সামাজিক মাধ্যম vs পাব্লিক অপিনিয়নঃ
নিৰ্বাচিত নেতাৰ ই-সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ হওঁক ৷ বন্ধ হওঁক প্ৰশাসনৰ উচ্চ বিষয়াবৰ্গৰ সামাজিক মাধ্যমৰ একাউন্টসমূহ ৷ সামাজিক মাধ্যম ফে'চবুক, টুইটাৰ, অৰকূত, ৱাটচএপ ইত্যাদিত নিৰ্বাচিত নেতা তথা ৰাজনৈতিক নেতাই খোলা একাউন্টসমূহ দেশৰ উচ্চতম ন্যায়ালয়ে শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ বেন তথা নিষিদ্ধ কৰক ৷ পলিটিকেল পাৰ্টীৰ নেতা-পালিনেতা, নিৰ্বাচিত জনপ্ৰতিনিধি, আৰু প্ৰশাসনৰ বিষয়াসকলৰ ই-সামাজিক গণ মাধ্যমে দেশৰ যুৱ প্ৰজন্মৰ মাজত "ৰাজনীতি" আৰু "জনতাৰ স্বাৰ্থত সেৱা"ৰ ভূল বাৰ্তা কঢ়িয়াই নিছে ৷ যিয়ে দেশৰ গুৰুত্বপূৰ্ণ অংশত তেওঁলোকৰ ই-গণমাধ্যমৰ একাউন্টসমূহে মিছা, ভ্ৰষ্টাচাৰ, লুণ্ঠন আৰু দুৰ্নীতিৰ দৰে কাৰকক ৰাজনীতিৰ এক অবিচ্ছেদ্য অংশ বুলি পতিয়ন নিয়াত বিশেষ ভুমিকা লৈছে ৷ তেওঁলোকে নিজৰ নিজৰ ই-গণমাধ্যমৰ একাউন্টৰ জৰিয়তে ৰাজনীতি মানেই কেৱল জনসংখ্যা সংগঠিত কৰি সভাত নিজৰ মুখাবয় তথা বীৰ(নিজাদিষ্ট ব্যক্তি) পূঁজাৰ ফটো আপডেট দিয়া মাধ্যম কৰি লৈছে ৷
এখন গণতান্ত্ৰিক দেশত বৃহৎ জনসংখ্যাৰ পৰোক্ষ সমৰ্থন ন্যায়সংগতৰ বিপৰিতে তেওঁলোকে ই-গণমাধ্যমক "প্ৰত্যক্ষ গণতন্ত্ৰ" ৰূপত ব্যৱহাৰ কৰাত পৰোক্ষ গণতন্ত্ৰৰ বাবে গুৰুত্বৰ নেতিবাচক দিশ হৈ পৰিছে ৷ আটাইতকৈ উল্লেখনীয় দিশ হৈছে তেওঁলোকে চৰকাৰৰ ইচ্ছুসমূহ ই-গণমাধ্যমেৰে ঢাকি ৰখিবলৈ কৰা চেষ্টা ৷ তেওঁলোকৰ এনে চেষ্টাই সাধাৰণ জনতাৰ বিচাৰধাৰক একাষৰিয়াকৈ ৰাখি বিপুল পৰিমাণৰ জনসমাগমৰ ছবিৰে নিজৰ প্ৰতি আকৰ্ষিত কৰি লোৱা ৷ তেওঁলোকৰ এনে চক্ৰান্তই দেশত বিপক্ষ পাৰ্টী নোহোৱা কৰিব ৷ আৰু বিপক্ষহীন গণতন্ত্ৰই দেশত চৈৰাচাৰী একনায়কত্ব প্ৰতিষ্ঠা কৰিব ৷ চৰকাৰ তথা নেতাৰ একনায়কত্ব শাসনে দেশৰ সংবিধানত কুঠাৰঘাত কৰি জনতাৰ মৌলিক স্বাধীনতা ভোগক ৰুদ্ধ কৰি দিব ৷ জনতা শাসকৰ হাতত শোষিত আৰু লুণ্ঠিত হ'ব ৷
নিৰ্বাচিত নেতা আৰু প্ৰশাসনৰ বিষয়াই ই-গণমাধ্যমৰ নিজ একাউন্টত ৰাজহুৱা স্বাৰ্থজৰিত বিষয়ত আলোচনা কৰিবই লাগিব ৷ দেশ আৰু জনতাৰ উন্নয়নৰ বাবে উমৈহতীয়া ইতিবাচক বিষয়ক ই-গণমাধ্যমত নেতা আৰু প্ৰশাসকে ডাঙি ধৰিবই লাগিব ৷ অকল তেওঁলোকৰ দলীয় কৰ্মসূঁচীৰ তালিকাভুক্ত নিয়মিত অনুষ্ঠান সমূহত জনতাৰ সন্মুখত কথাৰ ফুলঝাৰী এৰি উন্নয়ন বিষয়, তেওঁ বা দলৰ নতুবা চৰকাৰে সামাজিক বিষয়ৰ ওপৰত লোৱা সিদ্ধান্ত, অৰ্থনৈতিক জটিল বিষয়বোৰ, শিক্ষাৰ সমস্যাসমূহ, অৰ্থনৈতিক বিকাশৰ অন্তৰায়সমূহৰ ক্ষেত্ৰত আলোচনা জনতাৰ লগত চেয়াৰ কৰিব লাগিব আৰু ইয়াক তেওঁলোকৰ সামাজিক মাধ্যমৰ একাউন্টৰ জৰিয়তে জনতাৰ মাজলৈ নিব লাগিব ৷ কোনো দলে জনতাৰ সমৰ্থন আদায় কৰি চৰকাৰ প্ৰতিষ্ঠা কৰিলে বুলিয়েই সকলো সিদ্ধান্ত দল বা চৰকাৰৰেই যে হ'ব সেয়া অত্যন্ত একনায়কত্ব মনোভাৱ, গণতন্ত্ৰ পৰিপণ্ঠী ৷ কাৰণ তেওঁলোকে নিৰ্বাচিত হোৱাৰ পূৰ্ৱেই জনতাক তেওঁলোকৰ এজেণ্ডা ৰাজহুৱা কৰে ৷ তেনে ক্ষেত্ৰত নিৰ্বাচিত একোখন চৰকাৰে ৰাজহুৱাকৈ ঘোষনা কৰা এজেণ্ডাৰ বিপৰীতে কাম কৰাটো জনতাৰ ইচ্ছাক স্বেচ্ছাই হত্যা কৰা ৷
গতিকে চৰকাৰৰ মন্ত্ৰী-বিধায়ক, দলৰ নেতা-পালিনেতা, প্ৰশাসনৰ বিষয়াই ৰাজনৈতিক সিদ্ধান্তসমূহ, চৰকাৰৰ হ্ৰাসম্যাদী-দীৰ্ঘম্যাদী আঁচনিৰ লগতে পৰিকল্পনাসমূহ, ইয়াৰ ওপৰত চৰকাৰৰ স্হিতি, নেতাৰ স্হিতি, দলৰ স্হিতি আৰু প্ৰশাসনিক বিষয়াই লোৱা সিদ্ধান্তসমূহ জনতাৰ লগত ই-গণমাধ্যমেৰে পাব্লিক আপিনিয়ন বিচৰিবই লাগিব ৷ তেতিয়াহে একো একোজন ৰাজনীতিক আৰু প্ৰশাসনিক বিষয়াই সামাজিক গণমাধ্যমৰ একাউন্ট ব্যৱহাৰ কৰা ফলদায়ক হ'ব দেশ আৰু দহৰ বাবে ৷ অন্যথা তেওঁলোকে সামাজিক গণমাধ্যম একাউন্ট ব্যৱহাৰ কৰা বন্ধ কৰক ৷ নতুবা দেশৰ উচ্চতম ন্যায়ালয়ে ইয়াক নিষিদ্ধ কৰক… ৷৷
Comments
Post a Comment