হৰিণমাৰাঃ জনজাতিৰ অস্তিত্বৰ ভাবুকি

ভুবন বড়ো,
শিৱসাগৰ
   হৰিণমাৰা, ধুবুৰী ৷ প্ৰায় ৬০ ঘৰ জনজাতিয় মানুহ ৷ মানুহ কেইঘৰ কোনো দলিত নাছিল ৷ নাছিল হিন্দু সনাতন ধৰ্ম পালন কৰা বৰ্ণধাৰী ৷ অছিল কেৱল এটা পৰিচয়, ভুমিপুত্ৰ গাৰো জনজাতি হিচাপে ৷ অসমৰ ধুবুৰী জিলাৰ হৰিণমাৰা কেৱল জনজাতিয় গাৰো পৰিচয় আছিল ৷ তেওঁলোক অসমীয়া নাছিল ৷ নাছিল বাবে আন এটা সম্প্ৰদায়ৰ পৰা নিৰৱে হসিছিল নিৰ্যাতন ৷ অসমীয়া নাছিল বাবে আজি গৃহহীন জনজাতিকেইজনৰ ন্যায় আৰু অধিকাৰৰ বাবে কোনো অসমীয়াই তওঁলোকৰ হৈ প্ৰশ্ন উত্থাপন কৰা নাই ৷ শেষত নিজৰ আপোন গাওঁখনৰ আপোন ঘৰ-বাৰী, পোহনীয়া জীৱ-জন্তু এৰি দিব লগা হ'ল ৷ উৎখাত হ'ল এখন জনজাতি গাওঁ ৷ কাল আৰু এখিনি নিষ্ঠুৰ মানুহৰ হাতোৰাত হেৰাই গ'ল এখিনি ভুমিপুত্ৰ, এখন নদন-বদন জনজাতীয় গাওঁ ৷ হেৰাই গ'ল এটা পৰিচয়…
   গওঁখন আৰু মানুহখিনি হেৰাই যোৱাত আমি তিলমানো ধৰ্মীয় স্হূল নিবিচাৰো ৷ নিবিচাৰো ধৰ্মীয় ৰাজনীতি ৷ কিন্তু এটা কথা অৱশ্যেই আমি এৰি নিদিম, কেতিয়াও মানি নলম হাজাৰৰোধিক কাল এইখন অসমৰ বুকুত বসবাস কৰা যিকোনো এজন ভুমিপুত্ৰই নিজৰ সৰ্বস্ব অধিকাৰ হেৰুৱা কথাটো ৷ আজি এপদ কালি এপদ কৈ অসমৰ প্ৰতিজন ভুমিপুত্ৰৰ নিজৰ মাটিৰ অধিকাৰ, পানীৰ অধিকাৰ, মৌলিক অধিকাৰ কাঢ়ি কাঢ়ি জনজাতিৰ অস্তিত্বই নিশেষ কৰিব বিচৰা হৈছে ইতিমধ্যে ৷ এখিনি জনজাতি মানুহ নিমিষতে ঘৰ-বাৰী-মাটি হেৰুৱাই সৰ্বস্ব হেৰুৱা বিষয়টো আজি অসমীয়াই গৌৰৱবোধ কৰি হেলাৰঙে চাই থকা আমি আজিয়ে প্ৰত্যক্ষ কৰা নাই ৷ তদুপৰি অসমৰ সচেতন তথা সুধী মুছলমানসকলেওঁ অসমৰ ভুমিপুত্ৰ জনগোষ্ঠীসমূহে অস্তিত্ব হেৰুৱা বিষয়টোত মন কান নিদি চকু মুদি হাত সাবতি বহি থাকিলে আমি জনজাতিয়েওঁ কথাবোৰ এক অন্য ধৰণে ভাৱিবলৈ বাধ্য হ'ম… ৷
   অসমৰ প্ৰতিজন জনজাতিলৈ মোৰ অহ্বান যে অসমৰ জনজাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ওলায় আহক ৷ এই ৰাজ্যৰ চৰকাৰ, অসমীয়া ৰাজনীতিবিদ, প্ৰশাসন কিম্বা অসমীয়া বুদ্ধিজীৱি আদি কোনেওঁ অসমৰ জনজাতীয় সমস্যা, অস্তিত্বৰ প্ৰশ্নৰ বিষয়ত তিলমানো অনুকম্পা নাই(যদিওঁ আছে সেয়া সাময়িক)আৰু নাথাকে ৷ এই কথা সাম্প্ৰতিক অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজৰ আত্মপ্ৰতিষ্ঠা, আত্মৰক্ষাৰ হকে ধাৰাবাহিক আন্দোলন চলাই অহাবোৰেই তাৰ স্পষ্ট প্ৰমাণ ৷ এক সন্মিলিত তথা উমৈহতীয়া ভাৱে জনজাতীয় সমস্যাবোৰক সমাধান কৰিবলৈ আৰু অসমৰ প্ৰতিটো জনগোষ্ঠীৰ আত্মপ্ৰতিষ্ঠা, আত্মৰক্ষাৰ কবচ তৈয়াৰ কৰিব লাগিব ৷ এই ক্ষেত্ৰত জনজাতীয় যুৱশক্তি আগধৰি ওলায় আহক…

Comments

Popular posts from this blog

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

জনজাতীয় সমস্যা vs অসমীয়া জাতীয়তাবাদ

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ