বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?
ব্যক্তিগত ভাৱে মই বড়োসকলৰ পৃথক ৰাজ্য "বড়োলেণ্ড" দাবীৰ ঘোৰ অন্ধ সমৰ্থক ৷ পৃথক বড়োলেণ্ড ৰাজ্য সমৰ্থন কৰাৰ বাবে মোৰ ওচৰত যুক্তি আৰু অন্ধত্ব দুয়োটাই মজুত আছে ৷ কথা হ'ল -- পৃথক বড়োৰাজ্য বিচাৰি ধন ভাঙি দিল্লীৰ ভৰিৰ তললৈ ঢাপলি মেলিব লগা হৈছে কিয় ? দিল্লীত ৰাজ্য বিচাৰিব যাওতে প্ৰতিজন প্ৰতিবাদকাৰীৰ যাতায়ত খৰচৰ বাবদ প্ৰায় ২০০০ হাজাৰ টকা খৰচ হৈছে ৷ এইটো কেৱল আহা-যোৱাৰ খৰচ ৷ বাকী খোৱা-বোৱা খৰচ আছেই ৷ সময়ত ট্ৰেইন নাপালে হোটেলৰ খৰচ আছেই ৷ এনে আন্দোলন এবাৰেই কৰা হৈছে নে? নাই হোৱা ৷ বৰঞ্চ পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰতিবাদী ধাৰাটো "দিল্লীমুখী প্ৰৱণতা" কৰা হৈছে যেন অনুমান হ'য় ৷ আন্দোলনৰ প্ৰতিবাদী ধাৰাৰ এনে প্ৰৱণতাই বৃহৎ আন্দোলনটোক জনমুখী হোৱাত সহায় নকৰে ৷ এই দিল্লীমুখী প্ৰৱণতাই বড়োসকলৰ আৰ্থিক শক্তিক ভাঙি দিয়াৰ আশংকা নুই কৰিব নোৱাৰি ৷ এটা কথা মনত ৰখা প্ৰয়োজন যে এই দেশৰ প্ৰতি আমাৰ যিমান আন্তৰিকা আছে তাৰ বিপৰীতে দিল্লীৰ শাসকৰ দৃষ্টি আৰু অন্তৰত তেনে আন্তৰিকতা তিলমানো নাই ৷ কেৱল অসমেই নহ'য় ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ এনে দৃষ্টিভংগী থকাটো কোনো আচৰিত কথা নহ'য় ৷
২৮ নৱেম্বৰত পৃথক বড়োলেণ্ড দাবীৰ বাবে এবছু(ABSU), এনডিএফবি(প্ৰ)NDFB(P) আৰু পিজেএচিবিএম(PJACBM)ৰ বেনাৰত পৃথক বড়োৰাজ্য বিচাৰি দিল্লীৰ গান্ধী ময়দানত "বড়োলেণ্ডৰ দাবীত মহা ৰেলী&ধৰ্ণ"ত অংগ্ৰহণ কৰিলে প্ৰায় দহ হাজাৰোধিক বড়ো যুৱক-যুৱতী ৷ এই দহ হাজাৰোধিক বড়ো যুৱক-যুৱতী কেৱল অসমৰ পৰাই দিল্লীলৈ ৰাওনা হৈছে ৰেল আৰু বিমানৰে যোৱা দুদিনৰ আগত ৷ লক্ষ্য গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদৰ মাধ্যমৰে অসমৰ বুকুত এখন পৃথক বড়ো ৰাজ্য আজুৰি অনা ৷ এয়া প্ৰতিজন বড়োৰ সপোন ৷ কল্পনা নহ'য় ৷
ভৈয়াম জনজাতি হিচাপে অসমৰ বুকুত থকা বড়োসকলৰ ইতিহাস লিখিত আকাৰত পোৱা নাযায় ৷ কিন্তু বহু দেশ-বিদেশৰ ইতিহাসবিদে নিজ নিজ তথ্যসম্বলিত কিতাপসমূহত বড়োসকলৰ ঐতিহাসিক আৰু ইতিহাসৰ স্হিতি সবল ৰূপত থকা কথা উল্লেখ কৰি গৈছে ৷ কোনো কালে জাতীয় অস্তিত্বৰ শংকাত নোভোগা অতি শক্তিশালী জাতিটোয়ে পৌৰাণিক দেৱ-দেৱীৰ আখ্যানৰ যুগতো কোনো জাতীয় শংকাত ভোগিব লগা নৈহৈছিল ৷ কিন্তু যেতিয়া বৃহত্তৰ বুৰলুংবুথুৰ উপত্যাকালৈ চীনৰ পৰা আহোমৰ প্ৰৱজন হ'ল তেতিয়াৰ পৰাই এই দেশত ৰাজশাসনক লৈ বিভিন্ন ৰজাৰ মাজত ৰাজশাসনৰ সৈতে ৰাজ্য দখল আৰ্থাৎ মাটি দখলৰ সামৰিক আৰু কূটনৈতিক খেল আৰম্ভ হ'ল ৷ যুদ্ধ হ'ল আৰু ৰজাৰ নিৰ্দেশত শান্তিপ্ৰীয় বড়োসকলক নিজৰ মাটিত পৰাভূত কৰা ধাৰাহিক কূত-কৌশল চলি থাকিল ৷ সমান্তৰালকৈ পৰাভূত কৰিব পৰা সকলক ধৰ্মান্তকৰণ, জ্যাত্যকৰণ চলি থাকিল ৷ ফলস্বৰূপে বৃহত্তৰ বড়ো জাতি ভাঙি বিভিন্ন উপগোষ্ঠীহৈ ভাগ ভাগ হৈ পৰিল ৷ শেষত বৃটিছ আহিল ৷ বৃটিছৰ ঔৰসত এই দেশত মুষ্টিমেয় মানুহৰ শাসনৰ লগতে প্ৰশাসনৰ দৰে ব্যৱস্হাও আৰ্ভিভাৱ হ'ল ৷ কিন্তু বড়োসকৰ ক্ষেত্ৰত সেই শাসন আৰু শোষণৰ বেলি কেতিয়াও মাৰ নগল ৷
দেশৰ স্বাধীনতাৰ পাছৰ পৰ্যায়ত ৯০ দশকৰ পৰা বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দেৱৰ গণতান্ত্ৰিক প্ৰগতিশীল চিন্তাধাৰাই বড়োসকলৰ আদিম চেতনাক সাৰপোৱাই আধুনিক চেতনামুখি কৰি তুলিলে ৷ সেইগৰাকী জনজাতি মহামানৱেই হ'ল লাঞ্ছিত-ভুঞ্জিত বড়োসকলক একগোট কৰি অহিংস নীতিৰে নিজৰ প্ৰাপ্য অধিকাৰৰ হকে সংগ্ৰাম কৰিবলৈ শিকোৱা একমাত্ৰ জনজাতীয় নেতৃত্বধাৰী লোক ৷ তেওঁৰ আগত তেনে জনজাতীয় নেতৃত্বকাৰী সংগ্ৰামী সত্তা এই অসমত জন্ম হোৱা নজিৰ নাই ৷ যদিও আছে সেইসকলে বিভিন্ন ৰাজনৈতিক মেৰপেছত নিজৰ সংগ্ৰামী স্হিতিৰ পৰা আঁতৰি পৰিছিল ৷ উল্লেখ্য যে বৃটিছ শাসনৰ সময়ছোৱাতে অসমত এক শ্ৰেণী মানুহ উচ্চ শিক্ষাৰে শিক্ষিত হৈ বৃটিছৰ লগত প্ৰশাসনিক কাম-কাজৰ কৰাৰ লগতে বেহা-বেপাৰতো আগৰণুৱা হৈ উঠিল ৷ পৰৱৰ্তী পৰ্যায়ত বৃটিছৰ লগত প্ৰশাসনিক আৰু বেহা-বেপাৰ কৰা আৰু উচ্চ শিক্ষাৰে শিক্ষিত সকলেই বৃটিছ যোৱাৰ পাছত উচ্চ শ্ৰেণীৰ মৰ্যদা লৈ এই অসমত বসবাস কৰা অনুন্নত ভুমিপুত্ৰ জনজাতিসকলৰ ওপৰত শাসন চলাবলৈ কটকটীয়াকৈ নিজৰ স্হিতি নিগাজী কৰি বহিল ৷
স্বাধীনতাৰ পাছত অসমত এনে এজন মুখ্যমন্ত্ৰি নোলাল যিয়ে অসমৰ পাহাৰ-ভৈয়াম উভয় জনজাতিক নিৰ্ভয় আৰু অভয় দি শাসন কৰি গৈছে ৷ তেওঁলোকৰ কাৰণে আটাইতকৈ প্ৰথম প্ৰত্যাহ্বনটোয়েই হ'ল অনুন্নত জনজাতিৰ উত্তোৰণৰ প্ৰক্ৰিয়াক বাধা দিয়া আৰু চিৰদিনৰ বাবে নিঃশেষ কৰি দিয়া ৷ এই চৰিত্ৰটো ধাৰা গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি আজিৰ সৰ্বনন্দ সোণোৱাললৈকে পৰম্পৰাগতভাৱে বৈ থাকিল ৷ স্বাধীনত্তোৰ কালৰ পৰাই অসমত প্ৰৱজিত জাতি(সি লাগিলে আৰ্য্য হিন্দু আৰু সেই সময়ৰ বিদেশীয়ে হওঁক )য়ে নিজৰ সুযোগ আৰু সুবিধাৰ বাবে জনজাতিৰ অধিকাৰৰ ওপৰত বলপূৰ্বক শাসন চলাই আহিছে ৷ ভাৰতৰ দৰে এখন বিশাল দেশত ইয়াৰ জনসাধাৰণক সু-শৃংখলিত প্ৰশাসনিক সা-সুবিধা তথা সুৰক্ষা দিব পৰাকৈ নিদিষ্ট এখন সংবিধান ৰচনা হ'ল যদিও সমগ্ৰ ভাৰততে অনুন্নত জাতিসমূহৰ বাবে এক বিন্দুসম স্হানহে দিয়া হ'ল ৷ অসমত বসবাস কৰা ঐতিহাসিক জাতিসমূহৰ(অনুন্নত) ভিতৰত বড়োসকলো ইয়াৰ পৰা বাছি নগ'ল ৷
বড়োসকলে নিজৰ গৃহভুমিতে গৃহহীন, লঞ্ছনা-বাঞ্চনা, বৈষম্য আৰু শোষিত হোৱাৰ এক ইতিহাস আছে ৷ এই শোষণৰ ধাৰাটো বৰ্তমানো চলি আছে ৷ অতি লজ্জাজনক ভাৱে ভুমিপুত্ৰ বড়োসকলৰ আশা-আকংশাক অসমৰ উচ্চ-বৰ্ণৰ বৰ্ণবাদী জাত্যভিমানী অসমীয়া শাসকে অৱদমিত কৰি বড়োসকলক সাংবিধান প্ৰদত্ত মৌলিক আধিকাৰ আৰু ন্যায়ৰ পৰা নিলগাই ৰাখিছে ৷ বাৰে বাৰে ভুমিপুত্ৰ বড়োসকলক নিশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৷ প্ৰতাৰিত কৰিছে নিজৰ ভুমিৰ পৰা ৷ যদি ৮০ দশকৰ মাজ ভাগত উপেন্দ্ৰ নাথ ব্ৰহ্মৰ দৰে তীখ্ন চিন্তাধাৰী তথা সংগ্ৰামী লৌহ পুৰুষ নোলাল হ'য় তেন্তে কাহানিবাই বড়োসকলক অসমীয়া শাসকে ভাৰতীয় শাসকৰ লগ হৈ নিঃশেষ কৰিলেহেঁতেন ৷ ই পৰিস্কাৰ কথা ৷ দীৰ্ঘদিনিয়া অসমীয়া আৰু ভাৰতীয় লোকে কৰি অহা বড়োবিৰুধী চক্ৰান্তৰ বিৰুদ্ধে বড়োসকলৰ মাজত গণতান্ত্ৰিক প্ৰতিবাদৰ আৱাজ সজোৰে উঠিবলৈ ধৰে ৷ এই গণতান্ত্ৰিক প্ৰতিবাদৰ উপৰিও একাংশ বড়োই নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চৰম পন্থাৰ আশ্ৰয় ল'য় ৷
অসমত ভৈয়াম জনজাতিৰ ভিতৰত বৃহৎ জানজাতি হিচাপে পৰিগণিত বড়োসকলে নিজ গৃহভুমিত ভাষাৰ কাৰণেও আত্মবলিদান দিব লগা হোৱা এক কৰুণ ইতিহাস আছে ৷ অজস্ৰ বড়ো ভাতৃ-ভগ্নী, অবাল বৃদ্ধ-বনিতাৰ জীৱন-প্ৰাণলৈ অসম আৰু অসমীয়া চৰকাৰে বড়োসকলৰ মাতৃভাষাক আজিও পূৰ্ণা পৰ্যায়ত বিকাশিত ভাষাৰ ৰূপ কৰিবলৈ সু-ব্যৱস্হা কৰা নাই ৷ বৰঞ্চ বড়ো ভাষাৰ বিৰুদ্ধে তীব্ৰ ষড়যন্ত্ৰ কৰি আহিছে ৷ অসমত ভুমিপুত্ৰৰ ভুমি সুৰক্ষাৰ বাবে গঢ়ি উঠা জনজাতীয় আবেষ্টনিকৃত অঞ্চলসমূহ সুৰক্ষিত নকৰা এশ এবুৰি সমস্যাৰে বড়োকে ধৰি অসমৰ কেউটা জনজাতিকে নিৰ্দয় ভাৱে বিপন্ন অস্তিত্বৰ মুখলৈ ঠেলি দিছে অসম চৰকাৰে ৷ অথচ ভাৰতীয় সংবিধানৰ বিভিন্ন অনুচ্ছেদ আৰু ধাৰাত ভুমিপুত্ৰসকলৰ মৌলিক অধিকাৰ, ভুমি সুৰক্ষা, নিজ পৰম্পৰা সুৰক্ষা, ভাষা সুৰক্ষাৰ বিশেষাধিকাৰ সমূহ সু-স্পষ্টকৈ সনিবিষ্ট কৰা আছে ৷ ইয়াৰ পাছতো অসমত অসমীয়া বৰ্ণবাদী চৰকাৰে ভুমিপুত্ৰৰ মৌলিক অধিকাৰ কুক্ষিগত কৰাৰ অধিকাৰ পালে ক'ত? ভুমিপুত্ৰক নিঃশেষ কৰাৰ অধিকাৰ পালে ক'ত?
বৰ্ণবাদী শাসকে বড়োসকলক কৰি অহা শোষণ আৰু শাসনৰ বিৰুদ্ধে পোন প্ৰথমে নিখিল বড়ো ছাত্ৰ সন্থাই ১৯৮৬ ত "ডিভাইদ আছাম ফিফটি ফিফটি" দাবী উত্থাপন কৰিবলৈ বাধ্য হ'ল ৷ দাবী উত্থাপন হ'ল বড়োসকলৰ বাবে এখন পৃথক ৰাজ্য ৷ ২০০৩ চনত চৰমপন্থী বিএলটিৰ লগত ভাৰত আৰু অসম চৰকাৰে কৰা বিটিচি চুক্তিৰ ফলত "ডিভাইদ আছাম ফিফটি ফিফটি" দাবীটো সাময়িভাৱে স্হগিত হ'য় যদিও উক্ত বিটিচি চুক্তিখনে বড়োসকলৰ আশা-আকাংশাক সঠিকৈ প্ৰতিফলিত কৰিব নোৱাৰাত পুনৰ "ডিভাইদ আছাম ফিফটি ফিফটি" দাবীটো এবছুৰ দৰে বিশাল ছাত্ৰসংগঠনৰ নেতৃত্ববৃন্দই সজোৰে উত্থাপন কৰিবলৈ বাধ্য হ'ল ৷ ইতিমধ্যে পৃথক বড়োলেণ্ড ৰাজ্যৰ দাবীক লৈ কেবাটাও সংগঠনে একে মঞ্চত আহি আন্দোলনক অধিক গতিদান কৰিছে ৷ দীৰ্ঘদিনৰ পৰা নিখিল বড়ো ছাত্ৰসন্থাই পৃথক বড়োলেণ্ডৰ দাবীৰ স্বাৰ্থত আপোচবিহীন সংগ্ৰামী সত্তাৰে প্ৰতিবাদী আন্দোলন অৱ্যাহত ৰখাৰ লগতে এডিএফবি(প্ৰগতিশীল)ও পৃথক ৰাজ্যৰ দাবীটো লৈ বড়ো ছাত্ৰ সন্থাৰ লগত একে লগে মাত মাতিব ধৰাটোও জাতিৰ বাবেই শুভ লক্ষণ ৷
বড়োসকলৰ বাবে এখন পৃথক গৃহভুমি ঐতিহাসিক, ইতিহাস আৰু ভাৰতীয় সংবিধানে নিঃচৰ্তত বিশেষাধিকাৰ প্ৰদান কৰিছে ৷ ইয়াৰ বাবে কেৱল কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সদিচ্ছাৰ লগতে আনুষ্ঠনিকতাৰ প্ৰয়োজন ৷ এখন পৃথক ৰাজ্য গঠনৰ পাছত বড়োসকলৰ মৌলিক সমস্যাবোৰ সমাধানত কিছু সমস্যা থাকিলেও অন্ততঃ জাতীয় অস্তিত্ব আৰু সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া শংকা নিঃসন্দেহ দূৰ হ'ব ৷ যিটো বৰ্তমান অসমৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ সমস্যাৰূপে পৰিগণিত হৈছে ৷ কংগ্ৰেছ চৰকাৰৰ বিদেশী প্ৰীতিৰ ৰাজনীতিয়ে প্ৰথমেই ভুমিপুত্ৰ বড়োসকলৰ অস্তিত্ব সংকটৰ মুখলৈ ঠেলি দিছে ৷ এই দলটোৰ দশক পূৰণা পুতিগন্ধময় ভোটবেংকৰ ৰাজনীতিয়ে দেশীয় নাগৰিকৰ ভুমি অসুৰক্ষিত কৰি লাখ লাখ ধৰ্মীয় সম্প্ৰদায়ক বড়োভুমিত সংস্হাপন কৰি বড়োসকলক পুলিতে গুৰি উঘালি দিয়াৰ ব্যৱস্হা কৰি আহিছে ৷ তাৰ পাছত তদুনুৰূপ ৰাজনীতি বিজেপি দলৰ চৰকাৰে ইতিমধ্যে আৰম্ভ কৰি দিছে হিন্দু প্ৰীতিৰ ৰাজনীতিৰে ৷ ভোটবেংক আৰু ধৰ্মীয় ৰাজনীতিৰে কংগ্ৰেছ আৰু বিজেপিৰ ৰাজনৈতিক আৰু কূটনীতিত জনজাতীয় স্বয়াত্ব শাসিত এলেকাৰ ক্ষুদ্ৰ ৰাজনীতিকে প্ৰকৃততে কি কৰিছে ৱাহিদেই উলিয়াবলৈ সক্ষম হোৱা নাই ৷
বড়োসকলৰ আত্মচেতনাৰ পৰা জাগ্ৰীত পৃথক ৰাজ্যৰ দাবীদাৰ আন্দোলনটোৰ বৰ্তমান ধাৰাটোৰ চৰিত্ৰ এই খিনিতে বিচাৰ নকৰিলে কিছু ভুল হ'ব ৷ আজিৰ বড়োসকলে যিটো পৰ্যায় পাইছে সেই আটাইখিনি দেশৰ অন্য কোনো জাতিয়ে বড়োসকলক দিয়া বিশেষ আৱদান নহ'য় ৷ নিজ গৃহত নিজৰ অধিকাৰৰ স্বাৰ্থত, আত্মৰক্ষাৰ যুদ্ধ কৰি কৰি ভাগৰি নপৰা জাতিটোয়ে নিজৰ কষ্ট, অপৰিসীম মনোবল, সংগ্ৰামী সত্তাৰ বাবে আজিৰ অৱস্হাত পাইছে ৷ সৌ সিদিনালৈকে আনৰ মুখত, অন্য জাতিৰ সাহিত্যত, অন্য জাতিৰ বুদ্ধীজীৱিৰ চিন্তাত সততে "বৰ্বৰ" তথা "উগ্ৰ" বিশেষণ লাগি থকা জাতিটোয়ে আজি নিজা প্ৰচেষ্টাত কৃষ্টি-সংস্কৃতি, শিক্ষা-খেলৰে বিশ্বত একক অনন্য ৰূপত মূৰ দাঙি উঠিবলৈ সক্ষম হৈছে ৷ জাতিটোৰ এনে বিকাশমুখী উত্তৰণত প্ৰথমেই বড়ো ছাত্ৰসন্থাৰ দৰে সু-শৃংখলিত সংগঠনৰ অপৰিসীম কষ্ট আৰু ত্যাগ অনস্বীকাৰ্য্য ৷ জাতিটোৰ ভিতৰচ'ৰাত গণতান্ত্ৰিক পন্থাৰে বৈপ্লৱীক জাগৰুকতা আনিবলৈ সক্ষম হোৱা তথা জাতিৰ সকলো শ্ৰেণীৰ নাগৰিকৰ মাজত আত্মচেতনা জগাই তোলাত বড়ো নেতৃত্ববৃন্দৰ অলেখ ত্যাগৰ আৱদান আছে ৷ এয়া জাতিৰ বাবে গৌৰৱৰ বিষয় ৷
তেলেংগনাৰ ৰাজ্য গঠনৰ পাছতে শেষতীয়াকৈ অসমত বড়োসকলৰ বাবে পৃথক ৰাজ্যৰ দাবী পূৰ্বতকৈ সজোৰৰে উত্থাপন হৈছে ৷ পৃথক ৰাজ্য বিচৰা বড়ো সংগঠনসমূহে ধাৰাবাহিকভাৱে শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে দিল্লী-দিছপুৰৰ বিৰুদ্ধে ৷ বিভিন্ন সময়ত লোৱা প্ৰতিবাদী আন্দোলনসমূহত অংগ্ৰহণকাৰীসকলে নিঃচৰ্ত আৰু নিঃস্বাৰ্থ সহযোগ কৰিছে ৷ এই আন্দোলনে জনতাৰ আত্মচেতনাৰ পৰা জাগ্ৰৰিত হৈ স্বত্বস্ফূৰ্ত বিশাল প্ৰতিবাদী মিছিললৈ ৰূপান্তৰিত হৈ শোষক শাসৰ বিৰুদ্ধে একে মুখে মুখৰিত হৈ আহিছে ৷ আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল যে পৃথক বড়োৰাজ্য বিচৰা আন্দোলনে কেতিয়াও হিংসাৰ ৰূপ পৰিগ্ৰহ ৰূপ লোৱা নাই ৷ শাসকীয় চৰকাৰে এনে শান্তিপূৰ্ণ গণতান্তিক আন্দোলনক মষিমূৰ কৰিবলৈ বাৰম্বাৰ চেষ্টা চলাই আহিছে যদিও শান্তুপূৰ্ণ তথা ধৰ্য্যশীল প্ৰতিবাদীৰ সন্মুখত বাৰে বাৰে মুখ থেকেছা খাইছে ৷ বড়োসকলৰ এনে গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলন তথা প্ৰতিবাদৰ ধাৰাটো কায়ম কৰি ৰখাৰ বাবে আন্দোলনৰ নেতৃত্বৰ নেতৃত্ব প্ৰশংসাৰ যোগ্য ৷ আৰু ইয়ে প্ৰমাণ কৰে যে বড়োসকলৰ শান্তিপ্ৰিয় তথা শান্ত, সহজ-সৰলতাৰ চৰিত্ৰটোৰ বিষয়ে ৷
পৃথক ৰাজ্যৰ বড়ো আন্দোলনসমূহে চৰকাৰৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা নাই যদিও তেওঁলোকৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনে ভাৰতৰ বিশাল গণতান্তিক ভাৱধাৰাক আকৌ এবাৰ বিশ্বৰ সন্মখত নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে ৷ ভাৰতীয় গণতন্ত্ৰৰ সহনশীলতা, ধৈৰ্য, পৰোপকাৰৰ চৰিত্ৰ পূৰ্ণৰূপত ফুটাই তুলিছে বড়োসকলৰ অধিকাৰ বিচৰা আন্দোলনে ৷ ভাৰতীয় ধৰ্মনিৰপেক্ষতা গণতান্ত্ৰিক চৰিত্ৰৰ পৰিকাঠামোক এনে গণতান্ত্ৰিক আন্দোলনে সহায় কৰিছে যদিও ভাৰতীয় শাসক পক্ষৰ অগণতান্ত্ৰিক চৰিত্ৰই বড়ো আন্দোলনৰ নেতৃত্ববৃন্দক কিছু ক্ষেত্ৰত বিচলিত কৰিছে যেন অনুমান হ'য় ৷ ৰাজ শাসনৰ স্বত্বঃছায়াত ডাঙৰ-দীঘল হোৱা শাসকীয় পক্ষৰ চৰিত্ৰই সৰ্বসাধাৰণৰ মৰ্মবেদনা যে অতি সোনকালে বুজি উঠিব সেইটো আশা কৰা অনুচিত ৷ আন্দোলনৰ নেতৃত্বই যদি আন্দোলনৰ ধাৰাবাহিকতাটো সন্তোলিত নাৰাখে তেন্তে শাসকীয় পক্ষই এনে আন্দোলনত সহজে সৈমান হোৱাটো অ-স্বাভাৱিক ৷
আটাইতকৈ ডাঙৰ কথাটো হ'ল বড়ো আন্দোলনৰ নেতৃত্ববৃন্দই নিজৰ জাতিৰ মাজত থকা ৰাজনৈতিক অংশটোক পৃথক ৰাজ্যৰ দাবীদাৰ কৰি তুলিব পৰা নাই ৷ এই ক্ষেত্ৰত ৰাজ্য দাবী পক্ষে বড়ো ৰাজনীতিকে এতিয়াও মুকলি সমৰ্থন জনোৱা নাই ৷ কোনো প্ৰতিবাদী আন্দোলনত স্বত্বস্ফূৰ্ত আংগ্ৰহণ কৰা নাই ৷ বড়োসকলৰ বুদ্ধিজীৱিসকলেও পৃথক ৰাজ্য গঠনৰ ক্ষেত্ৰত ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দৃষ্টিভংগীৰে ইটোয়ে-সিটোৰ লগত এক বিপৰীত স্হিতিত অৱস্হান কৰাৰ কথা নুই কৰিব নোৱাৰি ৷ যাৰ ফলস্বৰূপে ৰাজনৈতিকভাৱে পৃথক ৰাজ্যৰ দাবীটো বড়ো ৰাজনৈতিক মহত এতিয়াও উত্থাপন বা স্হান পোৱা নাই ৷ এই ক্ষেত্ৰত তেলেংগনা আন্দোলন সম্পূৰ্ণ বিপৰীত আছিল ৷ তেলেংগনা গঠন কৰাত ৰাজনৈতিক অংশটোৰ ভুমিকা অতি শক্তিশালী আছিল ৷ সমানে সৰ্বসাধাৰণৰ সহযোগীতাও শক্তিশালী ভুমিকা লৈছিল ৷
বড়োসকলৰ আশা-আকংশাক বাস্তবয়ান কৰাৰ ছবিখন পৃথক ৰাজ্য আন্দোলনৰ সফল সমাপ্তিত নিহিত হৈ আছে ৷ সেয়ে সকলো পক্ষই অতি গম্ভীৰতাৰে জাতীয় সমস্যাক অনুধাৱন কৰিব পাৰিব লাগিব ৷ জাতিটো সুৰক্ষা দিয়াৰ প্ৰাথমিক চৰ্তটো ৰাজনৈতিক শক্তিত নিৰ্ভৰ কৰে ৷ সেয়ে এখন পৃথক ৰাজ্য গঠনৰ বাবে বড়ো ৰাজনৈতিক নেতৃত্ববৃন্দ আত্মসচেতন হওঁক ৷ স্বাৰ্থজড়িত ৰাজনীতি পাছে পৰেও কৰিব পৰা সুযোগ সুবিধা পোৱা যাব ৷ যদি জাতিৰ সৰ্বসাধাৰণেই অসুৰক্ষিতৰ লগতে জাতীয় চানেকী আনৰ হাতৰ ৰাজনীতিত বন্দী তেন্তে কেনেকৈ এমুঠি মানুহক লৈ ৰাজনীতি কৰিব? তদুপৰি আন্দোলনৰ নেতৃত্ববৃন্দই পৃথক ৰাজ্যৰ প্ৰতিবাদী ধাৰাটোক দিল্লীমুখী কৰাৰ প্ৰৱণতা এৰাই চলিব লাগিব ৷ বড়োলেণ্ড প্ৰত্যেকজন বড়োৰ আত্ম-সন্মানৰ বিষয় ৷ বড়োসকলৰ অধিকাৰৰ বাবে দিল্লীৰ ওচৰত গৈ আঠু কঢ়াৰ প্ৰয়োজন নাই ৷ কোনবাই ক'ব পাৰে যে চীনে লং মাৰ্চৰ জৰিয়তে মহান চীনা জাতি নিৰ্মাণ কৰিছিল ৷ তেনে ধাৰণা আজিৰ দিনত চলাবলৈ খুৱেই কঠিন ৷ দিল্লী আমাৰ পৰা ২৫০০ কিঃমিটাৰতকৈ ক'ম নহ'য় ৷ যুদ্ধ কৰিলে খাৰ-বাৰুদৰ কথাৰ লগতে আলু আৰু চাউলৰ কথাও ভাৱিব লাগিব ৷
বড়োসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় স্বকৃতিৰ প্ৰয়োজন নাই ৷ আজিৰ যুগত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিয়ো বৃহৎ লবীকেন্দ্ৰিক স্বাৰ্থত চলে ৷ নহ'লে মধ্য প্ৰচ্যৰ দৰে অঞ্চলত দিনে নিশাই বোমা-বাৰুদৰ খেলা নহ'ল হ'য় ৷ যিমান পাৰে পৃথক ৰাজ্যৰ আন্দোলনে নিজৰ স্হিতিঅৱস্হা হেৰুৱাব নালাগে ৷ বড়োসকলক ঘনচিৰিকাৰ খোজৰ দৰে আন্দোলনৰ ধাৰা নালাগে ৷ কেৱল দিল্লীক বুজাই দিয়াৰ প্ৰয়োজন যে বড়োসকলৰ অধিকাৰৰ বাবে তেওঁলোকে নিজেই বড়োসকলৰ ওচৰত আহিবলৈ বাধ্য হ'ব লাগিব ৷ দিল্লীলৈ আন্দোলনৰ বাবে যাবৰ প্ৰয়োজন নাই ৷ অসমতেই বড়োসকলে পৃথক ৰাজ্যৰ প্ৰতিবাদী আন্দোলন সু-শৃংখলিত ৰূপত অধিক জবৰদস্ত কৈ গঢ়ি তোলক যাতে সৰ্বসাধাৰণৰ সকলো স্তৰৰ সকলোলোকে এনে প্ৰতিবাদী আন্দোলনত জপিয়াই পৰাকৈ সহজ হ'য় ৷ সমগ্ৰ অসম ব্যাপি চলক পৃথক বড়োৰাজ্য আন্দোলনৰ প্ৰতিবাদৰ ধাৰা ৷ বাৰিষা বুৰলুংবুথুৰৰ দৰে বাঢ়ক বড়োলেণ্ডৰ গণতান্ত্ৰিক আন্দোলন ৷ তেতিয়া এই আন্দোলনে এটা মজবুত স্হিতি লাভ কৰিব ৷ দিল্লীলৈ যোৱা খৰচসমূহ জাতি নিৰ্মাণত খৰচ কৰক ৷
Dada, Apunar Likha protitu kothai hosa.. Khub val lagil apuni ji dore gutai kothakhini hanguri loi bislekhon tu dile.. Agoloiu anekua val kothabur porhibo pam buli akha rakhilu. Dhoinyobad.
ReplyDeleteThanks for your helpful comment...
DeleteThanks for your helpful comment...
Delete