বৰ্ণহিন্দু অসমীয়া প্ৰশাসনঃ

ভুবন বড়ো,
শিৱসাগৰ
   অসমৰ দৰে বিশাল ৰাজ্যত ৰাজ্যখনৰ প্ৰশাসনিক কাম কাজ চলাবলৈ প্ৰতিটো বিভাগত এক বুজন সংখ্যক বিষয়া-আমোলা আৰু কৰ্মচাৰী আছে ৷ এই বিষয়া-আমোলাসকল নিজৰ বুদ্ধিমত্বা আৰু কৰ্ম দক্ষতাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰশাসনিক দিশবোৰ চলাবলৈ, চম্ভালিবলৈ নিয়োগ কৰা হৈছে ৷ প্ৰশাসনৰ এনে বিষয়া কৰ্মচাৰীসকল সাংবিধানিকভাৱে অত্যন্ত শক্তিশালী ক্ষমতা লাভ কৰি আহিছে ৷ জনতাৰদ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধিৰ কোনো জনবিৰুধী, জাতি বিৰুধী অ-সংবিধানিক কাম-কাজ পোনচাতেই তেওঁলোকে নাকচ আৰু প্ৰতিৰুধ কৰা ক্ষমতা আছে ৷ 
   এতিয়া কথা হ'ল, অসমত ইয়াৰ ৰাজ্য প্ৰশাসন নিয়াৰিকৈ সঠিক ৰূপত পৰিচালনা আৰু চম্ভালিবলৈ থকা বুজন সংখ্যক বিষয়া-আমোলা আৰু কৰ্মচাৰীসকলেই হ'ল বৰ্ণ হিন্দু অসমীয়া ৷ আজি যি হাৰত অবৈধ বাংলাদেশীয়ে ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ বিস্তাৰিত হৈ বিভিন্ন ঠাইত স্হায়ীকৈ বসবাস কৰিব লৈছে, সেই বিষয়টো তেওঁলোক নজনা নহ'য় ৷ এই বৰ্ণহিন্দু মানুহখিনিয়েই আজি অসমৰ মুছলমানক অবৈধ বাংলাদেশীসকলৰ মেৰপেছত নিক্ষেপ কৰি তেওঁলোকৰ ন্যায় আৰু অধিকাৰত সমগ্ৰ ভাৰতবাসীৰ সন্মুখত "বৈধ নাগৰিক"ৰ প্ৰশ্ন উত্থাপন কৰি বৃহৎ প্ৰত্যাহ্বন কঢ়িয়াই আনিছে ৷ তদুপৰি এই বৰ্ণহিন্দু আমোলা-বিষয়া মানুহখিনিয়েই অসমত ছয় জনগোষ্ঠীৰ দাবী উত্থাপন কৰা মৰাণ, মটক, কোচ, আদিবাসী, টাই আৰু চুতিয়াসকলৰ সকল প্ৰকাৰে সমৰ্থন কৰি লগতে অসমৰ সমগ্ৰ জনজাতিকে এক সাম্ভাব্য মৃত্যুলৈ ঠেলি দিব লৈছে ৷ কাৰণ তেওঁলোকে ভালদৰে জানে যে সংৰক্ষণ ব্যৱস্হাত ৫০ শতাংশৰ অতিক্ৰম কৰি যাব নোৱাৰে যিটো ইতিমধ্যে দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰিত কৰি দিছে ৷ উক্ত ছয় জনগোষ্ঠীয়ে যদি জনজাতিকৰণ হৈ বৰ্তমানৰ জনজাতিসকলৰ লগত মিলি যায় তেতিয়া বৰ্ণহিন্দুৰ কোটাৰ পৰা উচ্চ শিক্ষাৰ অনুষ্ঠানৰ অসন সংৰক্ষণত আৰু চৰকাৰী চাকৰিৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো হানি-বিঘিনি নহ'য় ৷ তেওঁলোকে জানে যে এই ছয় জনগোষ্ঠীয়ে অসমত নতুনকৈ জনজাতি লাভ কৰিলে জনজাতিৰ নামত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰতি বছৰে এক বৃহৎ পুঁজি লাভ কৰি আহিব ৷ যিটো বৰ্ণহিন্দু আমোলা বিষয়াসকলৰ বাবে গাখীৰত ম'হৰ খুটি হ'ব ৷
   আজিৰ ৰাজ্যখনৰ শাসনত অধিস্হিত মন্ত্ৰি-বিধায়কসকলৰ পূৰ্বেও থকা প্ৰায়সংখ্যক মন্ত্ৰি-বিধায়কেই নিৰপেক্ষতাৰ অৱস্হানত বহি কেৱল হিন্দুত্বক জীয়াই ৰাখি অনাৰ্য জাতিক পদানত কৰি আহিছে ৷ সেয়ে ডিমা হাচাউৰ দৰে পাৰ্ৱতীয়া জিলাত জনজাতীয় নেতাক নিজৰ পক্ষত লৈ আন সাধাৰণ জনজাতিৰ সমস্ত ধন আত্মসাৎ কৰি জনজাতিক এক ভাৱিব নোৱাৰা অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে ৷ ইয়াৰ দায়িত্ব ঘূণাক্ষৰেও বৰ্ণহিন্দু অসমীয়া বিষয়া-আমোলাই নলয় ৷ আৰু জনজাতিয়ে অজীৱন এই লোকচানৰ মূল্য ভৰিব লাগিব ৷ আজি অসমৰ ভুমিৰ ক্ষেত্ৰত হৈ থকা ঘটনাবোৰে জনজাতিৰ বাবে এক ভয়াবহ দিনৰ ইংগিত বহন কৰিছে ৷ ভুমি আইন সম্পৰ্কীয় প্ৰশাসনৰ উদ্ধতন কৰ্তৃপক্ষই আজি বৰ্ণহিন্দু বিষয়া-আমোলা লোক ৷ তেওঁলোকে এক পৰিকল্পিত তথা বৰ্ণহিন্দু অসমীয়া সমাজৰ স্বাৰ্থৰ বাবে ভুমিপুত্ৰ জনজাতিৰ ভুমি অন্য বহিৰাগত আৰু ভাৰতৰ পৰা প্ৰৱজিত বণিক-সদাগৰ শ্ৰেণীক জনজাতীয় লোকৰ ভুমিস্বত্ব হেলাৰঙে বিক্ৰী কৰি দি আহিছে ৷ গতিকে অসমৰ জনজাতিয়ে নিজৰ সমস্যা নিজে সমাধান কৰাৰ উপায় অৱলম্বন নকৰিলে বৰ্ণহিন্দুৰ অসমীয়াৰ কূটিল ৰাজনীতি আৰু কূটনীতিত জনজাতীয় পৰিচয় লৈ জীয়াই থকাটো কঠিন হৈ পৰিব ৷

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ