ভুমিহীন ভুমিপুত্ৰঃ

  জনজাতীয় লোকসকল কিছু চহৰমুখী হলেও অধিকাংশই এতিয়াও অতি দুৰ্গম অঞ্চলত বাস কৰে। সেই অঞ্চলবোৰেই তেনেকুৱা যত সমস্যাই থুপ খাই থাকে। সেই সমস্যাই থুপ খাই থকা অঞ্চলতেই বাস কৰে জনজাতীয় লোকসকল। গতিকে অতি দুৰ্গম অঞ্চলত বাস কৰা জনজাতীয় লোকসকলৰ সমস্যাৰ শেষ নাই সেই কথা এক চেকেণ্ড চিন্তা নকৰাকৈ কৈ দিব পাৰি। আচলতে কিছুমান জনজাতীয় লোকক দেখাৰ পিছত আমাৰ মনলৈ এটা ধাৰণা আহে আচলতে এওঁলোকৰ আছে কি? মোৰ গৃহ চহৰ বঙাইগাঁওৰ ওচৰে পাজৰে থকা আৰু সাধাৰণতে আহ যাহ হৈ গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং জিলাৰ(চহৰৰ কথা কোৱা নাই) জনজাতীয় লোকসকলৰ কথাই কোৱা হওঁক।তেওঁলোকৰ হাতীয়ে ঘৰ ভাঙে, বানে ঘৰ-মাটি উটুৱাই নিয়ে, পঢ়িবলৈ ওচৰত ভাল স্কুল কলেজ নাই, খোৱাপানীৰ অভাৱ, চিকিৎসাৰ বাবে ২০/৩০ কিমি যাব লাগে, উপাৰ্জন বুলিবলৈ বিশেষ একোৱেই নাই, ৰাস্তা ঘাটৰ অৱস্থাও দুখলগা, গোষ্ঠী সংঘৰ্ষ, চৰকাৰী বাহিনী, উগ্ৰপন্থীৰ দাবী ধমকি ইত্যাদি ইত্যাদি । সমস্যাৰ মাজতেই তেওঁলোকৰ জীৱন ৰথ চলিছে। জনজাতীয় লোকসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চিন্তনীয় সমস্যাটো হ'ল ভূমিৰ সমস্যা । ভিতৰুৱা অঞ্চলৰ জনজাতীয় লোকসকলৰ বহুতৰেই নিজৰ বুলিবলৈ নিজৰ মাটি নাই। যুগ যুগ ধৰি বসবাস কৰি অহা মাটিখিনিৰো পট্টা নাই। এয়া দুখৰ বিষয়।এয়া গভীৰ চিন্তাৰ বিষয়। ভূমিপুত্ৰ হৈয়ো তেওঁলোকৰ ভূমি নাই। অথচ কৰ বহিঃৰাজ্যৰ বেপাৰীয়ে শ শ বিঘা মাটি নিজৰ নামত ৰাখিছে। এয়া অন্যায়। এনে অন্যায় সহ্য কৰিব নোৱাৰি । কেৱল ৰাজনৈতিক লাভালাভৰ বাবেই জনজাতীয় লোকসকলক ব্যৱহাৰ কৰা হৈছে। অসমৰ প্ৰতিটো জনজাতীয় পৰিয়ালে ভূমিৰ অধিকাৰ পাব লাগে। জোৰ কৰি হলেও সেই অধিকাৰ হস্তগত কৰিব লাগে। নহলে অদূৰ ভৱিষ্যতে দখলত থকা ভূমিবোৰ বহিঃৰাজ্যৰ বেপাৰীৰ হাতলৈ যাব। জনজাতীয় লোকসকলৰ সমস্যা প্ৰতিগৰাকী অসমীয়াই নিজৰ সমস্যা বুলি গ্ৰহণ কৰি সমাধানৰ পথ উলিয়াব লাগে। এয়া সময়ৰ দাবী

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ