পৃথক বড়োলেণ্ডঃ বড়ো কৃষক সাজু হওঁক



   প্ৰকৃতিৰ পৰা আহৰণ কৰা খাদ্যৰ বিকল্প বিজ্ঞানে দিব নোৱাৰে ৷ সেয়ে আমি আমাৰ জীৱনৰ দৈনিন্দন প্ৰয়োজন হোৱা আহাৰসমূহ প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ বা আহৰণ কৰি আহিব লাগিব ৷ এই নিৰ্ভৰ ধাৰা যুগ যুগলৈ চলি থাকিব ৷ প্ৰকৃতিৰ পৰা উৎপন্ন আহাৰৰ আকাৰ বা সোৱাদ বিজ্ঞানে অৱশ্যেই সলাব পাৰিব কিন্তু বিজ্ঞানে স্বয়ং জীৱ-জন্তুৰ আহাৰ প্ৰস্তুত কৰিব নোৱাৰে ৷ বিজ্ঞানৰ দুৰ্বলা তাতেই ৷ মানুহ জীয়াই থাকিবৰ বাবে প্ৰয়োজন হোৱা আহাৰ প্ৰকৃতিৰ বুকুত অনেক লুকাই আছে ৷ মানুহে ইয়াত কেৱল শ্ৰম প্ৰয়োগ কৰিলেই হ'ল ৷ প্ৰকৃতিয়ে নিজৰ বুকু উজাৰী ফচল দিবলৈ সদা প্ৰস্তুত ৷ কিন্তু যেতিয়ালৈকে প্ৰকৃতিৰ বুকু উদং কৰি মানুহে কৃত্ৰিম আহাৰ অৰ্থাৎ বিজ্ঞানে প্ৰকৃতিৰ অবিহনে প্ৰস্তুত কৰা আহাৰ বিচাৰিব তেতিয়াই মানুহৰ নিজৰ অস্তিত্ব ধ্বংসৰ দুৱাৰখন আপোনা আপুনি খুলি যাব ৷

   আহাৰো ৰাজনীতি ৷ আহাৰ অবিহনে আপুনি আপোনাৰ অস্তিত্বৰ কথা ভাৱিব নোৱাৰে ৷ আহাৰক লৈয়ে দেশে দেশে মানুহ ইঠাইৰ পৰা সিঠাইলৈ প্ৰৱজিত হৈ আছে ৷ আহাৰৰ বাবেই দেশ সৃষ্টি হৈছে, দেশ ধ্বংস হৈছে ৷ আহাৰৰ বাবেই মানুহে যুদ্ধত লিপ্ত হৈছে ৷ আহাৰৰ বাবেই মানুহে মানুহক ধ্বংস কৰিছে ৷ আহাৰেই সভ্যতা ৷ আহাৰেই জীৱকুলৰ বংশ বৃদ্ধি নিয়ন্ত্ৰণ কৰিছে ৷ আহাৰ শক্তি ৷ আহাৰ পৰিচয় ৷ সেয়ে আহাৰৰ বাবে এখন ভৌগলিক ঠাইৰ আটাইতকৈ শক্তিশালী অৱস্হানটো কৃষি কৰ্মত নিৰ্ভৰশীল ৷ কৃষিৰ দ্বাৰাহে শক্তিশালী হ'য় মানুহ, শক্তিশালী হ'য় ৰাষ্ট্ৰ ৷ আহাৰৰ পুষ্টি আৰু সুষমতাহে মানুহৰ শৰীৰ আৰু মগজু বিকাশ হ'য় ৷ আৰু বিকাশিত শৰীৰ আৰু মগজুয়ে অন্বেষণ কৰে বিজ্ঞান ৷

   ওপৰৰ কথাখিনি এই কাৰণেই প্ৰাসংগিক যে তৃতীয় বিশ্বৰ সকলো দেশেই কৃষি কৰ্মৰ ওপৰত এতিয়াও নিৰ্ভৰশীল ৷ এই দেশসমূহত এতিয়াও কৃষি বিপ্লৱ প্ৰাক্ প্ৰাথমিক পৰ্যায়তে আছে ৷ কৃষখণ্ডৰ পয়ালগা অৱস্হাৰ বাবে বিদেশৰ পৰা দৈনিক খাদ্য আমদানী কৰিব লগা হ'য় ৷ ভাৰতৰ দৰে এখন বিশাল দেশে নিজৰ কৃষিখণ্ডত উৎপাদিত খাদ্য শস্য জনসাধাৰণৰ অনুপাতে পূৰণ কৰিব নোৱাৰি বাহিৰা দেশৰ পৰা খাদ্য শস্য আমদানি এতিয়াও কৰিব লগা হ'য় ৷ দেশৰ জনতা আৰু ৰাষ্ট্ৰ বাবে এয়া দুঃখজনক কথা ৷ ভাৰতৰ দৰে দেশৰ কৃষকে এতিয়াও পৰম্পৰাগত কৃষি পদ্ধতিৰে খাদ্য শস্য উৎপাদন কৰি এটা স্তৰতে থমকি যাব লগা হৈছে ৷ ইয়াৰ বিপৰীতে ফিলিপাইনচ, থাইলেণ্ড, ভিয়েটনাম অৰু কম্বোডিয়া আদি চতুৰ্থ বিশ্বৰ দেশৰ কৃষকে নিজৰ কৃষিখণ্ডত লাহেকৈ বৈপ্লৱীক পৰিবৰ্তনৰে ভাৰতৰ কৃষকৰ সমানে আগবাঢ়িব পৰা হ'ল ৷ অনুন্নত দেশৰ কৃষকে কৃষি অৰ্থনীতিত সবল ভুমিকা যেতিয়া ল'ব পাৰে তেতিয়া ভাৰতৰ বড়োসকলেও নিজৰ পৃথক ৰাজ্যৰ বাবে কৃষি বিপ্লৱৰে নিজকে প্ৰস্তুত কৰিবৰ সময় হ'ল ৷

   ভাৰতবৰ্ষৰ উত্তৰ পূৱৰ ৰাজনীতিত এই দশকৰ শেষৰ ফালে আৰু এখন নতুন ৰাজ্য গঠন হোৱাৰ ইংগিত পূৰ্ণমাত্ৰাই বহন কৰিছে ৷ সেয়া হ'ল পৃথক বড়োলেণ্ড ৷ বড়োসকলৰ দীৰ্ঘদিনীয়া আন্দোলনৰ ফলশ্ৰুতিত অসমৰ ৰাজনীতিত ইতিহাস হৈ এখন পৃথক বড়োৰাজ্য যে গঠন নহ'ব তাত অকনো সন্দেহ নাই ৷ অসমৰ আদিম অধিবাসী বড়োসকলে ভুমিপুত্ৰ জনজাতি হিচাপে নিজৰ ঠাইতে দেশৰ কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ পৰা অৱহেলিত হৈ ভুমি অধিকাৰকে ধৰি ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰৰ পৰা সাতটা দশক বঞ্চিত আৰু শোষিত ৷ আদিম ভুমিপুত্ৰ হিচাপে বড়োসকলে নিজৰ ঠাইতে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে অহৰহ সংগ্ৰাম কৰিব লগা হোৱা পৰিতাপৰ বিষয় ৷ অতি শান্তিপ্ৰিয় বড়ো জনজাতিৰ সংবিধানকৃত অধিকাৰসমূহ অসমৰ ৰাজনৈতিক নেতৃত্ববৃন্দই জন্মলগ্নৰ পৰাই চলে বলে কৌশলে কুক্ষিগত কৰি বড়ো জাতিক চৰ্তুদিশৰ পৰা শোষণ চলাই আহিছে ৷ ঐহিসাহিক ভিত্তি নোহোৱাকৈ চৰম জাত্যভিমানী অহংকাৰে অসমক শাসন কৰি অহা উগ্ৰ জাতিয়তাবাদী অসমীয়া ৰাজনীতিকে কাষতে থকা বড়োসকলক তুচ্ছ্য তাচিল্যৰে বৈষম্য কৰি অহাৰ লগতে ৰাজনৈতিক ভাৱে কেতিয়াও মুৰ দাঙিবলৈ দিয়া নাই ৷ তেওঁলোকৰ লগতে সমানে বড়োসকলক আগুৱাবলৈ দিয়া হোৱা নাই ৷ বৰঞ্চ বড়োসকলে গণতান্ত্ৰিক ভাৱে নিজৰ সংবিধানকৃত অধিকাৰ বিচাৰিব যাওতে অসমীয়া ৰাজনৈতিক শাসকবৰ্গ আৰু অসমীয়া প্ৰশাসনে হাজাৰ হাজাৰ নিৰস্ত্ৰ বড়ো যুৱকক হত্যা, অত্যাচাৰ কৰি পংগু কৰি দিছে ৷ সেই শাসকবৰ্গই বড়োসকলৰ ন্যৰ্য্য দাবীৰ কণ্ঠ চিৰ দিনৰ বাবে ৰুদ্ধ কৰি নিজৰ প্ৰভুত্ব বজাই ৰাখিবলৈ বড়োসকলৰ ওপৰত সামৰিক বাহিনিৰে ৰাষ্ট্ৰসন্ত্ৰস চলাই শ শ বড়ো যুৱতীৰ মান-সন্মান তথা জীৱন ধ্বংসৰে বড়োসকলক নিঃশেষ কৰা পৰিকল্পনা এতিয়াও বিদ্যামান ৷

    অসমৰ ভুমিৰ ভুমিস্বত্ব আদিম অদিবাসী ভুমিপুত্ৰ বড়োসকলৰ হাততেই ৷ এই কথাটো প্ৰৱজিত শাসক শ্ৰেণীৰ জাতিয়ে বুজিব কেনেকৈ? কেনেকৈ বুজিব আজি এই একৈশ শতিকাটো ধৰ্মীয় পৰিচয় বহন কৰা সম্প্ৰদায়ে জনজাতিৰ ভুমিত নিৰবিচিন্ন অবৈধ প্ৰৱজনৰে ভৌগোলিক অৱস্হিতি, জনসংখ্যাৰ গাঠনি, ৰাজনীতিৰ সমীকৰণ, ভাষাৰ অস্তিত্ব আৰু থলুৱাৰ অধিকাৰ নিঃশেষ কৰিব? উচ্চ জাত্যভিমানৰ অহংকাৰত বৰ অসমৰ নিৰ্মাতা জাতিয়ে অসমৰ জনজাতীয় লোকৰ সহজ-সৰল চৰিত্ৰৰ সুযোগ লৈ শাসনৰ নামত শোষণ কৰি অহা সকলে এতিয়া ভুমিৰ ভুমিস্বত্ব নিজৰ কৰিবলৈ উচ্চ জাতিৰ পৰা নিম্ন জাতিলৈ স্হানান্তৰ অধিকাৰ বিচাৰিছে ৷ অসমৰ পৰম্পৰাগত শাসকে নিজৰ জাতিগত পৰিচয়ক ঐতিহাসিক পৰিচয়লৈ স্হানান্তৰিতা কৰিব খোজাটো কিন্তু ভুমিপুত্ৰ জনজাতিৰ অধিকাৰক আৰু অধিক ক্ষতি নকৰিব যে তাত অকনো সন্দেহ নাই ৷ কাৰণ তেওঁলোকেই পূৰ্ৱে ক্ষমতাৰ ৰাগিত কৌনৌজী ভাৰত চৰকাৰৰ ভৰিত মূৰ দুৱাই উচ্চ শ্ৰেণীৰ আসন লৈ অসম শাসন কৰিছিল ৷ ইতিহাসৰ আগেও, ইতিহাসৰ পাছেও ৷ ৰাজনৈতিক আকাংক্ষা আৰু শাসনৰ তাগিদাতে পাহৰি গৈছিল এই অসমৰ ভুমিপুত্ৰৰ ভুমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ আৰু অৰ্থনৈতিক অধিকাৰসমূহ ৷ আশী দশকৰ তেওঁলোকৰ চেতনাই যেতিয়া ৰাজপাট ললে তেতিয়াই এই জনজাতিৰ ভুখণ্ড ভুমিস্বত্ব নিজৰ শাসনৰ সুবিধাৰ্থে প্ৰয়োগ দুগুণ কৰিলে ৷ তেওঁলোকৰ সংঘবদ্ধ চেতনা যদিও বিদেশীহে মূল লক্ষ্য আছিল কিন্তু ইয়াৰ আৰৰ উদ্দেশ্য ভুমিপুত্ৰক ভুমিহীন কৰা এক বৃহৎ চক্ৰান্তহে আছিল ৷ নহলে জনজাতিৰ আৱেষ্টনিকৃত আজিৰ সমগ্ৰ গুৱাহাটীখন বহিঃৰাজ্যৰ বণিক আৰু অজনজাতীয় দেশী-বিদেশী প্ৰবজনকাৰীয়ে ভৰি নপৰিল হ'য় ৷ তদুপৰি তেওঁলোকৰ জাতীয়তাবাদীয়ে বৰ অসমৰ নামত কৰা দীৰ্ঘ শাসনে সংবিধানৰ সকলো পৰম্পৰা ভৰিৰে গচকি ভুমিপুত্ৰসকলৰ সংৰক্ষিত বেল্ট আৰু ব্ল'ক সমূহ অজি অবৈধ লোকে কাঢ়ি লবলৈ সক্ষম নহ'ল হ'য় ৷ অসমৰ ভুমিপুত্ৰ ভুমি অধিকাৰ কাঢ়ি ৰং চোৱা তেওঁলোকৰ "সমন্বয়" চৰিত্ৰৰ এয়াই উদাহৰণ ৷

   সেয়ে সময় সমাগত ৷ নিজৰ প্ৰাপ্য অধিকাৰ অসমৰ শোষণকাৰী শাসকৰ পৰা কাঢ়ি আনিবলৈ ৷ আনে কুক্ষিগত কৰা ভুমিৰ অধিকাৰ বড়োসকলে হস্তগত কৰিবলৈ সময় আহি পালে ৷ নিজৰ অধিকাৰ হস্তগত কৰা আজিৰ গণতান্ত্ৰিক ধাৰা প্ৰত্যেকজন বড়োফিচাই ধৰি ৰাখি নিজৰ জাতিক এক সবল জাতিসত্বাৰ ফালে নিব লাগিব ৷ জাতিটোৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰত্যেকজন বড়োফিচাই সমাজৰ আৱৰ্জনা আঁতৰাই ৰাজনীতি, অৰ্থনীতি, সমাজনীতি, কূটনীতি কৰাৰ লগতে শিক্ষা-দীক্ষা, শিল্প-বাণিজ্য,কলা-কৃষ্টি, বিজ্ঞান-প্ৰযুক্তি, কলা-ক্ৰীড়াৰ ওপৰিও কৃষি বিকাশ কাম তৰিৎ গতিৰে সম্পাদন কৰিব লাগিব ৷ বড়োলেণ্ডৰ উৰ্বৰ কৃষিভুমিক সেউজী আৰু সোণালী কৰিবলৈ বড়ো কৃষক সন্তাসকলে নিজকে অংঙ্গীকাৰ কৰিব লাগিব ৷ এক সেউজী বিপ্লৱৰ জৰিয়তে বড়োৰাজ্যৰ আত্মাক সন্মান জনাবলৈ বড়ো কৃষকে নিজকে প্ৰস্তোত কৰিবৰ হওক ৷ নহলে জাতিৰ মুক্তিৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া বীৰ বড়োফিচাসকলৰ সংগ্ৰামী সত্বা অথলে যাব ৷

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ