জাতীয় অৰ্থনীতিঃ নিৰ্ভৰশীলতা আৰু সুৰক্ষা
আধুনিক বিশ্বৰ বজাৰৰ অৰ্থনীতিয় ৰেহ-ৰূপ আমি ফেচবুকত নাপাও ৷ অৰ্থাৎ অসমৰ সাধাৰণ লোকৰ লগতে বিদ্বত সমাজৰ মাজতো অৰ্থনীতি, ব্যৱসায় সম্পৰ্কীয় নীতি নিয়মৰ ক্ষেত্ৰত থকা পৰ্যাপ্ত জ্ঞান শূন্য ৷ থাকিবই ক'ত ? অৰ্থনীতিত ৰাজনীতিৰ দৰে কূতনীতিৰ খেলা-ধূলা নাই ৷ আছে কায়িক নীতি আৰু নিয়ম ৷ বাণিজ্যত কূতনীতি নচলে ৷ বাণিজ্যৰ কাৰণে সদায়ে গ্ৰাহকৰ ওপৰত কৌশলী দৃষ্টিভংগী প্ৰয়োগ কৰিব লগা হ'য়৷ সমাগ্ৰী মানুহৰ প্ৰয়োজন আৰু চাহিদাৰ ওপৰত নিৰ্ভৰশীল৷ তদুপৰি বহু ক্ষেত্ৰত বস্তু মানুহৰ পছন্দৰ ওপৰটো প্ৰয়োজন ৷
বৃটিছ গ'ল৷ বহু আধুনিক আহিলা থাকি গ'ল ৷ কিন্তু যোৱা এশ বছৰৰ ভিতৰত অসমৰ দৰে চাহিদা আৰু আৰু প্ৰয়োজন থকা বিশাল ক্ষেত্ৰখনত নিজৰ প্ৰয়োজন আৰু চাহিদাক পূৰণ কৰিব পৰা ক্ষমতাৰ আধুনিক কাৰিকৰি উদ্ভাৱনী শক্তিধৰৰ জন্ম নহ'ল৷ কিয় নহ'ল তাৰ বিচাৰ আজিও হোৱা নাই ৷ অনাগত দিনতো হ'য়তো নহ'ব ৷
প্ৰয়োজন আৰু চাহিদা আহৰণ কৰা ক্ষেত্ৰখন হ'ল বজাৰ ৷ ই অৰ্থনীতিৰ স্বৰ্গস্হল ৷ এই স্বৰ্গস্হলত থাকে দেৱতা সকল ৷ এই দেৱতাসকলেই সংসাৰৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰে ৷ সেই গুৰুত্বপূৰ্ণ দায়িত্ব লোৱাসকলেই হ'ল সদাগৰ বা ব্যৱসায়ীসকল ৷ ব্যৱসায়ীৰ পৰাই সমাজ আৰু মানুহৰ কল্যাণৰ প্ৰয়োজনীয় অৰ্থ এক তৃতীয়া অংশ ধন জাতীয় অৰ্থনীতিলৈ যোগান আহে ৷ থলুৱা বজাৰ ব্যৱস্হাক অধিক বজবুট নকৰিলে জাতীয় অৰ্থনৈতিক ৰূপটো পৰম্পৰাগত স্তৰতে থাকিব যাব ৷ যাৰ ফলত ঘৰুৱা অৰ্থনীতিৰ ক্ষেত্ৰখন আন বহিঃৰাজ্যৰ বণিয়াৰ হাতত নিগাজিকৈ থাকি যোৱাৰ সম্ভাৱনাই অধিক ৷
আজিৰ সমাজ, ব্যক্তি আৰু সম্প্ৰদায় অৰ্থনীতিৰ মূল্যৰ ওপৰত নিৰ্ভৰশীল ৷ অৰ্থাৎ আপোনাৰ, মোৰ সুৰক্ষাৰ দায়িত্ব বহন কৰে অৰ্থনীতিৰ ক্ষেত্ৰৰ পৰা আহৰণ কৰা মূল্যই ৷ অৰ্থই আজি সৰ্বস্ব আৰু সৰ্বস্বগ্ৰহণযোগ্য ৷ এখন দেশৰ সামৰিক কৌশল উদ্ভাৱন, আমদানি-ৰপ্তানি কৰাকে ধৰি আপোনাৰ দাঁত মজা টুথপেষ্ট লৈকে সকলোতে বহন হ'য় অৰ্থ ৷ এটা ডাক টিকট আপুনি বিনা মূল্যত ক্ৰয় কৰিব নোৱাৰে নতুবা ডাক টিকটো বিনা মূল্যত তৈয়াৰ কৰিব পৰা নাযায় ৷
বৃটিছ সম্ৰাজ্য এদিনতে গঢ়ি উঠা নাছিল ৷ চীনা সমাজতান্ত্ৰিক ভেঁটিও এদিনত ঠন ধৰি উঠা নাছিল ৷ বৃটিছ সম্ৰাজ্য গঢ়িবলৈ বৃটিছে মছঁলা বেছিবলৈ সাগৰত নাও মেলি দিছিল ৷ প্ৰথমেই তেওঁলোকে মছঁলা বিক্ৰীৰে সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰিছিল ৷ ব্যৱসায়ৰ বাবে প্ৰতিদ্বন্দ্বিৰ লগত সমৰত লিপ্ত হৈছিল ৷ পাছত সুযোগ-সুবিধা গ্ৰহণ কৰি বিদেশী ৰাজ্য শাসন কৰি ধন-সম্পতি গঢ়ি তুলিছিল ৷ বৃটিছে দেশ কাঢ়িছিল শাসনৰ জৰিয়তে বজাৰ দখল কৰিবলৈ ৷ যাতে ব্যৱসায়ৰ লাভাংক্ষৰ পূৰ্ণ শতাংশই তেওলোকৰ হাতত সুৰক্ষিত থাকে ৷ বৃটিছ সম্ৰাজ্যৰ বেলি উদয় হৈছিল মছলা বিক্ৰী কৰা ব্যৱসায়ৰে ৷ সেই বেলি আজিও মাৰ যোৱা নাই ৷
জাতীয় ঐতিৰ্য্য লোক-কথা, পৰম্পৰা নতুবা লোক-গাঁঠাত প্ৰতিফলিত নহ'য় ৷ এই লোক-কৃষ্টিয় উপাদানসমূহ কোনো জাতিৰ জীৱন-প্ৰণালীৰ অলংকাৰহে ৷ কোনো জাতিয়ে আদিম ধাৰণত কোনো বিষয়ত সংগঠিত ভাৱে কৰা সামাজিক উৎসৱ ৷ জাতীয় ঐতিহ্য প্ৰতিফলিত হ'য় কোনো জাতিয়ে শিক্ষা আৰু কৰ্মৰে আহৰণ কৰা মজবুট অৰ্থনৈতিক স্হিতিত ৷ যাৰ জৰিয়তে জীৱন, সমাজ আৰু সম্পদ সুৰক্ষা নিশ্চিত কৰিব পাৰি ৷ যেতিয়া জীৱন, সমাজ আৰু সম্পদ সুৰক্ষিত থাকে তেতিয়া জনজীৱনৰ সাংস্কৃতিক অলংকাৰ আপুনা-আপুনি জিলিকি উঠে ৷
বাণিজ্য বা ব্যৱসায় কৰাটো পূজিপতি হোৱা নুসূচায় ৷ ঘৰুৱা অৰ্থনীতি পৰিচালনা আৰু নিয়ন্ত্ৰিত কৰাটোও কোনো পূজিপতি চৰিত্ৰ নহ'য় ৷ পূজিপতি সেইয়াক কোৱা হ'য় যিয়ে আন ভৌগলিক ক্ষেত্ৰৰ অৰ্থনৈতিক স্হিতি আৰু অধিকাৰক বলপূৰ্বক শোষণ কৰে, নিয়ন্ত্ৰিত কৰে ৷ এই দৃষ্টিত চাবলৈ গ'লে অসমৰ মানুহৰ অৰ্থনৈতিক অধিকাৰ বা জাতীয় অৰ্থনীতিৰ মূল চাবি কাঠি নিয়ন্ত্ৰিত হৈ আছে বহি বণিয়াৰ হাতত ৷ অৰ্থাৎ ঘৰুৱা বণিয়াৰ নিলিপ্ত ভুমিকা, ঘৰুৱা অৰ্থনীতিৰ ক্ষেত্ৰৰ প্ৰতি ৰাজ্য চৰকাৰ কিম্বা প্ৰশাসনৰ সম্পূৰ্ণ উদাসীন মনোভাৱ, বাণিজ্যৰ ক্ষেত্ৰত থকা বংশগত চৰিত্ৰৰ বাধায়ে ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ নিয়ন্ত্ৰণ আন লোকৰ হাতলৈ ইতিমধ্যে গুছি গ'ল ৷ এটা কথা সত্য যে ৮০ দশকত হোৱা ৰাজনৈতিক ছাত্ৰ আন্দোলনে অসমৰ মাটিত নিগাজীকৈ বহিঃবণিয়াক অৰ্থনৈতিক ভেঁটি গঢ়াত বহু সহায় কৰিছিল ৷
অসম এতিয়াও ৰাজনৈতিক আন্দোলনৰ স্পৰ্শকাতৰ ৰাজ্য ৷ স্বয়ং ঘৰুৱা শাসক শ্ৰেণীৰ অপৰিপ্পক ৰাজনীতি, নেতাসমূহৰ অদুৰদৰ্শী ধ্যান-ধাৰণা মুলতঃ জাতীয় অৰ্থনীতি উত্থানৰ অন্তৰায় ৷ তাতে বিশ্বৰ মুকলি অৰ্থনীতি ব্যৱস্হাই অসমৰ জাতীয় অৰ্থনীতিক আৰু অধিক শংকাৰ মাজলৈ ঠেলি দিলে ৷ অৰ্থনৈতিক অনিশ্চয়তাৰ মুখলৈ অসমীয়াক লৈ যোৱা হ'ল ৷ আঁচৰিত যে দুই শতাংশ অসমীয়া ব্যৱসায়ীয়ে বিশ্ব বজাৰ নালাগে স্বয়ং ভাৰতীয় বজাৰেই দখল কৰিব পৰা ক্ষমতা নাই ৷ তেনে ক্ষেত্ৰত জাতীয় অৰ্থনীতিক দুই শতাংশ অসমীয়া ব্যৱসায়ীয়ে কেনেকৈ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব? চাউলৰ পৰা হালধি লৈকে ৰাজ্যই সকলো বস্তুৰ বাবে আনৰ ওপৰতেই নিৰ্ভৰ কৰি আহিব লগা হ'য় ৷
সামগ্ৰী বয়কটৰ দৰে গণতান্ত্ৰিক কাৰ্য্যয়েও এতিয়াৰ মুক্ত ব্যৱসায়ক প্ৰত্যাহ্বান জনাব নোৱাৰে ৷ গান্ধীৰ বয়কটৰ পন্থা আজিৰ প্ৰচলিত নব্য উদাৰীকৰণ বাণিজ্য ব্যৱস্হাক বাধা দিয়াৰ সামৰ্থক লৈ সন্দেহ আছে ৷ বয়কটে মুক্ত অৰ্থনীতিক আজিৰ তাৰিখত ঢুকি নাপাব ৷ সামগ্ৰী বয়কটে জাতীয় অৰ্থনীতিকো পুনৰুদ্ধাৰ কৰিব নোৱাৰে ৷ এখন দেশৰ লগত সিখন দেশৰ সৈতে আজিকালি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক চুক্তি, বিনিয়োজনৰ চুক্তি থাকে ৷ এনে চুক্তি মুক্ত অৰ্থনীতি আওতাত ৷ নিজৰ দেশত আন দেশক ব্যৱসায়-বাণিজ্য কৰাত বাধা আৰোপ কোনেও কৰিব নোৱাৰে৷ ই আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতিৰ পৰিপন্থী ৷ বৰং বহু দেশে নিজৰ দেশত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী বিচাৰি বাণিজ্যিক সন্মিলন অনুষ্ঠিত কৰা দেখা যায় ৷ নকলেও হ'য় যে বৰ্তমান বাণিজ্যৰ উত্থান বিজ্ঞাপনৰ ভেঁটিত আধাৰিত ৷ নব্য প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত সলনি হৈছে বজাৰৰ সংজ্ঞা ৷ অৰ্থনীতিৰ স্হিতি ঘনাই সলনি হ'য় বিশ্ব ব্যৱসায়ত ৷ উৎপাদন আৰু চাহিদা দিনক দিনে বাঢ়িব ধৰিছে ৷ মানুহৰ মাজত বাঢ়িছে ভোগ ক্ষমতা৷
অসমে জাতীয় অৰ্থনীতিৰ ভেঁটি মজবুট কৰিবলৈ প্ৰযুক্তি আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান স্হাপনক প্ৰথমেই আগস্হান দিব লাগিব ৷ ৰাজ্য চৰকাৰৰ উদ্যোগ নীতিয়ে ঘৰুৱা কৃষক আৰু উদ্যামি যুৱক-যুৱতীক উপযুক্ত সকলো সুযোগ আৰু সুবিধা আগবঢ়াব লাগিব ৷ চৰকাৰে শিক্ষা আৰু স্বাস্হ্যৰ পাছতে কৃষিখণ্ড আৰু স্বাস্হ্যখণ্ডক আটাইতকৈ গুৰুত্ব দিয়া প্ৰয়োজন আছে ৷ তদুপৰি ৰাজ্যখনত কাঠফলাৰ দৰে বাঢ়ি অহা জাতীয়তাবাদী দল-সংগঠনৰ মতাদৰ্শহীন বিশৃংখল নেৰানেপেৰা আন্দোলন আৰু অ-সংগঠিত তীব্ৰ প্ৰতিষ্ঠানিক প্ৰতিবাদৰ নামত বহু যুৱকৰ সময় আৰু কৰ্ম নষ্ট এই অসমত হ'য় ৷ উপযুক্ত বিচাৰধাৰ অবিহনে ঘনাই আন্দোলন মুখী হোৱা প্ৰৱণতাই কৃষি আৰু উদ্যোগ খণ্ডত কৰ্মী অৰু শ্ৰমিকৰ অভাৱ ঘটে ৷
প্ৰযুক্তি আৰু কাৰিকৰি শিক্ষাৰে উদ্ভাৱনী শক্তি উপয়োগ কৰিব নোৱাৰিলে, উদ্ভাৱন আৰু বিক্ৰীৰে বিশাল বাণিজ্যিক ক্ষেত্ৰত নামি নপৰিলে, কৃষি খণ্ডৰ বিকাশৰ লগতে উৎপাদন ক্ষমতা বৃদ্ধি নকৰালে জাতীয় অৰ্থনীতি মজবুট হোৱাটো অৰ্থহীন ৷ অকল বিদেশী বিনিয়োগকাৰীৰ হাততেই জাতীয় অৰ্থনৈতিক ভেঁটি টনকীয়াল যে হৈ উঠিব সেইটো আশা কৰিব পৰা নাযায় ৷ প্ৰথমেই ৰাজ্যত প্ৰয়োজনীয় খাদ্যজাত সামগ্ৰীৰ উৎপান, তাৰ সংৰক্ষণৰ আৰু সংসাধনৰ উপযুক্ত ব্যৱস্হাৰে ৰাজ্যলৈ আমদানিৰ পৰিমাণ ৰুধ কৰিব লাগিব ৷ অসমৰ পৰা ৰপ্তানি হোৱা কেঁচামাল ঠাইতে শোধন কৰা ব্যৱস্হা বাবে উপযুক্ত উদ্যোগ স্হাপন অত্যন্ত জৰুৰী৷ তেতিয়া অন্তত ঘূঁণে ধৰা জাতীয় অৰ্থনীতি মজবুট হোৱাৰ এটা আশা আছে ৷
Comments
Post a Comment