Posts

বড়োলেণ্ড আন্দোলনঃ প্ৰতিবাদৰ ধাৰা কোন দিশে?

Image
ব্যক্তিগত ভাৱে মই বড়োসকলৰ পৃথক ৰাজ্য "বড়োলেণ্ড" দাবীৰ ঘোৰ অন্ধ সমৰ্থক ৷ পৃথক বড়োলেণ্ড ৰাজ্য সমৰ্থন কৰাৰ বাবে মোৰ ওচৰত যুক্তি আৰু অন্ধত্ব দুয়োটাই মজুত আছে ৷ কথা হ'ল -- পৃথক বড়োৰাজ্য বিচাৰি ধন ভাঙি দিল্লীৰ ভৰিৰ তললৈ  ঢাপলি মেলিব লগা হৈছে কিয় ? দিল্লীত ৰাজ্য বিচাৰিব যাওতে প্ৰতিজন প্ৰতিবাদকাৰীৰ যাতায়ত খৰচৰ বাবদ প্ৰায় ২০০০ হাজাৰ টকা খৰচ হৈছে ৷ এইটো কেৱল আহা-যোৱাৰ খৰচ ৷ বাকী খোৱা-বোৱা খৰচ আছেই ৷ সময়ত ট্ৰেইন নাপালে হোটেলৰ খৰচ আছেই ৷ এনে আন্দোলন এবাৰেই কৰা হৈছে নে?  নাই হোৱা ৷ বৰঞ্চ পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰতিবাদী ধাৰাটো "দিল্লীমুখী প্ৰৱণতা" কৰা হৈছে যেন অনুমান হ'য় ৷ আন্দোলনৰ প্ৰতিবাদী ধাৰাৰ এনে প্ৰৱণতাই বৃহৎ আন্দোলনটোক জনমুখী হোৱাত সহায় নকৰে ৷ এই দিল্লীমুখী প্ৰৱণতাই বড়োসকলৰ আৰ্থিক শক্তিক ভাঙি দিয়াৰ আশংকা নুই কৰিব নোৱাৰি ৷ এটা কথা মনত ৰখা প্ৰয়োজন যে এই দেশৰ প্ৰতি আমাৰ যিমান আন্তৰিকা আছে তাৰ বিপৰীতে দিল্লীৰ শাসকৰ দৃষ্টি আৰু অন্তৰত তেনে আন্তৰিকতা তিলমানো নাই ৷ কেৱল অসমেই নহ'য় ৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তেওঁলোকৰ এনে দৃষ্টিভংগী থকাটো কোনো আচৰিত কথা ...

অসমৰ বুকুত উত্থাপিত দ্বিতীয় শ্ৰেণী নাগৰিকৰ প্ৰশ্নঃ

Image
   খিলঞ্জীয়া আৰু ভুমিপুত্ৰ শব্দ দুটাৰ অৰ্থ একে নহ'য় ৷ এই শব্দ দুটাৰ ইংৰাজী অৰ্থ একে যদিও প্ৰকৃতাৰ্থত শব্দ দুটাই দুটা নিদিষ্ট সময়ৰ ব্যৱধান ল'য় ৷ সেয়ে অসমৰ ক্ষেত্ৰত এই শব্দ দুটাই কূটনীতি আৰু ৰাজনীতিৰ বেহুত নাগৰিকৰ পৰিচয় আৰু অধিকাৰত এক বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে ৷ শেষতীয়াকৈ শব্দই দুটাই অসমত ঐতিহাসিক ভাৱে বসবাস কৰা জনজাতিসকলৰ লগতে ৭০ দশকত বাংলাদেশৰ পৰা প্ৰৱজিত ধৰ্মীয় সম্প্ৰয়দায়ক লৈ এটা আউল লগা জটিল তথা অমিমাংসীত সমস্যাৰ সৃষ্টি কৰিছে ৷ এই শব্দ দুটাৰ ভেল্কীবাজীৰে এটা জাতিয়ে মুছলমান আৰু ভুমিপুত্ৰ জনজাতিৰ ওপৰত ৰঘুমলাৰ দৰে শিপাই জনজাতিৰ আত্ম-অধিকাৰ নিচিহ্ন কৰাৰ ধাৰাবাহিকতা বজাই ৰখা আৰু একাংশ দেশীয় মুছলমাৰ নাগৰিকত্বৰ বৈধতাত মুনাফা লুটাৰ চৰিত্ৰ তৈয়াৰ কৰি লৈছে ৷ এইটো নকলেও হ'য় যে তেওঁলোকৰ বাবে মুছলমান মানেই ৰাজনীতিত এক বৃহৎ সংখ্যা আৰু  ভুমিপুত্ৰ জনজাতিৰ বিপৰীতে অসমত নিজৰ স্হায়িত্বৰ খুপনি মজবুট কৰা ৷ প্ৰথমটো ভোট বেংকৰ ৰাজনীতিৰে শাসন লোৱা আৰু দ্বিতীয়টো এই ভুমিৰ আদিম অধিবাসীৰ ঐতিহাসিক আৰু বৰ্তমান সাংবিধানিক ভিত্তিত থকা অধিকাৰসমূহ ধ্বংস কৰা ৷ মুলতঃ অসমত উচ্চ বৰ্ণবাদী জাতিয়ে নিজৰ ...

হিন্দুত্ব, ইছলাম আৰু জনজাতিৰ অধিকাৰঃ

Image
অসমীয়া জাতীয়তাবাদী প্ৰতিষ্ঠান আৰু অসমীয়া বুদ্ধিজীৱিৰ উৰ্বৰ মগজুৰ আটাইতকৈ নিশকটীয়া ফচল দুটা হ'ল --- "হিন্দু-মুছলিম" ইচ্ছুত নিজৰে সাতামপুৰুষীয়া ঐক্য অসমীয়া সমাজক ধৰ্মীয় ঘৃণাৰে উত্তেজনা বিয়পাই সমাজ আশান্তি কৰা আৰু দ্বিতীয়, জনজাতীয় লোকৰ সাংবিধানিক অধিকাৰ কুক্ষিগত কৰা ৷ এই ঘৃণনীয় ধৰ্মীয় অশান্তি, ধৰ্মীয় ভাবুকি, সাধাৰণ মানুহৰ মনত অনাহক ধৰ্মীয় ক্ষয়ৰ চেতনা জগাই তোলাটো এতিয়া অসমীয়া জাতিয়তাবাদী প্ৰতিষ্ঠানিক শিৱিৰ আৰু অসমীয়া বুদ্ধিজীৱিৰ যেন দৈনিন্দন ৰুটিন ৷ নকৰিলে নহ'য় ৷ তদুপৰি এই প্ৰতিষ্ঠানিক শিৱিৰসমূহৰ এচামে সমাজৰ আগত বাগা সাজ পিন্ধি নিজৰ আত্মস্বাৰ্থ পূৰণৰ লক্ষ্যৰে জনতাক ভুল পথে পৰিচালিত কৰি ভুমিপুত্ৰ জনজাতিসকলৰ সংবিধানিক অধিকাৰৰ বিৰুদ্ধে "জেহাদ" কৰিবলৈ প্ৰৰোচিত কৰিছে ৷ দেখ দেখকৈ এই কথাই প্ৰতিষ্ঠানিক শিৱিৰ দুটাৰ চৰিত্ৰই নিজৰ শোষণকাৰী স্বৰূপ উদঙাই সাধাৰণ অসমীয়া ৰাইজক মুছলমান আৰু জনজাতি ভুমিপুত্ৰৰ বিৰুদ্ধে অধিক আক্ৰোশমূলক কৰি তুলিবলৈ ধৰিছে ৷ প্ৰথমটো সম্পূৰ্ণ এটা ধৰ্মীয় সম্প্ৰয়দাৰ বিৰুদ্ধে মাৰ বান্ধি সজোৰৰে নিজৰ ধৰ্মীয় সাম্ৰাজ্যবাদী নীতিৰে আন ধৰ্মক...

টেঞ্জিং বডোচাঃ দেহত ৰ'দ আৰু বৰষুণ নপৰা যুৱ কৃষক

Image
    বিটিএডিৰ ওদালগুৰি টাউনৰ পৰা ১২০ কিঃমিটাৰ দূৰত্বত অৱস্হিত এখন বড়োগাঁও ৷ ডিমাকুছি ৷এই ডিমাকুছি গাঁৱখনৰ গাতে লাগি আছে ভূটান৷ ভাৰতৰ এখন প্ৰতিৱেশী দেশ ৷ ভূটানৰ সীমাৰ কাষতে লাগি থকা ভাৰতবৰ্ষৰ এই অখ্যাত গাঁৱখনত এদিন লুকাই আছিল এটা সফলতাৰ জীয়া কাহিনী ৷ জৈৱিক চাহৰ সুগন্ধিৰে বিশ্ব জয় কৰিব পৰা এটা অদম্য যুৱ শক্তি ৷ বন্য জন্তু আৰু মানুহে মিলি বসবাস কৰি থকা এটা ৰোমাঞ্চকৰ বাস্তৱ ৷ ভূটাৰ পদদেশত বন্য জন্তু আৰু সেউজী প্ৰকৃতিৰ বুকুত লাহে লাহে ঠন ধৰি উঠা এটা উদ্যোগ ৷ বন্য প্ৰাণী আৰু মানুহে গাঢ় কৰা এটা সম্পৰ্ক ৷ ৰসহ্যঘন প্ৰকৃতিৰ অদম্য বিৰুধীতাৰ পাছতো হাৰ নামনা এটা এজন বড়ো যুৱকৰ এক উদ্যোমী বিপ্লৱ ৷ আৰু এদিন উদ্যামী সত্বাটোক প্ৰকৃতিয়ে আপোন কৰি লৈছিল নিজৰ বুকুত ৷     এই কাহিনী এজন বড়ো যুৱকৰ কাহিনী ৷ গাত ৰ'দ আৰু বৰষুণ নপৰা এজন জনজাতি বিপ্লৱী যুৱ কৃষকৰ কাহিনী ৷ কঠোৰ সংগ্ৰামক নিজৰ জীৱনৰ এক অভিন্ন অংগ কৰি লোৱা এজন কৰ্মশ্ৰী যুৱকৰ জীৱন ৷ বুকুত জীয়া যাতনাৰ কাহিনী লৈ প্ৰকৃতি সুৰক্ষাৰে এক সেউজ বিপ্লৱ সূচনা কৰা এজন সাহসী প্ৰকৃতি প্ৰেমী বড়ো কৃষক সন্তানৰ বাস্তৱ কাহিনী ৷ হ'য় মই...

জনজাতীয় মহিলাৰ থলুৱা বজাৰ উন্নয়নঃ বহিঃৰাজ্যৰ বণিকৰ বজাৰ আগ্ৰাসন প্ৰতিৰোধ

Image
   উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ জনজাতীয় সমাজবোৰত প্ৰকৃততে মহিলাসকলে বিশেষ ভুমিকা গ্ৰহণ কৰি আহিছে ৷ ঠাই বিশেষে উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজত মাতৃ বা মহিলাৰ গুৰুত্ব পুৰুষতকৈ বেছি যদিও প্ৰত্যেকটো জনজাতিৰ নিজৰ নিজৰ সমাজত মহিলাই ঘৰুৱা কামৰ লগতে পৰিয়ালৰ অৰ্থনীতিত অতি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে ৷ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত চিকিম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল, মিজোৰাম আৰু মেঘালয়ৰ সমাজ ব্যৱস্হা আৰু পৰিয়ালসমূহ পুৰুষপ্ৰধানৰ বিপৰিতে মাতৃপ্ৰধান হিচাপে এটা স্হান আছে ৷ যিটোত মহিলাসকলৰ ভুমিকা অপৰিসীম ৷ অসমৰ ক্ষেত্ৰত জনজাতি বুলি কলে ৰাভা, কাৰ্বি,ডিমাছা আৰু বড়োসকলৰ ভিতৰতহে মাতৃপ্ৰধান ব্যৱস্হাটো দেখা পোৱা যায় ৷ ডিমাছা, ৰাভা, বড়ো আৰু কাৰ্বিসকলৰ বাহিৰে অসমত অন্য জনজাতিৰ মাতৃপ্ৰধান সমাজ থকা দেখা নাযায় ৷ সেয়ে অসম আৰু ত্ৰিপুৰাক মাতৃপ্ৰধান ৰাজ্য বুলি কোৱা নহ'য় ৷ উপৰত উল্লেখিত ভাৰতৰ ৰাজ্যকেইখনৰ জনজাতীয় সমাজ ব্যৱস্হা পৰম্পৰাগত ভাৱে মাতৃপ্ৰধান হলেওঁ আজিও জনজাতীয় মহিলাই নিজৰ অধিকাৰ সমূহ যেনেদৰে পাব লাগিছিল ঠিক তেনেদৰে পাবলৈ সক্ষম হোৱা নাই ৷ ভাৰতৰ দৰে এখন উন্নয়নশীল দেশে আজিও নিজৰ দেশখনৰ...

उच्च शिक्शा में योग्यता की मान्यता:

Image
   उच्च शिक्षा में एक जनादेश के साथ एक अंतरसरकारी संगठन के रूप में, यूनेस्को सभी राज्यों के लिए उच्च गुणवत्ता और समेकित आजीवन सीखने के अवसरों को आगे बढ़ाने में नीति, शोध और अ...

पार-सीमा उच्छ शिक्षा पर दिशानिर्देश:

Image
   स्टीफन कल्लाओ (फ़्लिकर) पिछले दो दशकों में, छात्र, शैक्षणिक कर्मचारी, कार्यक्रम या संस्थागत गतिशीलता और व्यावसायिक गतिशीलता के माध्यम से सीमा पार से उच्च शिक्षा काफी ब...