অবড়োৰ সংখ্যাগৰিষ্ঠতা আৰু অসমীয়াবাদীতা
সময়ে সময়ে বিটিএডিক অতি স্পৰ্শকাতৰ কৰি তোলা বিষয়টোৱেই হ'ল "অবড়ো" বিষয়টো ৷ সম্পূৰ্ণ অসংবিধানিক আৰু যুক্তিহীন ভাৱে "জনজাতিয় ঐক্য মঞ্চ" আৰু "অবড়ো সুৰক্ষা মঞ্চ" নামৰ দুটা পাবত গজা বড়ো বিৰুধী সংগঠনে বিটিএডি পৰিষদ ভংগৰ দাবীৰে বিটিচি প্ৰশাসনক এক প্ৰকাৰ অস্হিৰ কৰি তুলে ৷ এইটো ক'বলৈ বাকী নাই যে এই সংগঠন দুটাৰ ভিত্তিয়েই হ'ল জনজাতি বিৰুধী ৷ জনজাতিৰ ন্যাৰ্য প্ৰাপ্তি অধিকাৰক ন্যাসৎ কৰা এই সংগঠনৰ মুল চৰিত্ৰ আৰু লক্ষ্য ৷ বৰ্ণবাদী অসমীয়াৰ মদতপুষ্ট এই সংগঠন দুটাই অসংবিধানিক ভাৱে বিটিএডি পৰিষদ ভংগৰ দাবি তুলি ভাৰতীয় সংবিধান আৰু বড়োসকলৰ অধিকাৰত চৰম আঘাত কৰিছে ৷ একপ্ৰকাৰ বৰ্ণবাদী অসমীয়াৰ চতুৰ পৰিকল্পনৰে এই বড়ো বিৰুধী সংগঠন দুটাই সমগ্ৰ দেশত বিটিএডি কলেই কেৱল বড়োসকল বুলি ধৰি লোৱা এটা ধাৰণাক ইতিমধ্যেই জন্ম দিবলৈ সক্ষম হৈছে ৷ তেওঁলোকৰ এনে কাৰ্য্যই ভাৰতীয় নিৰপেক্ষতাক উলংঘা কৰাই নহ'য়, তেওঁলোকে সকলো জাতি-জনগোষ্ঠীৰ মাজত সম্পূৰ্ণ এক অসহিষ্ণুতা বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে ৷ বিটিএডিত অবড়ো নামধাৰী সংগঠন দুটাই "সংখ্যগুৰু ত্বত্ত"ৰ যি ভিত্তিহীন দাবি তেওঁলোকে অসমৰ মানুহক দেখুৱাব ধৰিছে সেয়া একপ্ৰকাৰ দেশৰ সাৰ্বভৌমত্বত আঘাত কৰি অবৈধ প্ৰৱজনক প্ৰশ্ৰয় দি আহাৰ প্ৰমাণ ৷ স্বয়ং দেশৰ সংবিধানৰ আওতাত প্ৰতিষ্ঠিত বিটিএডি অঞ্চলটো অসম চৰকাৰৰ প্ৰশাসনে বিটিএডি নিৰ্মাণ হোৱাত সক্ৰিয় ভুমিকা লৈছিল ৷ গতিকে বিটিএডি অন্তুভুক্ত অঞ্চলত জনজাতি বাহিৰৰ লোক সংখ্যাত কম হোৱাটো স্বাভাৱিক কথা ৷ তেনে ক্ষেত্ৰত বৰ্তমান অবড়ো সংগঠনে কি ভিত্তিত নিজ সংখ্যাগুৰুৰ দাবী জাহিৰ কৰিছে? তেওঁলোকৰ এনে নাভূত-নাশ্ৰুত দাবীয়ে দেশৰ নিৰাপত্তাৰ দিশৰ বাবে পুনচাতেই সংশয় কঢ়িয়াই আনিছে ৷ কাৰণ বিটিচি প্ৰাপ্ত বছৰৰ পৰা জন্ম হাৰে ধৰিলেও তেওঁলোকৰ জনসংখ্যা বৃদ্ধিত তেনে সংখ্যাগুৰু হোৱাত জটিলতা আছে ৷
এটা আঁচৰিত কথা যে যোৱাটো লোকসভাৰ নিৰ্বাচনৰ পৰাই অবড়ো সংগঠন দুটাই নিজৰ সংখ্যাগুৰু বৃদ্ধিৰ কথাটো কৌশলৰে প্ৰচাৰ কৰি আহিছে ৷ ইয়াৰ কাৰণ নেৰ'মাইণ্ড সাৰ্বভৌম বিচাৰি অৱশেষত ৰাষ্ট্ৰ চোৱা চেলেকিবলৈ বাধ্য হোৱা বড়ো বিৰুধী নেতা জনৈক নৱ কুমাৰ শৰণীয়াই যোৱা লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰকুংশ ভোটত জয়ী হোৱাটোয়ে তেওঁলোকৰ ডাঙৰ অস্ত্ৰ ভাৱি লোৱাটো ৷ শৰণীয়াই স্বয়ং অবড়ো বুলি পৰিচয়ৰে নিজৰ অতিতৰ কু-চৰিত্ৰ লুকুৱাবলৈ কৰা বিথা চেষ্টা ত্যাগ কৰাই শ্ৰেয় ৷ যদি শৰণীয়াই অবড়োয়েই হ'য় তেন্তে জনজাতীয় সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিত কেনেকৈ নিৰ্বাচনত প্ৰতিন্দ্বিতাৰে জয়ী হোৱা অধিকাৰ পালে?
অমায়িক, সৰল সহজ জনজাতি বড়োসকলে জন্মলগ্নৰ পৰাই সহনশীলতা চৰিত্ৰ বহন কৰি আহিছে ৷ আমাৰ শত্ৰুই ইয়াক দুৰ্বলতা ভৱাটো মুৰ্খামি ৷ বড়োসকলৰ সহনশীলতা, নিৰপেক্ষতা, সম-অধিকাৰ আৰু সু-শাসন মানি চলাটো ২০১৪ চনৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ শান্তপ্ৰিয় নিৰ্বাচনেই সুন্দৰকৈ প্ৰকাশ কৰিলে ৷ সম-অধিকাৰ সকলোৰে সন্মানজনক ন্যাৰ্য অধিকাৰ তাকেই প্ৰমাণ কৰিলে বড়োসকলে ৷ পৰম্পৰা ত্যাগ কৰি এজন অন্য জনজাতিৰ লোকক জনজাতিয় লোকসভা সমষ্টিটো বড়োসকলে এৰি দিলে ৷ যদিও নৱ শৰণীয়া অবড়ো(?) হ'য় ৷ তথাপিও বড়োসকলে বৃহৎ ব্যৱধানত সেইগৰাকী অবড়োক নিৰ্বাচনীয় ভোটত জয়ী কৰালে ৷ ভাৰত ৰাষ্ট্ৰৰ শত্ৰু এজনৰ হাতত কোকৰাঝাৰবাসীয়ে বিনা প্ৰতিবাদে গণতান্ত্ৰিকতাক ৰক্ষা কৰি এক সন্মাজনক স্হিতিৰে দিল্লীলৈ পঠিয়ালে ৷ আৰু আজি সেইজনেই ভুমিপুত্ৰ বড়োসকলৰ ন্যাৰ্য্য প্ৰাপ্তি অধিকাৰত চৰমভাৱে আঘাত হনা দেশদ্ৰোহী অবড়োহঁতক ধন-জন দি প্ৰৰোচনা কৰি আহিছে ৷ অবড়ো সংগঠন দুটাই অবৈধ বিদেশী নাগৰিক আমদানীৰে নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সংখ্যাগুৰু দাবী জনাব পৰা হ'ল ৷ নৱ কুমাৰ শৰণীয়া পূৰ্বেও দেশদ্ৰোহী আছিল আৰু এতিয়াও দেশদ্ৰোহী ৷ তেওঁ সাংসদত প্ৰৱেশ কৰা দিনাই দেশৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বত বৃহৎ ভাবুকি ৷ সেইজন সাংসদে সমষ্টিৰ উন্নয়নৰ বাবে লাভ কৰা সমুদায় ধন অবৈধ বিদেশী নাগৰিক আমদানীৰে বড়ো বিৰুধী মিছিলেৰে অসমৰ পৰিস্হিতি অশান্তময় কৰি তুলাত যথেষ্ট সন্দেহ আছে ৷
এই ক্ষেত্ৰত অসম চৰকাৰ তথা বৰ অসমৰ কথা আওৰাই থকা অসমীয়াবাদীয়তা সকলে বড়োবিৰুধী সংগঠনৰ কাৰ্যকলাপ নিচ্চুপেৰে সমৰ্থন তথা প্ৰত্যক্ষদৰ্শী হৈ থকাটো এক লজ্জাৰ বিষয় ৷
Comments
Post a Comment