"অসমীয়া জাতিৰ সমূহীয়া মুক্তি সংগ্ৰামক অসমৰ বিশেষ জনগোষ্ঠীসমূহৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামবোৰে ক্ষতি কৰিব নেকি?"

ভুবন বড়ো, শিৱসাগৰ
প্ৰথম, অসমীয়া এটা প্ৰতিষ্ঠানহে, জাতি নহ'য় ৷
   প্ৰথম কথাটো হ'ল অসমীয়া জাতি হিচাপে অসমত আজিও এক নিদিষ্ট একক জাতি সত্তা নাই ৷ যদি সত্তা হিচাপে আছে তেন্তে ই এক প্ৰতিষ্ঠানিক জাতি হিচাপেহে জীয়াই আছে ৷ এনে প্ৰতিষ্ঠানিক অসমীয়াই জাতি জাতি কৈ আজি অসমৰ অস্তিত্বই বিপদাপন্ন কৰি তুলিছে ৷ অসমত থকা সৰল-সহজ ভুমিপুত্ৰ জনজাতিসকলে আজি নিজৰ ক্ষুদ্ৰত্ব জন-জাতি হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ যাওতে সৰ্বপ্ৰথম এই প্ৰতিষ্ঠানিক অসমীয়াৰ পৰাই এক বৃহৎ বাধা আৰু ভাবুকিৰ সন্মুখীন হৈছে ৷ ভুমিপুত্ৰ জনজাতিয়ে আজি এই প্ৰতিষ্ঠানিক অসমীয়াৰ পৰা নিজ ভুমিতে উচ্ছেদিত হৈ আহিব লগা ভয়ংকৰ পৰিস্হিতিৰ সন্মুখিন হৈ আহিছে ৷ ভুমিপুত্ৰ ভিতৰত বিশেষকৈ বড়ো, মিছিং, ৰাভা, কাৰ্বি আৰু ডিমাচা সকল বেছিকৈ প্ৰতিষ্ঠানিক অসমীয়াৰ হাতত নিধন হ'ব লগা হৈছে ৷ সেয়ে অসমত প্ৰতিষ্ঠানিক অসমীয়াৰ শাসন-শোষণ হাতোৰাৰ পৰা মুক্ত হ'বলৈ অসমৰ ভৈয়াম ভুমিপুত্ৰ জনজাতিয়ে নিজৰ নিজৰ বিপন্ন সংকটৰ মুকাবিলা কৰিবলৈ হাতত মৰণাস্ত্ৰ তুলি ল'ব লগা হৈছে ৷ এক স্বাধীচেতীয়া তথা পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্হাৰে লালিত-পালিত ভুমিপুত্ৰ জনজাতিয়ে নিজৰ ভাষা-সংস্কৃতি, নিজৰ স্বভিমান, আত্ম-পৰিচয় আৰু আত্মৰক্ষাৰ প্ৰশ্ন উত্তৰ বিচাৰি নিজৰ ভুমিতে হাবাথুৰি খাব ল'গা হৈছে এতিয়া ৷
    অসমৰ ইতিহাসত প্ৰতিষ্ঠানিক অসমীয়াৰ বুৰঞ্জী থাকিলেও জনজাতিৰ দৰে স্বভাৱজাত সৰলতা ইতিসাহ নাই ৷ সেই বাবেই প্ৰতিষ্ঠানিক অসমীয়াই নিজৰ প্ৰভুত্ব তথা স্বাৰ্থসিদ্ধি আৰু অস্তিত্বৰ ধাৰাবাহিকতা অখুন্ন ৰাখিবলৈ প্ৰথম থলুৱা তথা আদিম ভুমিপুত্ৰ জনজাতিক উচ্ছেদৰ প্ৰথম টাৰ্গেট কৰি লৈছে ৷ এই ক্ষেত্ৰত প্ৰতিষ্ঠানিক অসমীয়াই সফলতাৰ বাবে ধাৰাবাহিকতা অখুন্ন ৰাখিছে যদিও ভুমিপুত্ৰ জনজাতিৰ মাজত আত্মচেতনা আৰু আত্মপ্ৰতিষ্ঠাৰ নৱ উত্থানে তেওঁলোকৰ বাবে বৃহৎ অন্তৰায় হৈ দেখা দিছে ৷ তথাপিওঁ তেওঁলোকৰ চৰিত্ৰিক চিন্তাধাৰাই আজিও জনজাতিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশত আঘাত হানিবলৈ আক্ৰমাত্মক দৃষ্টিভংগীৰে সবল হোৱাৰ লগতে তেনে অংশত বলপূৰ্বক জনজাতিৰ অধিকাৰত হস্তক্ষেপ কৰিছে ৷ ইয়াৰ জলন্ত উদাহৰণ জনজাতিৰ ভুমি অধিকাৰক প্ৰতিষ্ঠানিক অসমীয়াই খৰ্ব কৰা বিষয়টো ৷ জনজাতিক বিপদাপন্ন কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবী উত্থাপন কৰা বিষয় সমূহ ৷ যদিও তেওঁলোকৰ ওচৰত জনজাতি মৰ্যদা ল'বলৈ বিশেষ অৰ্হতা নাই ৷
    বহুতে প্ৰতিষ্ঠানিক অসমীয়াৰ সাৰ্বভৌমিক(universal) আৰু নৃত্বাত্তিক তত্ব আগবঢ়াইছে যদিও সেই তত্ব কেৱল প্ৰতিষ্ঠানিক অসমীয়াৰ স্বাৰ্থ ৰক্ষ আৰু সুৰক্ষাৰ তত্বহে ৷ যাৰ ফলত অসমৰ আদিম ভুমিত তেওঁলোকে নিজকে "খিলঞ্জীয়া" বুলি অভিহিত কৰি ভুমিপুত্ৰ জনজাতিৰ ওপৰত এক দীৰ্ঘদিনীয়া পৰিকল্পিত শাসন-শোষণৰ পথ সুগম আৰু সুচল কৰিবলৈ জোৰদাৰ প্ৰচেষ্ট আজিও অৱ্যাহত ৰাখিছে ৷ শাসন-শোষণৰ পথ সুচল-সুগম কৰাৰ স্বাৰ্থতেই আজি ভুমিপুত্ৰ জনজাতিৰ আশা-আকাঙ্খাক তেওঁলোকে প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰি অসমৰ একচেতিয়া ভুমি স্বাধিনতা বিষয়টোত সংগ্ৰাম কৰি আহিছে ৷ তেওঁলোকৰ একমাত্ৰ নিজা সুৰক্ষাৰ বাবেই আজি ভুমিপুত্ৰৰ ভুমি নিৰ্বিবিচাৰে দখলৰ পাছত দখল অৱ্যাহত ৰাখাৰ সমান্তৰালকৈ থলুৱা ভুমিপুত্ৰ জনজাতিৰ ভুমি বহিৰাগত লোকক অনায়সে মুকলি কৰি দিছে ৷

  দ্বিতীয়, অসমীয়া জাতিৰ সমূহীয়া মুক্তি সংগ্ৰাম কি? '
   ঐতিসাহিক ভাৱে চালে দেখা যায় যে প্ৰাক ৰামায়ণৰ যুগতেই এই ভুমি অনাৰ্য জাতি-জনজাতি অৰ্থাৎ ভুমিপুত্ৰ অধিবাসীসকলৰ আছিল ৷ তাৰ পাছত আৰ্যৰ প্ৰৱেশে অনাৰ্যৰ সৰলতা তথা সাৰ্বভৌমক অস্বীকাৰ কৰি অনাৰ্যৰ ওপৰত বৰ্বৰতাৰ চৰিত্ৰ জাপি দি অনাৰ্যক আক্ৰমণেৰে পৰাভুত কৰিলে ৷ ইয়াৰ পাছতেই এই ভুমিলৈ বিভিন্ন বহিৰাগত(যি ভগৌলিক ভাৱে ভুমিপুত্ৰ অধিবাসী জনজাতিৰ ৰাজ্যৰ সীমাৰ ভিতৰৰ নহ'য়)ৰজাৰ আগমন ঘটিল ৷ সেই যুগৰ থাকিযোৱা আৰ্যশক্তিৰে মিলি বহিৰাগত ৰজাই নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে পুনঃ অনাৰ্য ভুমিপুত্ৰ অধিবাসীসকলৰ ওপৰত নানা অত্যাচাৰেৰে চেদেলি-ভেদেলি কৰি খেদি পঠিয়ালে ৷ নিজৰ স্বাৰ্থৰ বাবেই সেই সময়ৰ বহিৰাগত ৰজাসকলে নিজৰ ৰাজ কাৰ্যকালৰ সময়ত ৰাজ্যৰ বিৰৰণ লিপিবদ্ধ কৰি যাওতে অনাৰ্য ভুমিপুত্ৰ অধিবাসীসকলৰ নিজা আত্মৰক্ষা ব্যৱস্হাক তথা পৰাক্ৰমক বৰ্বৰ চৰিত্ৰৰে অভিহিত কৰি ৰাখিলে যাতে ভুমিপুত্ৰ অধিবাসীৰ চৰিত্ৰ ওপৰত যুগ যুগান্তলৈ এক বৰ্বৰতা চৰিত্ৰৰ বদনাম থাকি যায় ৷
   উপৰোক্ত এনে ঘটনাক বৰ্তমানৰ প্ৰতিষ্ঠানিক অসমীয়াই সাৰ্বভৌমিক বুলি অভিহিত কৰাটো নিতান্তই স্বাভাৱিক ৷ কাৰণ নিজৰ এটা পৰিচয় অখুন্ন ৰাখিবলৈ এনে ঘটনাক সাৰ্বভৌমিক হিচাপে মানি ল'বই লাগিব অৰ্থাৎ এখন ৰাজ্যৰ ৰজাই জীয়াই থকাৰ তাগিদাতে আন এখন ৰাজ্যক আক্ৰমণ কৰিবই লাগিব বুলি লোৱা ধাৰণাটো ৷ নহ'লে আনৰ ভুমি দখল কৰি এটা সু-সংহত জাতিৰ পৰিচয় দিয়া কামটো প্ৰতিষ্ঠানিক অসমীয়াৰ মুঠেও সুবিধাজনক আৰু সহজ নহ'য় ৷ এটা জাতিয় পৰিচয় ল'বলৈ হ'লে এনে সাৰ্বভৌমিক চৰিত্ৰ বাহাল ৰাখিবই লাগিব ৷ কিন্তু পৃথিৱীৰ কোনো ইতিহাসতেই কোনো ভুমিপুত্ৰ অধিবাসীয়ে সাৰ্বভৌমিক চৰিত্ৰ লোৱা কথা নজৰ নাই ৷ বিপৰীতে ভুমিপুত্ৰ জনজাতিৰ ওপৰতে আন জাতিয়ে আক্ৰমণ কৰি ভুমিপুত্ৰ জনজাতিৰ ওপৰত প্ৰভুত্ব তথা শাসন-শোষণ কৰা বহু ইতিহাস আজিও বিদ্যামান ৷
   প্ৰতিষ্ঠানিক অসমীয়াই তাহানিতে নিজৰ স্বাৰ্থৰক্ষাৰ বাবে ইংৰাজৰ ওচৰত ইয়ান্দাবু সন্ধি কৰি গ'ল ৷ সেই সন্ধি অসম ভুমিলৈ প্ৰৱজিত ৰজাৰ উত্তৰসুৰীয়ে তেতিয়াৰ ইংৰাজৰ লগত নিজৰ আত্মৰক্ষাৰ বাবে সেই সন্ধিচুক্তি কৰিছিল য'ত কেৱল তেওঁলোকৰ স্বাৰ্থ আৰু আত্মৰক্ষাৰ দিশটো নিহিত হৈ আছিল ৷ সেই সন্ধিয়ে ঘুণাক্ষণেও নাজানিছিল যে অসম ভুমি এক একক ভুমিপুত্ৰ অধিবাসীৰ আছুতীয়া জমিন বুলি ৷ আৰু আজিও সেই সন্ধিক প্ৰতিষ্ঠানিক অসমীয়াই জাতীয় জীৱনৰ এক অভিন্ন চুক্তিপত্ৰ মানি আহিছে ৷ কাৰণ সেই সন্ধিচুক্তিয়ে প্ৰতিষ্ঠানিক অসমীয়াৰ এই ভুমিত থকা ভুমিপুত্ৰ অধিবাসী জনজাতিসকলৰ ওপৰত পুনঃ শাসন আৰু শোষণৰ কৰাৰ এক মাত্ৰ দলিল ৷ আপাতত এই সন্ধিত অসমৰ সকলোৰে স্বাৰ্থ উল্লেখ থাকিলেও প্ৰকৃততে ইয়ান্দাবু চুক্তিয়ে কেৱল ভুমিপুত্ৰ জনজাতিৰ অধিকাৰত চৰম কুঠাৰঘাত কৰিব ৷ কাৰণ যিহেতু প্ৰতিষ্ঠানিক অসমীয়াই "সাৰ্বভৌমিক" ধাৰণাক আজিও মানি চলি আহিছে ৷ যিটো গণতান্ত্ৰিক ব্যৱস্হাত বিলিন হৈ থকা ভুমিপুত্ৰ জনজাতিৰ চৰিত্ৰৰ পৰিপন্থী ৷
    সাৰ্বভৌমিক(universal) চৰিত্ৰৰ বাবেই আজিৰ প্ৰতিষ্ঠানিক অসমীয়াই ৰাজ্যখনত মুকলিকৈ অসমীয়া স্বভিমান তথা অসমীয়া মুক্তি সংগ্ৰামক মুকলিকৈ সমৰ্থন কৰি নিজৰ সাৰ্বভৌমিক চৰিত্ৰক পুনঃ প্ৰকাশ কৰি দেখুৱাইছে ৷ তেওঁলোকৰ মুক্তি সংগ্ৰামে পোনচাতেই এটা যুক্তি দি আহিছে যে ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্হা কেৱল শোষণকাৰী চৰিত্ৰ বাবে আন একো নহ'য় ৷ পিছে তেওঁলোকেও এইটো জনা উচিত যে যি ভুমিৰ বাবে তেওঁলোকে ভাৰত ৰাষ্ট্ৰৰ বাবে তিনি দশক প্ৰত্যক্ষ বা পৰোক্ষ সংগ্ৰাম অৱ্যাহত ৰাখিছে সেই ভুমি এসময়ত আৰু এতিয়াও ভুমিপুত্ৰ জনজাতিসকলৰ একছত্ৰ ভুমি ৷ কেৱল ভুমিপুত্ৰ জনজাতিৰহে এই ভুমিৰ মালিকী চত্বৰ গৰাকী ৷ গতিকে নিজৰ স্বাৰ্থৰ বাবে তেওঁলোকে ভুমিপুত্ৰ জনজাতিসকলৰ ভুমি অধিকাৰক দলিয়াই ভাৰত ৰাষ্ট্ৰৰে অসমৰ ভুমিৰ ওপৰত কোনো কালে সাৰ্বভৌম বিষয়ৰ আলোচনা কৰিব নোৱাৰিব ৷
   নাগালেণ্ড,মিজোৰাম,অৰুণাচল, মেঘালয় আদি ৰাজ্যৰ আদিম ভুমিপুত্ৰ জনজাতিসকলে এসময়ত কাৰ কাৰণে ৰাষ্ট্ৰৰ লগত সংঘাত কৰিছিল সেই কথা তেওঁলোকে জানিছিল ৷ সেয়ে তেওঁলোকে অসমৰ পৰা পৃথক ৰাজ্য স্হাপনৰে অসমীয়া সাৰ্বভৌমিক জাতিৰ পৰা নিজৰ আত্ম-পৰিচয়ৰ তথা ভুমিৰ স্বাৰ্থত ভুমি অধিকাৰ নিজৰ হাতত ৰাখিব পাৰিছে ৷ হ'য়টো প্ৰতিজন অৰুণাচলী, নাগা, মিজুয়ে ভুমিপুত্ৰ হিচাপে নিজৰ ভুমিৰ স্বনিয়ন্ত্ৰণত আজি সুখী ৷ সেয়ে তেওঁলোকে অখণ্ড ভাৰতৰ নাগৰিক হিচাপে নিজকে মনে-প্ৰাণে মানি লৈছে ৷ কিন্তু সেই জনজাতিৰ ওপৰত এদিন প্ৰভুত্ব খটোৱাই তথা বৰ অসমৰ সপোন দেখি স্বভিমানী প্ৰতিষ্ঠানী অসমীয়াই পাহাৰীয়া ভুমিপুত্ৰ জনজাতিক এফালৰ পৰা শাসন আৰু শোষণ কৰা বাট মুকলি কৰি লৈছিল ৷ ফলস্বৰূপে জনজাতিৰ আত্মৰক্ষাতৰ প্ৰশ্নত তেওঁলোকে জাত্যভিমানী অসমীয়াক একাষৰীয়া কৰি এদিন আঁতৰি গ'ল ৷ তদ্ৰুপ আজি অসমৰ ভৈয়াম ভুমিপুত্ৰ জনজাতিসকলে সেই একে সাৰ্বভৌমিক অসমীয়াৰ শোষণ-শাসনৰ পৰা পৰিত্ৰাণ বিচাৰি হাতত অস্ত্ৰৰ লৈ সংগ্ৰাম অৱ্যাহত লগতে একাংশ ভুমিপুত্ৰই আত্মচেতনাৰে উদ্ধুদ্ব হৈ গণতান্ত্ৰিক পন্থাৰে নিজৰ অধিকাৰ সাব্যস্তৰ বাবে ধাৰাবাহিক আন্দোলন কৰাত প্ৰতিষ্ঠানি অসমীয়াই শংকাত ভুগি প্ৰশ্ন উত্থাপন কৰিছে যে "অসমীয়া জাতিৰ সমূহীয়া মুক্তি সংগ্ৰামক অসমৰ বিশেষ জনগোষ্ঠীসমূহৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামবোৰে ক্ষতি কৰিব নেকি?" 
  গতিকে কথাবোৰ অতি স্পষ্ট যে অসমীয়াই সমূহীয়া অসমীয়া প্ৰতিষ্ঠানটোৰ কথাহে উল্লেখ তথা চিন্তা কৰিছে ৷ স্বনিয়ন্ত্ৰণ তথা ভুমি অধিকাৰ বিচৰা ভুমিপুত্ৰ জনজাতিসকলৰ কথা তথা চিন্তা তেওঁলোকে কৰা নাই ৷ এই ক্ষেত্ৰত অসমৰ ভুমিপুত্ৰজনজাতিয়ে সময় থাকোতেই চিন্তাবোৰ কৰিবৰ হ'ল ৷ নহলে নিজৰ ভুমিত নিজেই স্বকীয় অস্তিত্ব হেৰুৱাৰ বাহিৰে একো নৰবগৈ ৷

Comments

  1. তথ্যৰ বিকৃত উপস্থাপনে মানুহৰ মনত ভূল ধাৰণাৰ জন্ম দিব। ইয়াণ্ডাবু সন্ধি বৃটিছ আৰু আভা (বাৰ্মা) ৰজাৰ মাজতহে হৈছিল। তাৰ বাবদ বাৰ্মাই বৃটিছক বহু ঠাই এৰি দিছিল। বৃটিছেও বাৰ্মাক কিছু ঠাই এৰি দিছিল। অসমৰ ৰজাই তাত একো ভূমিকা লোৱা নাছিল।

    ReplyDelete
  2. Prathame Alayaran mazagine gusthiloi mur akhekh dhanyavad gyapon karilu. Bhuban Boro apunar likhoni Pori khub Val lagil. Logote khagrami mone aji barukoiye uthsahito Karise kiba ata kariboloi. Pratitu jatiye nijor Bhakha-Sanskriti, atmaporisoyere prithir bukut jiyai thokar khapun thake. Kintu ai Bhadra somajor protaronat aji pratitu janagusthiye dakhok Dhari pispori gol. Ji khomot prithibir bukut biswya joyor itihakh likhibo lagisil aji jatiya khokta jiyar rakhar karane jujibo loga hoise. Iyar parikhima kot ase kuneyu najane. Matra bifolotar itihakh likhi jabo loga hoise. Kintu iyaku nui koribo nuwari je khomoye karu anulgulimurat roi nathake. Iyar udahoron swarupe aji bodoland andolonar kothake khuwaribo pari. Janajatio samasyabur khamadhan kariboloi khakaluye akgut hobo lagibo. Nohole nijor kahikhonor vat khaj Kari khabor besidin nai aru. Pratijon Luke aji mar bandhi thiyo dibor hol. Nohole prithibir bukut ai janajati kebol itihakh hoi robo.

    ReplyDelete
  3. This comment has been removed by the author.

    ReplyDelete
  4. আপোনাৰ সকলো কথাতে একমত হব নোৱাৰিলো ৷ অসমত আদিৰে পৰা জনজাতিৰ লগতে অজনজাতিৰ লোকে বসবাস কৰি আহিছে ৷ কালক্ৰমত আজিৰ অসমত বিভিন্ন জনগোষ্ঠিয়ে বসবাস কৰি আহিছে ৷ এই সকলৰ কিমানে নিজকে অসমীয়া বুলি পৰিচয় দিব? আহোম সকল অসমলৈ প্ৰায় আঠ/ন শ বছৰ আগতে আহিছিল আৰু তাৰও আগতে কিছুমান অজনজাতিয় জনগোষ্ঠিৰ আগমন ঘটিছিল ৷ সেইসকল অসমৰ মুল নিবাসীৰ তালিকাত নপৰিব নেকি? নে বৰ্তমান সমাজ ব্যৱস্থাত ইয়াক না কৰিব পাৰি ৷ মোৰ মতে অসমৰ সকলো জনগোষ্ঠীয়ে স্বাধীন ভাবে নিজ স্বকীয়তা অক্ষুন্ন ৰাখি বসবাস কৰিব লাগে ৷ পৰিবেশ সময়ৰ দাস ৷ আদিমৰে পৰা মানুহসহ সকলো জীৱই বিভিন্ন কাৰণত পৰিভ্ৰমণ কৰিব লগা হৈছিল আৰু আজিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ অসমেই ইয়াৰ এটা সুন্দৰ উদাহৰণ ৷ ৰাজনৈতিক বা জীৱন-জীৱিকাৰ বাবে স্বাধীনতাৰ পিছত দ্ৰুতভাবে অসমলৈ প্ৰব্ৰজনৰ হাৰ অতি বেছি হৈছে ৷ ইয়াৰ ফলত কেৱল জনজাতি সকলৰেই ক্ষতি হোৱা নাই ৷ অজনজাতীয় মুল নিবাসী সকলৰও সমাজ আৰ্থ-সামাজিক ব্যৱস্থাৰ ক্ষতি কৰিছে ৷ আপুনি ইয়াত অসমৰ কোনখিনি জনগোষ্ঠীক সাঙুৰি "অসমীয়া" বুলি উল্লেখ কৰিছে জ্ঞাত নহলো ৷ আৰু অসমীয়া এনে এটি জাতি নহয় যে, যাৰ প্ৰভুত্বৰ বাবেই মেঘালয়, নাগালেণ্ড, মিজোৰাম বা অৰুনাচল আদি ৰাজ্যই অসমৰ পৰা পৃথক হৈ যোৱা নাছিল ৷ সেই ৰাজ্য সমুহ যেনেদৰে ৰাজনৈতিক কাৰণত বৃটিছে গঠন কৰা অসম নামৰ ৰাজ্যখনৰ লগত চামিল কৰা হৈছিল ঠিক সেইদৰে মুলত ৰাজনৈতিক কাৰণতেই সেই ৰাজ্য সমুহ অসমৰ পৰা পৃথক হৈছিল ৷ আজি বড়ো ভাই সকলে পৃথক ৰাজ্য দাবীৰ সংগ্ৰাম কেৱল জনগোষ্ঠীয় কাৰণতে অব্যাহত ৰখা নাই ৷ ইয়াৰ লগতে ৰাজনৈতিক পৰিচয়টোও নিহিত হৈ আছে ৷ নহলে স্বায়ত্ব শাসন পোৱা বড়ো সকলে এই ব্যৱস্থাৰ মাজতেই নিজৰ স্বকীয়তাৰ পৰিচয় দিব পাৰিলে হয় ৷
    ইয়াত মোৰ কিবা ভুল হব পাৰে ৷ কাৰণ মই ইতিহাসবিদ নহও বা বিশেষ লেখা-পঢ়া ব্যক্তিও নহও ৷ তথাপি নিজৰ সাধাৰণ জ্ঞানেৰে অলপ কথা লিখিলো ৷ এটা কথা আমি সকলোয়ে মানিব লাগিব যে, আজি অসমৰ মুল নিবাসী (স্বাধীনতাৰ আগৰখিনিকে ধৰি লওক) সকল বাংলাদেশী প্ৰব্ৰজনকাৰীৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা হোৱা প্ৰব্ৰজনৰ ফলত সংকতাপন্ন ৷ যিটো আমাৰ বাবে আজি আমাৰ সামাজীক, ৰাজনৈতি, আৰ্থিক আৰু প্ৰধানকৈ জনগাঠনিত বিস্তৰ ক্ষতি কৰিব ৷

    ReplyDelete

Post a Comment

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ