ দিশত উন্নয়নৰ বাবে চৰকাৰে অধিক গুৰুত্ব দিয়া উচিত | প্ৰতিটো জনজাতিয়ে নিজস্ব ভাষা,কৃষ্টি-সংকৃষ্টি, পৰম্পৰা, ৰীতি-নীতিৰে এক সুকীয়া বৈশিষ্ট্য ৰ ক্ষা কৰি অসমখনক অধিক বৈচিত্ৰময় কৰি তুলিছে | জনজাতিসকলৰ কৃষ্টি-সংস্কৃতিয়ে অসমৰ সাংস্কৃতিক জগতখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে | কিন্তু, পৰিতাপৰ বিষয় যে সংকীৰ্ণ  অসমীয়া জাতীয়তাবাদৰ প্ৰভুত্বত এটা সময়ত জনজাতীয় ভাষা , কৃষ্টি, সংস্কৃতিসমূহ এলাগী হৈ প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছিল | সেই সময়তে দুটামান জনজাতীয় গোষ্ঠীৰ দুই এগৰাকী অগ্ৰণুৱা ব্যক্তিয়ে স্বগোষ্ঠীৰ লোকসকলক সংগঠিত কৰি নিজৰ জাতি সত্তাক ৰক্ষণাবেক্ষন দিয়াৰ লগতে তুলি ধৰিবলৈ আপ্ৰাণ প্ৰয়াস কৰিছিল আৰু চৰকাৰৰ ওচৰত নিজৰ সাংবিধানিক অধিকাৰৰ বাবে  আন্দোলনৰ সূঁচনা কৰিবলগীয়া হৈছিল | তাৰ ফলস্বৰূপে আজি দুই এটা জনজাতিয়ে হেৰাই যাবলৈ উপক্ৰম হোৱা নিজৰ ভাষা, সংস্কৃতি কিছুপৰিমাণে ৰক্ষা কৰিবলৈ সমৰ্থ্য হৈছে যদিও চৰকাৰৰ আওকণীয়া মনোভাৱৰ বাবে আন কেইবাটাও জনগোষ্ঠী এতিয়া সংকটৰ গৰাহত | নিজৰ ভূমিতে নিজৰ ভাষা , সংস্কৃতি হেৰুৱাব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক | চৰকাৰে জনজাতীয় লোকসকলক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰি অহাৰ বাবে এচাম জনজাতীয় লোকে সশস্ত্ৰ আন্দোলনৰ পথো বাচি ল'ব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল | এতিয়াও সময় থাকোঁতে চৰকাৰে জনজাতীয় লোকসকলৰ বাৰেৰহণীয়া ভাষা, কৃষ্টি , সংস্কৃতিসমূহ পুনৰুজ্জীৱিত কৰি তেওঁলোকৰ অধিকাৰক স্বীকৃতি দিয়াৰ লগতে বৈচিত্ৰময় অসমখন ধ্বংস হোৱাৰ পৰা মুক্ত কৰক | নহ'লে ই কেবল ইতিহাস হৈ ৰ'ব |
   অসমৰ বৃহতসংখ্যক ভূমিপুত্ৰ জনজাতীয়সকলৰ আৰ্থিক উন্নয়ন অবিহনে অসমৰ প্ৰগতিৰ কথা চিন্তা কৰাটো অমূলক |জনজাতীয় লোকসকলে পৰম্পৰাগতভাৱে কৰি অহা কৃষি কৰ্মৰ লগত  যদি চৰকাৰে বৈজ্ঞানিক পদ্ধতিৰ সংযোজন ঘটাব পাৰে তেনেহ'লে এওঁলোকৰ নিজৰ আৰ্থিক অৱস্থাৰ উন্নতি হোৱাৰ লগতে সামগ্ৰিকভাৱে গোটেই অসমখনে কৃষি উতপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰিব | অসমৰ প্ৰত্যেকঘৰ ভৈয়াম আৰু পাহাৰীয়া জনজাতীয় লোকে নিজস্বভাৱে পৰম্পৰাগত কৃষি পদ্ধতিৰদ্বাৰা শস্য উতপাদন কৰাৰ লগতে হাঁহ,পাৰ, কুকুৰা, গাহৰি, ছাগলী আদি পালন কৰি আহিছে | গতিকে চৰকাৰে ইয়াক এটা উদ্যোগ হিচাপে বাচি লৈ জনজাতীয় গাঁৱসমূহত গৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে মূলধনৰ যোগান ধৰি কৃষকসকলক অধিক উতপাদনমুখী কৰি তুলিব পাৰে | ইয়াৰ ফলত অসমৰ অৰ্থনৈতিক বিকাশ অধিক ত্বৰান্বিত হ'ব |
   ব্ৰিটিছসকলে তেওঁলোকে ৰাজত্ব কৰা দিনতে অসমৰ  ভূমিপুত্ৰ জনজাতিসকলৰ বাবে সংৰক্ষণ কৰি থৈ যোৱা ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভূমি যথেষ্টসংখ্যক ইতিমধ্যে বেদখলৰ কবলত | গতিকে , সেইসমূহ ভূমি  অতি সোনকালে বেদখলমুক্ত কৰি দৰিদ্ৰ ভূমিহীন জনজাতীয় লোকসকলৰ হাতত অৰ্পন কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য |

  ভালেকেইটা জনজাতিয়ে সংবিধানৰ গণ্ডীৰ ভিতৰত ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ মাধ্যমেৰে যি স্বায়ত্বশাসনৰ দাবী কৰি আহিছে তাক চৰকাৰে পূৰ্ণাংগ ৰূপত দি তেওঁলোকৰ নিজা আশা আকাংক্ষাক বাস্তৱায়িত হোৱাত সহায় কৰক | নিজৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰাৰ লগতে স্বাধীনতাৰ আগৰে পৰা অনগ্ৰসৰ  হৈ থকা শিক্ষা-দীক্ষা, স্বাস্থ্য, কৃষিখণ্ড আদিত যাতে জনজাতিসকলে সংবিধানৰ দ্বাৰা প্ৰাপ্য অধিকাৰ অনুসৰি অধিক ক্ষীপ্ৰতাৰে নিজৰ বিকাশ সাধন কৰি ল'ব পাৰে তাৰ ক্ষমতা প্ৰদান কৰা উচিত  |  খেল-ধেমালিৰ ক্ষেত্ৰত আগ্ৰহী তথা প্ৰতিভাৰে পৰিপূৰ্ণ জনজাতীয়লোকসকলে যদি এই দিশতো গুৰুত্ব লাভ কৰে তেন্তে অতি কম সময়তে তেওঁলোকে অসম তথা ভাৰতবৰ্ষৰ নাম বিশ্বৰ বুকুত উজলাই তুলিবলৈ সক্ষম হ'ব ৷

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ